পুলিন ডেকা
বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ বিশাল সৃষ্টিৰাজীৰে যুগ-যুগান্তৰ বাবে অসমীয়া জাতিৰ স্বকীয়াক এনে এক পৰ্যায়লৈ উত্তৰণ ঘটালে, সেয়া সদায়ে সোণালী অধ্যায় হৈ ৰ'ব। ভাৰতৰত্ন ভূপেন হাজৰিকাই ইতিহাস আৰু বাস্তৱৰ সমাহাৰেৰে বিশ্বপ্ৰেমৰ উজ্বল নিদর্শন দেখুৱাই গ'ল। ৰাষ্ট্ৰীয় ভাৱনাৰে জাতীয় চিন্তাৰ প্ৰবাহক নতুন গতি প্রদান কৰি এটা আত্মবিশ্বাসী অসমীয়া জাতিৰ সৌধ নির্মাণ কৰি এক নতুন আয়তন সংযোজন কৰে।
সুধাকণ্ঠ ভাৰতবৰ্ষৰ সংগীত জগতৰ অমৰ ব্যক্তিসত্ত্বা। বহুমুখী পৰিচয়ে তেওঁক এক অনুষ্ঠানলৈ ৰূপান্তৰিত কৰিলে। ভূপেন হাজৰিকাৰ সংগীতৰ অন্যতম বৈশিষ্ট্য আছিল মানুহক মানৱতাৰ সৈতে সংযুক্ত কৰা। ধৰ্ম, ভাষা, জাতি, প্রাদেশীকতাবাদৰ উর্দ্ধত সংগীতৰ অনুৰাগেৰে মানুহৰ হৃদয়বৃত্তত নতুন আলোড়নৰ সৃষ্টি কৰিছিল। ধৰ্মীয় একতাৰ অৰ্থ- বিভিন্ন ধর্মত বিশ্বাস থকা মানুহৰ মাজত পাৰস্পৰিক সন্মান, সহানুভূতি আৰু সহা সহাবস্থানৰ মনোভাব। ভাৰত ধৰ্মীয় বৈশিষ্ট্যপূর্ণ দেশ, ৰাষ্ট্ৰৰ মিলনৰ এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাটো সকলোৰে পৰম কৰ্তব্য।
মহম্মদ ৰফিৰ সৈতে ড০ ভূপেন হাজৰিকা
ভূপেন হাজৰিকাই দেশৰ ঐতিহ্যৰ প্ৰতি আনুগত্যশীল কৰি তুলিবলৈ সংগীতৰ মাধ্যমেৰে একতাৰ মহানবাণী উজ্জীৱিত কৰি তুলিছে। শিল্পীগৰাকীৰ সংগীত সমাজৰ দাপোনস্বৰূপ। তেওঁৰ গীতত সাম্প্রদায়িকতা, সামাজিক বিভাজন আৰু ধৰ্মীয় মেৰুকৰণৰ বিৰুদ্ধে প্রতিবাদ দেখিবলৈ পোৱা যায়। তেওঁ গভীৰভাৱে বিশ্বাস কৰিছিল ধৰ্মৰ মূলমন্ত্ৰ হৈছে মানৱতা।
পৱিত্ৰ গংগা, ব্রহ্মপুত্র, পদ্মাক তেওঁ ধর্মীয় দৃষ্টিৰে চোৱা নাছিল। বৰং একতাৰ অমোঘ শক্তি হিচাপে প্রতিপন্ন কৰিছিল। 'আমি একেখন নাওৰে যাত্রী', এইয়া হাজৰিকাদেৱৰ সমন্বয়ৰ এক আলোকোজ্জ্বল বার্তা। হাজৰিকাদেৱৰ সংগীত কোনো ধর্মীয় আবেগ নহয়, ই হৈছে জনগণৰ হৃদয়ৰ ভাষা। তেওঁ ইয়াকো বিশ্বাস কৰিছিল ভাৰতৰ সঁচা শক্তি হৈছে, ইয়াৰ বিবিধতাৰ মাজত নিহিত হৈ থকা একতা।
ভূপেন হাজৰিকা এগৰাকী শিল্পী হ'লেও তেওঁৰ দৰ্শনত মানৱীয় চেতনাৰ ভিন্নমুখী দিশসমূহ অতি সাৱলীলভাৱে প্রকাশিত হৈছে। ভূপেন হাজৰিকাই সদায়ে সত্যক অন্বেষণ কৰিছিল। মানুহৰ হৃদয়ৰ সিন্ধুত সেই সত্য অনুধাৱন কৰিছিল। তেওঁ 'জুই লই নেখেলিবি' গানত সেইবাবে লিখিছিল-
'আজান ফকীৰ আৰু লক্ষ্মীনাথৰ
একে ধ্যান একেটি আশাৰ।
মোজাম্মিল, অনিলো হ'ল একে শৰতৰ
দুটি ফুল, একেটি ভাষাৰ।'
