মাহফুজ আলম / পাটনা
প্ৰায় ত্ৰিশ বছৰ ধৰি অভাৱগ্ৰস্ত লোকৰ সেৱাত নিজকে ব্যস্ত ৰখা এজন চিকিৎক। নাম তেওঁৰ ডাঃ এম ইজাজ আলী। ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা জনপ্ৰিয় চিকিৎকগৰাকীৰ দৃঢ় বিশ্বাস যে সামাজিক সমতা আৰু দুখীয়াৰ অধিকাৰ সুৰক্ষা অবিহনে দেশৰ প্ৰকৃত উন্নয়ন অসম্ভৱ।
পিছপৰা লোকৰ ত্ৰাণকৰ্তা হিচাপে বহুলভাৱে পৰিচিত ডাঃ আলীৰ জীৱন কাহিনী অত্যন্ত সহজ-সৰল যদিও যথেষ্ট প্ৰেৰণাদায়ক। ১৯৫৮ চনত জন্মগ্ৰহণ কৰি অনাথ আশ্ৰমত ডাঙৰ-দীঘল হোৱা আলীৰ সন্মুখত দৰিদ্ৰতা হেঙাৰ হৈ পৰিছিল যদিও শৈক্ষিক দক্ষতা আৰু নিষ্ঠাৰ জৰিয়তে তেওঁ অৱশেষত বহু প্ৰতিষ্ঠিত পাটনা চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ সুযোগ লাভ কৰে।
ডাঃ এজাজ আলীয়ে ৰোগীৰ ৰিপৰ্ট পৰীক্ষা কৰাৰ পিছত পৰামৰ্শ দি থকা এক মূহুৰ্ত
বহু চিকিৎসকে আৰ্থিক সমৃদ্ধিৰ লক্ষ্যৰে চিকিৎসা খণ্ডক লাভজনক পেছালৈ ৰূপান্তৰিত কৰাৰ সময়তে ডাঃ আলীয়ে এটা সুকীয়া পথ বাছি লৈছিল। তেওঁ এনে এখন ক্লিনিক স্থাপন কৰিছিল য’ত ৰোগীৰ পৰা প্ৰথম অৱস্থাত মাত্ৰ ২ৰ পৰা ৩ টকা লোৱা হৈছিল আৰু আজিও মাত্ৰ ১০ টকাতে এই মাচুল সীমাবদ্ধ হৈ আছে।
চাৰি দশকৰো অধিক সময়ৰ পাছতো সুলভ স্বাস্থ্যসেৱাৰ প্ৰতি তেওঁৰ অটল দায়বদ্ধতা অপৰিৱৰ্তিত হৈ আছে। চিকিৎসা জীৱনৰ আৰম্ভণিৰে পৰাই দৰিদ্ৰ লোকৰ সেৱাত নিজকে উৎসৰ্গা কৰা ডাঃ আলীয়ে বিহাৰৰ দুৰ্গম অঞ্চল ভ্ৰমণৰ সময়ত মুছলমান সম্প্ৰদায়ৰ মাজত গভীৰভাৱে শিপাই থকা শৈক্ষিক, সামাজিক, অৰ্থনৈতিক পিছপৰা স্থিতি প্ৰত্যক্ষভাৱে দেখিবলৈ পাইছিল।
ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে তেওঁ সংবিধানৰ ৩৪১ অনুচ্ছেদৰ অধীনত এই সম্প্ৰদায়সমূহৰ বাবে অনুসূচিত জাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত আন্দোলন আৰম্ভ কৰে। তেওঁৰ এই অভিযানে পাটনা, দিল্লী, কলকাতা, লক্ষ্ণৌকে ধৰি ডাঙৰ ডাঙৰ চহৰসমূহ সামৰি লৈছে। ডাঃ আলীৰ দৃঢ় বিশ্বাস যে দলিত মুছলমানসকলক অনুসূচিত জাতিৰ মৰ্যাদা প্ৰদান কৰাটো তেওঁলোকৰ উত্থানৰ বাবে অতি গুৰুত্বপূৰ্ণ। তেওঁৰ মতে, ৩৪১ নং অনুচ্ছেদৰ অধীনত সাংবিধানিক স্বীকৃতি অসংখ্য সামাজিক অন্যায় সমাধানৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব।
