পশ্চিম বংগৰ এখন পিছপৰা গাঁওক প্ৰগতিৰ পোহৰেৰে উজলাই তুলিছে মোস্তাক হোছেইনে

Story by  atv | Posted by  Munni Begum • 11 h ago
মোস্তাক হোছেইন
মোস্তাক হোছেইন
 
দেৱ কিশোৰ চক্ৰৱৰ্তী / মুৰ্ছিদাবাদ 
 
স্মৃতিৰ গৰাহত সোমাই পৰা পশ্চিম বংগৰ চন্দ্ৰা গাঁওখনক প্ৰগতিৰ পোহৰেৰে উজলাই তুলিছে মোস্তাক হোছেইন নামৰ এগৰাকী ব্যক্তিয়ে। তেওঁৰ দূৰদৰ্শী মনোভাৱ, ঔদ্যোগিক বিকাশ আৰু শিক্ষাৰ প্ৰতি সমৰ্থনে এসময়ৰ অচিনাকি এই গাঁওখনক নিজৰ সীমাৰ বহু বাহিৰত স্বীকৃতি প্ৰদান কৰিবলৈ সক্ষম হৈছে।
 
ভাৰত–বাংলাদেশ সীমান্তৰ ওচৰত মুৰ্ছিদাবাদ জিলাত অৱস্থিত চন্দ্ৰা গাঁও বহল বিশ্বৰ পৰা বহুদিনৰ পৰা লুকাই আছিল। কিন্তু আজি মোস্তাক হোছেইনৰ উদাৰতা আৰু দূৰদৰ্শিতাৰ বাবেই গাঁওখনে ভাৰতৰ মানচিত্ৰত এক বিশেষ স্থান অৰ্জন কৰিছে। মানুহে প্ৰায়ে প্ৰশ্ন কৰে: তেওঁ কেনেকৈ ইমান সফলতা লাভ কৰিলে? শৈশৱ আৰু পৰিয়ালৰ কি অভিজ্ঞতাই তেওঁক গঢ় দিছিল?
 
এক ৰাজহুৱা অনুষ্ঠানত মোস্তাক হোছেইন
 
উল্লেখ্য যে, চন্দ্ৰাৰ আশে-পাশে থকা অঞ্চল ঔৰংগাবাদ সদায় ধ্বংসৰ কৱলত পৰি আছে। পূব প্ৰবাহিত পদ্ম আৰু পশ্চিম প্ৰবাহিত গংগাৰ মাজত পৰি থকা এই ভূমি বছৰৰ পিছত বছৰ ধৰি বানপানী আৰু খহনীয়াৰ সন্মুখীন হয়। 
 
বিভাজনৰ পিছত অঞ্চলটোৱে এক অদ্ভুত সংকটৰ সন্মুখীন হ’বলগীয়া হৈছিল: বহু গাঁৱৰ মানুহে নিজৰ কৃষিভূমি বাংলাদেশ সীমান্তৰ সিপাৰে এৰি থৈ গৈছিল। আনহাতে তেওঁলোকৰ ঘৰ ভাৰততেই আছিল আৰু জীৱনটো আছিল অনিশ্চয়তা আৰু সংগ্ৰামেৰে ভৰা।
 
এই কঠিন পৰিৱেশতে মোস্তাক হোছেইনৰ জন্ম হৈছিল। আজি তেওঁ পশ্চিমবংগৰ এজন সুপৰিচিত উদ্যোগপতি, কিন্তু তেওঁৰ যাত্ৰা আৰম্ভ হৈছিল সাতটা প্ৰজন্মৰ সমৃদ্ধি আৰু সন্মান কঢ়িয়াই অনা পৰিয়াল এটাৰ পৰা। গাঁওখনৰ এজন ল’ৰা যে এদিন বংগৰ পিছপৰা মুছলমানসকলৰ বাবে আশাৰ ৰেঙনি হৈ পৰিব, সেই কথা কোনেও কল্পনা কৰিব পৰা নাছিল। 
 
এক গ্ৰন্থ উন্মোচনী সভাত মোস্তাক হোছেইন
 
এতিয়া ৰাজ্যখনৰ আগশাৰীৰ উদ্যোগপতিসকলৰ ভিতৰত হোছেইনৰ নামটো উল্লেখযোগ্য। তেওঁ কেৱল ব্যৱসায়িক সফলতাৰ বাবেই নহয়, গভীৰ মানৱীয় দায়বদ্ধতাৰ বাবেও ৰাইজৰ মাজত পৰিচিত। মুছলমান সম্প্ৰদায়ৰ বাবে তেওঁ এক নতুন পোহৰক প্ৰতিনিধিত্ব কৰে। ভক্তপ্ৰাণ মুছলমান ব্যক্তিজনে শিক্ষাক এক অভিযান হিচাপে লৈ নিজৰ জীৱনক সমাজৰ নামত উৎসৰ্গা কৰিছে। কিন্তু ইমান সফল উদ্যোগী এজনক স্কুলীয়া শিক্ষাৰ কামত ইমানখিনি উৎসৰ্গা কৰিবলৈ কিহে প্ৰেৰণা দিয়ে? বংগৰ গাঁও আৰু জিলাসমূহত গঢ় লৈ উঠা মিছন-পৰিচালিত বিদ্যালয়বোৰত তেওঁ কিয় সা-সুবিধা প্ৰদান কৰিছে
 
