অপৰ্ণা দাস / গুৱাহাটী
সাংস্কৃতিক বৈচিত্ৰ্য আৰু পৰম্পৰাৰ সংমিশ্ৰণেৰে এক অনন্য সমাজৰ উন্মেষ ঘটা অসমৰ বৰাক উপত্যকাত উদয় হৈছে এক নতুন তাৰকা। মুছলমান ছোৱালীৰ মাজত ক্ৰীড়া বা যুদ্ধ কলাত অংশগ্ৰহণ কৰাটো এতিয়াও সামাজিক বাধা আৰু বিপদেৰে ভৰা সত্ত্বেও বৰাকৰ কাটিগড়ৰ ৱাকিফা বেগম নামৰ যুৱতীগৰাকীয়ে সকলো সীমাবদ্ধতা অতিক্ৰম কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰিছে। এইদৰে তেওঁ নতুন প্ৰজন্মৰ প্ৰেৰণাৰ নিদৰ্শন হৈ পৰিছে।
তেওঁৰ কাহিনীয়ে এনে এক যাত্ৰাৰ কথা বৰ্ণনা কৰে য’ত কঠোৰ পৰিশ্ৰম, পৰিয়ালৰ সহায় আৰু অটল দৃঢ়তাই একত্ৰিত হৈ এক উজ্জ্বল ভৱিষ্যত গঢ় দিছে। বৰাক উপত্যকাৰ এই কিশোৰীগৰাকীৰ সফলতাক লৈ আজি সমগ্ৰ অঞ্চল উৎফুল্লিত হৈ পৰিছে। মাত্ৰ ১৫ বছৰ বয়সতে নতুন দিল্লীত অনুষ্ঠিত অল ইণ্ডিয়া কাৰাটে চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰি তেওঁ বৰাক উপত্যকালৈ গৌৰৱ কঢ়িয়াই আনিছে। দশম শ্ৰেণীৰ ছাত্ৰী ৱাকিফাৰ এই সফলতা সমগ্ৰ কাছাৰ জিলাৰ লগতে অসমবাসীৰ বাবেও গৌৰৱৰ বিষয় হৈ পৰিছে।
ৱাকিফাৰ পিতৃ জামিৰ হুছেইন অসম আৰক্ষীত কৰ্মৰত, আৰু মাতৃ ইভেন্থি কাইনা এগৰাকী নাৰ্ছ। মাকে সৰুৰে পৰাই তেওঁক উৎসাহিত কৰিছিল, আৰু ই ৱাকিফাক যুদ্ধ কলাৰ প্ৰতি আগ্ৰহ গঢ়ি তুলিবলৈ প্ৰেৰণা যোগাইছিল। প্ৰথম অৱস্থাত বদৰপুৰৰ বিবেকানন্দ স্কুলত পঢ়ি থাকোঁতে কাৰাটেৰ প্ৰশিক্ষণ লৈছিল। তাতেই শিলচৰত অনুষ্ঠিত জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰি প্ৰথম সফলতা অৰ্জন কৰে। অৱশ্যে কৰ’ণা মহামাৰীৰ সময়ছোৱাত তেওঁৰ প্ৰশিক্ষণ বন্ধ হৈ পৰে।
চাৰ্টিফিকেট আৰু পদকৰ সৈতে ৱাকিফা
২০২১ চনত আদৰ্শ পাব্লিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত নামভৰ্তি কৰাৰ পিছত ৱাকিফাই পুনৰ উদ্যমেৰে নিজৰ সপোন পূৰণৰ পথ আৰম্ভ কৰে। স্কুলৰ অধীনত ‘শ্বাহনৱাজ ফ্লাইং ফিট একাডেমী’ৰ ক্লাছত যোগদান কৰি তেওঁ নিয়মীয়াকৈ প্ৰশিক্ষণ লোৱাৰ সুযোগ পাই, নিজৰ লক্ষ্যৰ দিশত দৃঢ়তাৰে আগবাঢ়ি গ’ল।