শংকৰ-মাধৱৰ পৰা আৰম্ভ কৰি জনগোষ্ঠীয় অৰিহণাৰ কথা উল্লেখ কৰি বহু ভাৰতবাসীয়ে অসমক আকোঁৱালি লোৱাৰ প্ৰসংগটো তেওঁৰ গানত স্পষ্ট আৰু তেওঁলোক প্ৰতিগৰাকীয়ে অসমীয়া বুলি অভিহিত কৰিছে। তেওঁলোকে জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানেই ৰাজ্যখনক সমৃদ্ধ কৰিছে। কিন্তু দূৰণিৰ পৰা আহি অসম মাতৃত বিলীন নোহোৱা সকলৰ প্ৰতিও ক্ষোভ উজাৰিছে।
এক অনুষ্ঠানত গীত পৰিবেশন কৰি থকা অৱস্থাত ড০ ভূপেন হাজৰিকা
আজান ফকীৰে ধৰ্ম আৰু সংস্কৃতিৰে, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ভাষা আৰু সংস্কৃতিৰে জাতিটোক জীপাল কৰিছে। কিয়নো তেওঁলোকৰ একেই আশা, একেই উদ্দেশ্য- জাতি নিৰ্মাণ কৰা। ভাষা আন্দোলনৰ শ্বহীদ অনিল আৰু মোজাম্মিলে অসমীয়া ভাষাৰ হকে জীৱন অর্পণ কৰিলে। হাজৰিকাদেৱে এনে সুন্দৰ আলোকপাতৰ নিদর্শনে জাতীয় চিন্তাধাৰাক প্রগাঢ় কৰি তুলিছে। হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ বাবে মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শৰে 'মহাত্মাই হাঁসি বোলে' শীৰ্ষক গীতটি, সমন্বয়ৰ এক অন্যতম নিদর্শন।
'মহাত্মাই হাঁসি বোলে,
ৰাম অ' ৰহিম, বান্ধ ৰাম অ' ৰহিম।
একেলগে একে সঙ্গে বান্ধৱ পাতিম
হায় হায় ৰাম অ' ৰহিম।'
ভূপেন হাজৰিকাৰ এই গানটিয়ে সমগ্ৰ ভাৰতবাসীৰ বিবেকক স্পৰ্শ কৰিছিল। মহামানৱ মহাত্মাৰ সমন্বয়ৰ আদৰ্শক সাৰোগত কৰি তেওঁ আজীৱন একতাৰ মহামন্ত্ৰৰে জাতিটোক আগবাঢ়ি যোৱাৰ প্ৰেৰণা সমন্বয়ৰ আদৰ্শক সাৰোগত কৰি তেওঁ আজীৱন একতাৰ মহামন্ত্ৰৰে জাতিটোক আগবাঢ়ি যোৱাৰ প্ৰেৰণা যোগাইছিল।
তেওঁ কৃষ্ণ, শিৱ আৰু ইব্রাহিম একেই হৰিৰ দুটা সত্ত্বা হিচাপে অভিহিত কৰিছে। গীতা আৰু বেদ হিন্দুৰ পৱিত্ৰ গ্ৰন্থ। আনহাতে কোৰাণ মুছলমানসকলৰ পবিত্ৰ গ্ৰন্থ। তেওঁ উপলব্ধি কৰিছিল যে, ধর্মীয় গ্রন্থই একেই পৰিভাষাকে সূচায়। ইজনে-আনজনৰ ধৰ্মীয় অনুভূতিক বুজিবলৈ প্রয়াস চলাব লাগে। সেইবাবে হাজৰিকাদেৱে কৈছে-
মহাত্মাই হাঁসি বোলে,
গীতাকে শুনিম বান্ধ বেদকে শুনিম
শুনি পিছে কোৰাণৰ আয়াতকে বুজিম
হায় হায় ৰাম অ' ৰহিম
মন্দিৰ, মছজিদ পবিত্ৰ উপাসনাস্থলী। মন্দিৰত দেৱতাক পূজা কৰা হয়। মানৱতাৰ পূজাৰীসকলক মছজিদৰ ভেটি নাভাঙিবলৈ আহ্বান জনাইছে। তেওঁ সকলো ধৰণৰ হিংসাৰ বিৰোধিতা কৰিছিল। মৰমৰে মানুহৰ হৃদয় জয় কৰা জনহে প্রকৃত ব্যক্তি।
লতা মংগেস্কাৰৰ সৈতে ড০ ভূপেন হাজৰিকা
প্রতিটো জাতি-জনগোষ্ঠীৰ মনৰ বেদনা তেওঁ উপলব্ধি কৰিব পাৰিছিল। সংখ্যালঘুসকলৰ নিৰাপত্তাৰ প্ৰতীক হৈ একত্ৰিত সমাজ গঢ়াৰ বাবে দেখুওৱা আদর্শ আজিও সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস। সংখ্যালঘুসকলে ভয়ার্ত জীৱনৰ মাজেৰে সমাজলৈ অৰিহণা আগবঢ়াব নোৱাৰে। তেওঁলোকৰ মনত আশাক জীপাল কৰাটো এক সমাজিক দায়িত্ব।