আৱাজ–দ্য ভইচৰ সৈতে হোৱা এক বাৰ্তালাপত হোছেইনে ব্যাখ্যা কৰে যে, “পশ্চিম বংগৰ নিবনুৱা যুৱক-যুৱতীসকলে সন্মুখীন হোৱা সামাজিক বঞ্চনাৰ অবিৰত চক্ৰই মোক সদায় গভীৰভাৱে বিচলিত কৰি আহিছে। মই অনুভৱ কৰিছো তেওঁলোকৰ হতাশা, তেওঁলোকৰ দৈনন্দিন দুখ-কষ্ট, আৰু তেওঁলোকৰ জীৱনৰ অনিশ্চয়তা।”
 
তেওঁ স্বীকাৰ কৰে যে কোনো ব্যক্তিয়েই এককভাৱে হাজাৰ হাজাৰ যুৱকৰ বাবে চাকৰিৰ সৃষ্টি কৰিব নোৱাৰে। কিন্তু তেওঁ দৰিদ্ৰতাক একমাত্ৰ দোষী হিচাপে গণ্য নকৰে। তেওঁ কয়, “মই বিশ্বাস কৰোঁ যে কেৱল দৰিদ্ৰতাই পিছপৰাৰ মূল কাৰণ নহয়। ইয়াৰ লক্ষণ হ’ব পাৰে, কিন্তু গভীৰ বিষয়টো হ’ল শিক্ষাৰ প্ৰতি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা অনিচ্ছা। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা এই উদাসীনতাই হৈছে সম্প্ৰদায়সমূহ পিছ পৰি থকাৰ মূল কাৰণ। সাহস আৰু দৃঢ়তাৰ অভাৱ আন এক কাৰণ।”
 
এক অনুষ্ঠানত মোস্তাক হোছেইন
 
মোস্তাক হোছেইনৰ মতে ইয়াৰ সমাধান ধৰ্মৰ মাজত শিপাই থকা প্ৰকৃত শিক্ষণ মনোভাৱক পুনৰুজ্জীৱিত কৰাত নিহিত হৈ আছে। তেওঁ কয়, “যদি আমি ইছলামৰ সহনশীল দৃষ্টিভংগী, শিক্ষাৰ ওপৰত ইয়াৰ গুৰুত্ব, নবীৰ আদৰ্শ, কোৰানৰ পথ প্ৰদৰ্শন, আৰু জ্ঞানক মূল্য দিয়া উন্নত সমাজৰ আদৰ্শৰ ওপৰত চিন্তা কৰোঁ, তেন্তে আমি উপলব্ধি কৰিম যে শিক্ষাৰ এক সামূহিক মঞ্চ গঢ়ি তোলাটো সদায় সম্ভৱ হৈ আহিছে আৰু এতিয়াও এয়া সম্ভৱ হৈছে। নহ’লে আন্ধাৰত থকাসকল আন্ধাৰতেই থাকিব আৰু পোহৰত থকাসকলকো তেওঁলোকে পিছলৈ টানি থাকিব।”
 
মুছলমান সম্প্ৰদায়ৰ জৰিয়তে লালন-পালন কৰা আৱাসিক বিদ্যালয়ৰ ক্ৰমবৰ্ধমান নেটৱৰ্কৰ বিষয়ে মোস্তাক হোছেইনে কয়, ‘এই বিদ্যালয়সমূহত কেৱল পাঠদানে কৰা নহয়। তেওঁলোকে আমাৰ সপোন, আমাৰ সামূহিক আন্দোলনক প্ৰতিনিধিত্ব কৰে—যাৰ অৰ্থ হৈছে জ্ঞান বিয়পাই দিয়া, নৈতিক চৰিত্ৰ গঢ়ি তোলা আৰু সেৱাৰ মনোভাৱ গঢ়ি তোলা। ইছলামে বহু শতিকাৰ আগতে সাৰ্বজনীন শিক্ষাৰ নীতি নিৰ্ধাৰণ কৰিছিল, আৰু ইয়াক আগুৱাই নিয়াটো আমাৰ কৰ্তব্য।”
 
হোছেইনৰ বাবে ধৰ্মীয় বিশ্বাসে দুটা নৈতিক দিশ প্ৰদান কৰে। সেয়া হৈছেঃ চুবুৰীয়াৰ কাষত থিয় হৈ দুখীয়াক আগুৱাই নিয়া আৰু শৰীৰ আৰু মন দুয়োটাকে লালন-পালন কৰাৰ বাধ্যবাধকতা পালন কৰা। এই মনোভাৱৰ দ্বাৰা পৰিচালিত হৈ হোছেইন আৰু তেওঁৰ সমৰ্থকসকলে সমগ্ৰ বংগত প্ৰায় পঞ্চাশখন আৱাসিক শিক্ষানুষ্ঠান স্থাপন কৰিছে।
 
তেওঁ কয়, “আমাৰ অভিযাৰ সফলতা এতিয়াও সম্পূৰ্ণ হোৱা নাই। এতিয়াও ই আংশিক হৈ আছে। কিন্তু বিশ্বাস, দৃঢ়তা, আৰু সম্প্ৰদায়ৰ প্ৰচেষ্টাৰ দ্বাৰা আমি এখন জ্ঞানী সমাজৰ সপোন বাস্তৱত পৰিণত কৰিব পাৰো।"