বিতৰ্কৰ বাহিৰে সত্যৰ সন্ধানঃ বিশ্ব গ্ৰন্থমেলাত ইছলামিক গ্ৰন্থৰ চাহিদা বৃদ্ধি
মালিক আছগৰ হাচমী / নতুন দিল্লী
নতুন দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত বিশ্ব গ্ৰন্থমেলা ২০২৬ পূৰ্ণ গতিত চলি আছে। দেশ-বিদেশৰ পৰা অহা প্ৰকাশক, লেখক আৰু পঢ়ুৱৈৰ বিশাল সমাগমে প্ৰমাণ কৰে যে আজিৰ ডিজিটেল যুগতো গ্ৰন্থৰ প্ৰতি মানুহৰ আকৰ্ষণ কমি যোৱা নাই। এই বিশাল মেলাত শ শ কিতাপৰ বিপণীৰ ভিতৰত এনে এখন কিতাপৰ বিপণী আছে, যি বিশেষভাৱে চৰ্চা আৰু আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এই বিপণীখন হ’ল নতুন দিল্লীৰ মকতবা ইছলামী পাব্লিচাৰ্ছ(MMI Publishers)ৰ।
নতুন দিল্লীৰ বিশ্ব গ্ৰন্থমেলাত জামাত-ই-ইছলামীৰ কিতাপৰ বিপণী
মেলাত ভালদৰে চকু ফুৰালে এই বিপণীখনত অনবৰতে পাঠকৰ ভিৰ পৰিলক্ষিত হয়। উল্লেখ্য যে, এই গ্ৰন্থমেলালৈ অহা পাঠকৰ আগ্ৰহ সেইবোৰ গ্ৰন্থৰ প্ৰতি বেছি দেখা যায় যিবোৰ বিষয়ক লৈ সাম্প্ৰতিক বছৰবোৰত সমাজ আৰু ৰাজনীতিত ধাৰাবাহিক বিতৰ্ক আৰু বিবাদৰ সৃষ্টি হৈ আহিছে।
বিপণীৰ পৰিচালক আদিল গৌৰে জনায় যে এই কিতাপবোৰৰ প্ৰতি আগ্ৰহ বৃদ্ধি হোৱাৰ এটা ডাঙৰ কাৰণ আছে। তেওঁৰ মতে, ''সাম্প্ৰতিক সময়ত সমাজত এই বিষয়বোৰক লৈ ইচ্ছাকৃতভাৱে বিভ্ৰান্তি আৰু নেতিবাচক প্ৰচাৰ কৰা হৈছে।’’
এখন মাৰ্কজী মকতবা ইছলামী পাব্লিচাৰ্ছৰ নামত আৰু আনখন সবকী সেৱা পাব্লিচাৰ্ছ এণ্ড ডিষ্ট্ৰিবিউটৰ্ছৰ নামত। দুখন বিপণী হল নম্বৰ ২ ত ওচৰা-ওচৰিকৈ আছে আৰু পাঠকৰ মাজত সমানেই জনপ্ৰিয়।
এই সন্দৰ্ভত দিল্লীৰ জামাত-ই-ইছলামী হিন্দয়ে এক বিবৃতি জাৰি কৰি কয় যে প্ৰগতি ময়দানত অনুষ্ঠিত হোৱা বিশ্ব গ্ৰন্থমেলা হৈছে এক বিশ্বব্যাপী বিখ্যাত শৈক্ষিক আৰু সাহিত্য মেলা, য'ত সমগ্ৰ বিশ্বৰ বিশিষ্ট প্ৰকাশকসকলে তেওঁলোকৰ শ্ৰেষ্ঠ আৰু বহুমূলীয়া সৃষ্টিৰ সৈতে অংশগ্ৰহণ কৰে।
এই মেলাখন কেৱল কিতাপৰ ব্যৱসায়তে সীমাবদ্ধ নহয়, বৰং ই জ্ঞান, চিন্তাধাৰা, সংস্কৃতি আৰু আলোচনাৰ এক শক্তিশালী বিশ্বজনীন মঞ্চ।
বিবৃতিটোত বিশেষভাৱে সবকী সেৱা পাব্লিচাৰ্ছ এণ্ড ডিষ্ট্ৰিবিউটৰ্ছৰ বিপণীৰ কথা উল্লেখ কৰি কোৱা হৈছে যে ইয়াত হিন্দী ভাষাত ইছলামিক সাহিত্যৰ বিস্তৃত পৰিসৰ উপলব্ধ, যাক পাঠক, ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী আৰু অমুছলমান লোকেও অতি উৎসাহেৰে ক্ৰয় কৰি পঢ়ি আছে।