কঠোৰ পৰিশ্ৰমৰ ফলত তেওঁ ২০২৫ চনত দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰে। ফাইনেলত ৱাকিফাৰ প্ৰতিদ্বন্দ্বী আছিল বেংগালুৰুৰ প্ৰতিযোগী। মুছলমান কিশোৰী হোৱাৰ লগত জড়িত সামাজিক কলংক সন্দৰ্ভত উত্থাপিত প্ৰশ্নক লৈ ৱাকিফাই কয়, ‘মা সদায় মোৰ কাষত আছিল। তেওঁৰ সহায় অবিহনে মই ইমান দূৰলৈ নাহিলোহেঁতেন। মোৰ পৰিয়াল, প্ৰশিক্ষক আৰু স্কুলেও মোক সমানে অনুপ্ৰাণিত কৰিছে।”
ৱাকিফাৰ প্ৰশিক্ষক শ্বাহনাৱাজ আহমেদে কয়, ‘ৱাকিফা এগৰাকী অতি প্ৰতিভাৱান আৰু কঠোৰ পৰিশ্ৰমী ছাত্ৰী। অতি কম বয়সৰ পৰাই তেওঁৰ অনুশাসন আৰু দৃঢ়তা আছে। এনে মানসিকতা ছোৱালীৰ মাজত অতি বিৰল। নিয়মীয়া প্ৰশিক্ষণ আৰু সহায়ৰ দ্বাৰা তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ডাঙৰ সফলতা লাভ কৰিব পাৰে।”
আদৰ্শ পাব্লিক স্কুলৰ প্ৰধান শিক্ষকগৰাকীয়ে কয় যে আমাৰ এজন ছাত্ৰই ৰাষ্ট্ৰীয় পৰ্যায়ত পদক লাভ কৰাত আমি গৌৰৱান্বিত। আমি তেওঁক স্কুলৰ পৰাই সদায় সহায় কৰি আহিছো। আমি আশা কৰিছো যে ভৱিষ্যতে তেওঁ আৰু বহু ছোৱালীক অনুপ্ৰাণিত কৰিব।”
বিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠানত ৱাকিফাৰ যুদ্ধ কলা প্ৰদৰ্শনৰ এটা মুহূৰ্ত
বৰ্তমান ৱাকিফা পাৰ্পল বেল্টৰ কাৰাটেকা। কেৱল কাৰাটেতে নহয়, ৱাকিফা এগৰাকী উৎকৃষ্ট নৃত্যশিল্পীও। নৃত্যৰ জৰিয়তে সাংস্কৃতিক জগতৰ লগত তেওঁ চিনাকি হৈছিল। বিদ্যালয়ৰ বিভিন্ন অনুষ্ঠানত তেওঁ নৃত্যৰ প্ৰতিভাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে। সম্প্ৰতি নৃত্যৰ লগতে তেওঁ যুদ্ধ কলাকো জীৱনৰ অবিচ্ছেদ্য অংগ কৰি তুলিছে। নৃত্যৰ প্ৰতিভাই তেওঁৰ সাংস্কৃতিক পৰিচয়ক সমৃদ্ধ কৰিছে, আৰু কাৰাটেই তেওঁক অনুশাসন আৰু শক্তিৰ জগতখনৰ সৈতে পৰিচয় কৰাই দিছে।
ভৱিষ্যতে ভাল কাম কৰিবলৈ তেওঁ প্ৰশিক্ষণ অব্যাহত ৰাখিব বিচাৰে। ৱাকিফাৰ দৰে কিশোৰ-কিশোৰীসকলে দেখুৱাইছে যে ইচ্ছা থাকিলে পৰিয়াল আৰু সমাজৰ সহযোগত যিকোনো বাধা অতিক্ৰম কৰা সম্ভৱ। আজি ৱাকিফা কেৱল কাটিগড়ৰেই নহয়, সমগ্ৰ কাছাৰ জিলাৰ গৌৰৱ।