শতানন্দ ভট্টাচাৰ্য / হাইলাকান্দি
দক্ষিণ অসমৰ শিলচৰত অৱস্থিত অসম বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ ছায়েন্স বিভাগৰ অধ্যাপিকা শ্বাহীন আৰা বেগমক বিশ্বৰ অন্যতম শীৰ্ষ কাৰিকৰী সংস্থা 'ইনষ্টিটিউট অৱ ইলেকট্ৰিকেল এণ্ড ইলেকট্ৰনিক্স ইঞ্জিনীয়াৰ্ছ' (IEEE)-ৰ জ্যেষ্ঠ সদস্য পদত অন্তৰ্ভুক্ত কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰ ভিত্তিক এই সংগঠনটো বিশ্বব্যাপী প্ৰযুক্তিৰ উন্নতিত গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ বাবে পৰিচিত।
IEEE-ৰ ছিনিয়ৰ মেম্বাৰ গ্ৰেড এক সন্মানীয় মৰ্যাদা, যিটো কেৱল সেইসকলকহে প্ৰদান কৰা হয়, যিসকলে পেছাদাৰী পৰ্যায়ত উল্লেখনীয় কাৰিকৰী অৱদান, সুদীৰ্ঘ অভিজ্ঞতা আৰু নেতৃত্বৰ পৰিচয় দিয়ে। ইয়াক অভিযান্ত্ৰিক জগতত এজন পেছাদাৰী ব্যক্তিৰ সফলতা আৰু নেতৃত্বৰ স্বীকৃতি হিচাপে গণ্য কৰা হয়।
এক অনুষ্ঠানত অধ্যাপিকা শ্বাহীন আৰা বেগম
অধ্যাপিকা বেগমে কয়, “IEEE-ৰ পৰা এই স্বীকৃতি লাভ কৰি মই অত্যন্ত সন্মানিত অনুভৱ কৰিছো। মোৰ পেছাদাৰী অভিজ্ঞতা আৰু অৱদানৰ এই মূল্যায়ন সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক। IEEE-ৰ প্ৰায় পাঁচ লাখ সদস্যৰ ভিতৰত মাত্ৰ ১০ শতাংশ সদস্যহে এই গ্ৰেডলৈ উন্নীত হ’ব পাৰে, যিটো পেছাদাৰী পৰিপক্কতা আৰু উল্লেখনীয় সাফল্যৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰযুক্তি আৰু অভিযান্ত্ৰিক ক্ষেত্ৰখনৰ উন্নয়নত IEEE-ৰ ধাৰাবাহিক ভূমিকাক মই গভীৰভাৱে শ্ৰদ্ধা কৰোঁ।”
তেওঁ আৰু কয়, “যিসকলে মোক সদায় সমৰ্থন আৰু উৎসাহ দি আহিছে, তেওঁলোকৰ প্ৰতি মই কৃতজ্ঞ। তেওঁলোকৰ নিৰ্দেশনাই ভৱিষ্যতেও কম্পিউটাৰ বিজ্ঞান শিক্ষা আৰু গৱেষণাত অধিক অৱদান আগবঢ়াবলৈ মোক অনুপ্ৰাণিত কৰিব।”
IEEE-ৰ মানহাটান বিশ্ববিদ্যালয়ৰ ছাত্ৰ
বিশ্বৰ বৃহত্তম কাৰিকৰী সংগঠন হিচাপে IEEE-ৰ সদস্য সংখ্যা চাৰি লাখতকৈও অধিক আৰু ই ১৬০ খন দেশত নিজৰ কাৰ্যকলাপ চলাই আছে। ১৯৬৩ চনত প্ৰতিষ্ঠিত এই সংস্থাটোৱে প্ৰযুক্তিৰ অগ্ৰগতি, গৱেষণা, সন্মিলন, প্ৰকাশন আৰু মান নিৰ্ধাৰণৰ ক্ষেত্ৰত বিশ্বজুৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
অধ্যাপিকা শ্বাহীন আৰা বেগমৰ এই সফলতা অসম বিশ্ববিদ্যালয়ৰ বাবে গৌৰৱৰ বিষয়। বিশ্ববিদ্যালয় পৰিয়ালৰ মতে, IEEE-ৰ ছিনিয়ৰ মেম্বাৰ পদত তেওঁৰ অন্তৰ্ভুক্তি তেওঁৰ নিষ্ঠা, যোগ্যতা আৰু কম্পিউটাৰ বিজ্ঞানৰ ক্ষেত্ৰত তেওঁৰ প্ৰভাৱৰ এক স্পষ্ট প্ৰতিফলন। অসম বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা অধ্যাপিকা বেগমক এই সন্মানজনক সাফল্যৰ বাবে অভিনন্দন জনোৱা হৈছে।