বিলাসী বিয়াৰ পৰিৱৰ্তে শিক্ষা খণ্ডত বিনিয়োগ কৰকঃ ভাৰতীয় মুছলমানক আহ্বান মৌলানা মাহমুদ মাদানীৰ

Story by  atv | Posted by  [email protected] • 18 h ago
আৱাজ-দ্য ভইচৰ মুখ্য সম্পাদক আতিৰ খানৰ সৈতে সাক্ষাৎকাৰত মৌলানা মাহমুদ মাদানী
আৱাজ-দ্য ভইচৰ মুখ্য সম্পাদক আতিৰ খানৰ সৈতে সাক্ষাৎকাৰত মৌলানা মাহমুদ মাদানী
 
নতুন দিল্লী

জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মৌলানা মাহমুদ মাদানীয়ে ভাৰতীয় মুছলমানসকলক অন্ততঃ অহা ২০ বছৰলৈ বিলাসী বিয়াৰ পৰিৱৰ্তে শিক্ষা খণ্ডত বিনিয়োগ কৰিবলৈ আহ্বান জনাইছে। পূৰ্বৰ দৰে তেওঁ পুনৰবাৰ উল্লেখ কৰে যে মুছলমানসকলে সম্প্ৰদায়টোৰ উন্নতিৰ বাবে শিক্ষাৰ ওপৰত এককভাৱে মনোনিৱেশ কৰিব লাগিব।
 
আৱাজ-দ্য ভইচৰ মুখ্য সম্পাদক আতিৰ খানৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত মাদানীয়ে কয় যে ভাৰতীয় মুছলমানসকলে বহুখিনি সাফল্য লাভ কৰিছে, তথাপিও প্ৰতিটো শিশুৱে স্কুললৈ যোৱাৰ আগতে আৰু সমাজে শিশুৰ শিক্ষাক মূল্য দিবলৈ আৰম্ভ কৰাৰ আগতে তেওঁলোকৰ বহু দূৰ যাবলগীয়া আছে।
 
মন কৰিবলগীয়া যে জমিয়ত উলেমা-ই-হিন্দ (JUH)-এ ধৰ্মীয় ভিত্তিত ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল। সেই সময়ৰ ইছলামিক পণ্ডিতৰ সৰ্ববৃহৎ গোট হিচাপে পাকিস্তানৰ দাবীক সমৰ্থন কৰিবলৈ অস্বীকাৰ কৰাটো দুটা ৰাষ্ট্ৰৰ তত্ত্বৰ বাবে এক ডাঙৰ বিপৰ্যয় আছিল।
 
মাহমুদ মাদানীয়ে ভাৰত ভ্ৰমণৰ সময়ত পাকিস্তানৰ ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ সৈতেও মুখামুখি হৈছিল। পাকিস্তানে ভাৰতীয় মুছলমানৰ বিষয়টো কিয় সদায় উত্থাপন কৰে বুলি তেওঁ মুশ্বাৰফক প্ৰশ্ন কৰিছিল। পাকিস্তানী ৰাষ্ট্ৰপতিক অতিথিসকলে প্ৰশ্ন কৰা এক সমাৱেশত ভাষণ দি মাদানীয়ে কৈছিল যে ভাৰতীয় মুছলমানসকল ভাৰতীয় সংবিধানৰ অধীনত তেওঁলোকৰ সমস্যাসমূহ চম্ভালিবলৈ সক্ষম, যিয়ে তেওঁলোকক সম অধিকাৰ প্ৰদান কৰে।
 
ভাৰতীয় মুছলমান সন্দৰ্ভত আতিৰ খানক তেওঁ কয়, "আমি যদি আগবাঢ়িছো তেন্তে আমাৰ দেশৰ ইয়াত ডাঙৰ ভূমিকা আছে। তেওঁলোকৰ সহায় অবিহনে সেয়া সম্ভৱ নহ'লহেঁতেন। আজি আমি যি স্থানত আছো সেয়া আমাৰ ভাই-ভনীৰ সমৰ্থন অবিহনে সম্ভৱ নহ’লহেঁতেন। কিন্তু এতিয়া আমাক অধিক সমৰ্থনৰ প্ৰয়োজন কাৰণ আমি এতিয়াও য’ত থাকিব লাগিছিল তাত উপনীত হোৱা নাই।"
 
ভাৰতীয় মুছলমানসকলৰ অৱস্থাৰ বিষয়ে কোৱাৰ সময়ত মাদনীয়ে কয় যে ভাৰত নিৰ্মাণত মুছলমানসকলৰো অংশ আছে, আৰু তেওঁলোকৰ অগ্ৰগতিৰ ক্ষেত্ৰতো ভাৰতৰ দায়িত্ব আছে। “মুছলমানে যদি নিজৰ বাবে কিবা এটা সাধন কৰিছে, তেন্তে তেওঁলোকেও দেশৰ সেৱা কৰিছে। স্বাধীনতাৰ পিছত যেতিয়া দেশে বলিদান বিচাৰিছিল, তেতিয়া মুছলমানসকল পিছপৰি থকা নাছিল; তেওঁলোকে আদৰ্শ দেখুৱাইছিল।”
 
 
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত দেশবাসীয়ে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ সন্মুখত ঐক্য-সংহতি বজাই ৰখাৰ বাবে তেওঁ সকলো ভাৰতীয় আৰু বিশেষকৈ হিন্দুসকলক প্ৰশংসা কৰে। 
 
মাদানীয়ে সোঁৱৰাই দিয়ে যে স্বাধীনতাৰ পিছত ভাৰতৰ ৯৯ শতাংশ শিক্ষিত আৰু সফল মুছলমান পাকিস্তানলৈ প্ৰব্ৰজন কৰিছিল, আনহাতে তুলনামূলকভাৱে কম শিক্ষিত মুছলমান ভাৰতত থাকি গ’ল। "পাকিস্তানত শিক্ষিত মুছলমানৰ সংখ্যা বহুগুণে বৃদ্ধি পালে, কিন্তু আজি তেওঁলোক ক'ত, আৰু ভাৰতৰ মুছলমান ক'ত?" অৱশ্যে দেশত মুছলমানসকলে সমস্যাৰ সন্মুখীন হোৱা বুলিও তেওঁ স্বীকাৰ কৰে।
 
মাদানীয়ে স্পষ্ট কৰি দিয়ে যে “জমিয়ত উলামা-ই-হিন্দ” কেৱল মুছলমানৰ বাবে নহয় সমগ্ৰ ভাৰতৰ বাবে। তেওঁ কয়, “দেশৰ বাবে দহটা প্ৰভাৱশালী সংগঠনৰ তালিকা এখন বনালে তেতিয়া জমিয়ত উলামা-ই-হিন্দো তাত থাকিব। ইয়াৰ কাৰণ হৈছে এয়া মুছলমান সংগঠন। তেওঁলোকৰ দায়িত্ব মুছলমানৰ হৈ কথা কোৱা আৰু লগতে তেওঁলোকৰ যত্ন লোৱা।”
 
মাদনীয়ে কয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুছলমান, আৰু বিশেষকৈ বাংলাভাষী মুছলমানৰ প্ৰতি থকা মনোভাৱত তেওঁ বিচলিত। তেওঁ অভিযোগ কৰে যে ই বৈষম্যমূলক আৰু অপমানজনক।