এটা অনুষ্ঠানত ৰাইজে ডাঃ এম এজাজ আলীক ফুলৰ মালাৰে আদৰণি জনোৱা এক দৃশ্য
আজিও ডাঃ আলীয়ে ন্যায়ৰ অদম্য পোষকতা অব্যাহত ৰাখি শ শ ৰোগীৰ চিকিৎসা কৰি আছে। তেওঁৰ এই প্ৰচেষ্টাই পিছপৰা মুছলমান সম্প্ৰদায়ৰ মাজত সজাগতা বৃদ্ধি কৰিছে, যাৰ বহুতেই এতিয়া ৰাজনৈতিকভাৱে অধিক সচেতন আৰু নিজৰ অধিকাৰৰ প্ৰতি আত্মবিশ্বাসী। এই সম্প্ৰদায়সমূহৰ ভিতৰত শিক্ষা আৰু ৰাজনৈতিক সংযোগৰ প্ৰসাৰৰ ক্ষেত্ৰতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
শেহতীয়াকৈ পাটনাত অনুষ্ঠিত এক অনুষ্ঠানত ডাঃ আলীয়ে পিছপৰা মুছলমানসকলক অত্যাচাৰ প্ৰতিৰোধ আইনৰ অধীন (Prevention of Atrocities Act)ত অন্তৰ্ভুক্ত কৰাৰ আহ্বান জনাই এক বৃহৎ সমাৱেশৰ আয়োজন কৰে। তেওঁৰ মতে এনে আইনী সুৰক্ষাই সাম্প্ৰদায়িক উত্তেজনা আৰু হিংসা হ্ৰাস কৰিব পাৰে।
ডাঃ আলীৰ বাবে অৰ্থপূৰ্ণ সমাজ সেৱাৰ বাবে ব্যক্তিগত ত্যাগ আৰু অটল আশাবাদী মনোভাৱৰ অত্যন্ত প্ৰয়োজন। বঞ্চিত মুছলমান জাতিসমূহক ৰাষ্ট্ৰীয় মূলসুঁতিলৈ অনাৰ বাবে চৰকাৰক তেওঁৰ প্ৰস্তাৱ কাৰ্যকৰী কৰিবলৈ ডাঃ আলীয়ে সঘনাই আহ্বান জনায়। নিজৰ পৰিয়ালৰ প্ৰথমজন চিকিৎসক হিচাপে ডাঃ আলীয়ে গ্ৰাম্য আৰু পিছপৰা অঞ্চলৰ পৰিৱৰ্তনকাৰী হিচাপে নিজৰ ভূমিকাক লৈ অপৰিসীম গৌৰৱ অনুভৱ কৰে।
বিহাৰৰ ৰাজ্যপাল আৰিফ মহম্মদ খানক আদৰণি জনাইছে ড° এম এজাজ আলীয়ে
তেওঁৰ কেইবা দশকজোৰা কাম-কাজে দলিত মুছলমানসকলৰ মাজত এক নতুন আত্মবিশ্বাসৰ সৃষ্টি কৰিছে, যিসকলে এতিয়া ৰাজনৈতিক বক্তৃতাৰ ওপৰত নিৰ্ভৰ কৰাসকলৰ পৰিৱৰ্তে প্ৰকৃত সমস্যাসমূহ সমাধান কৰা নেতা আৰু প্ৰতিনিধিসকলক অগ্ৰাধিকাৰ দিয়ে।
ডঃ আলীয়ে ছদ্ম ধৰ্মনিৰপেক্ষতাবাদ আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ সমালোচনা কৰে, যিয়ে দেশখনৰ স্থায়ী ক্ষতি কৰিছে বুলি তেওঁ বিশ্বাস কৰে। তেওঁ যুক্তি দিয়ে যে ভাৰতৰ প্ৰকৃত প্ৰগতি হ'বলৈ মৌলিক বিষয়সমূহৰ ওপৰত গুৰুত্ব দিব লাগিব, যেনে-চাকৰি, আৱাস, শিক্ষা আৰু মৌলিক ৰাজহুৱা সেৱা। তেতিয়াহে দেশখন শান্তি, সমৃদ্ধি আৰু ন্যায়ৰ সৈতে আগবাঢ়িব পাৰিব।