সংখ্যালঘু কোনো সম্প্ৰদায়ৰ
ভয়ার্ত মনটিৰ
নুফুটা আর্তনাদ
নিজেই প্রকাশ কৰি
মিঠা যেন এটি নিৰাপত্তা হওঁ
নিৰাপত্তা হওঁ, সুধাকণ্ঠ হওঁ
ভূপেন হাজৰিকাই লোকগীত, বৰগীত, বনগীত আদি থলুৱা লোকসংস্কৃতিৰ আধাৰত গোৱা গীতসমূহ বৃহৎ সম্পদ। তেওঁ আজান ফকীৰৰ 'জিকিৰ আৰু জাৰী' পৰিৱেশন কৰি দেখুৱাই দিছিল, এই গীতে কিদৰে অসমৰ সংস্কৃতিৰ পথাৰখন চহকী কৰিছে। ঐতিহ্যই এখন ৰাষ্ট্ৰৰ গৰিমা প্রকাশ কৰে। সেইবাবে গণশিল্পীগৰাকীয়ে ঐতিহ্যৰ বিষয়টো তেওঁৰ গানৰ মাজেৰে প্ৰতিফলিত কৰিছে।
পুৱতি নিশাৰ শেষ আজানৰ স'তে আজান
যমুনাত তুলি
শত ধুমুহাৰ কোলাহল
তাজমহল, তাজমহল
'আজিৰ ঈদ মজলিছতে' এই গীতটো সমন্বয়ৰ এক সজীৱ দলিল। অসমৰ সমন্বয়ৰ ইতিহাসৰ বৰ্ণনাৰে সুধাকণ্ঠই জাতীয় জীৱনত সিঁচি গৈছে মিলনৰ সেতু।
ড০ ভূপেন হাজৰিকাই ঘৰৰ কাম কৰি থকা এক দৃশ্য
হাজোৰ পোৱামক্কা আৰু তাৰ কাষতে মাধৱ মন্দিৰ, শংকৰদেৱে ইছলামক দিয়া সন্মান, আজান ফকীৰে জিকিৰ ৰচনা কৰি অসমীয়া ভাষাক সমৃদ্ধ কৰা, দিলোৱাৰ দোচাৰ শ্ৰীহস্তীপুঁথি অংকণ, লক্ষ্মীধৰে চিৰাজ ককাৰ গুণ বখনা, ফৰমুদ আলীয়ে বাউল হৈ মুক্তিৰ গীত ৰচনা কৰা, বাহাদুৰ গাঁওবুঢ়াই জান দি মণিৰামক সেৱা আগবঢ়োৱা- গীতটোৰ এই বর্ণনাই মিলনৰ এক ঐক্যতান গঢ়ে। হাজৰিকাদেৱে এই গীতটোত ইয়াকো কৈছে-
কোৰাণ গীতাই ইনচানকে ইনচান হ'ব কৈছে
ৰাম ৰহিমে ঘাম মচি এটা জাতি গঢ়িছে
'ৰংপুৰ তোমাৰ হে নাম' শীর্ষক গীতটোৰ মাজেৰে অসমীয়া জাতিৰ স্বকীয়তাক মহীয়ান কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ পুৰোধা ব্যক্তিসকলক সোঁৱৰিছে। ৰংপুৰৰ পৰা সেই যাত্ৰা আৰম্ভ কৰিছে হাজৰিকাদেৱে। আহোমৰ সমন্বয়ৰ ভেটি, বৰাক-ব্ৰহ্মপুত্ৰৰ সেতু বন্ধন, জাতি-জনগোষ্ঠীৰ বিকাশৰ উজ্বল দিশ তুলি ধৰি জাতি গঠনৰ প্ৰক্ৰিয়াত থকা ছবি এখন দেখুৱাইছে। ভাষাক তেওঁ সমন্বয়ৰ মঞ্চ হিচাপে সঞ্জীৱিত কৰিব বিচাৰিছিল। সেইবাবে তেওঁ কৈছে-
দিখৌমুখৰ স'ৰাগুৰিৰ হে গধূলি প্রভাতে
হজৰত শ্বাহ মীৰান হাঁহি আছে তাত হে।
অসমীয়া সাহিত্যৰ হে জিকিৰ আৰু জাৰী
সময়ৰ ধ্বজা উৰায় জয় ঘোষণা কৰি হে।
অসমীয়া জাতিৰ সমন্বয়ৰ সাধক ড০ ভূপেন হাজৰিকাই দি যোৱা অৱদান আজি জাতীয় গৌৰৱলৈ ৰূপান্তৰিত হৈছে। অসমীয়া জাতিয়ে মহান শিল্পীগৰাকীৰ আদৰ্শৰে সমন্বয়ৰ ধাৰা অব্যাহত ৰাখি এখন বিকশিত ৰাজ্য গঠনৰ বাবে সংকল্পব্ধ হ'ব লাগিব। তেওঁৰ আকাশস্পর্শী সৃষ্টিৰাজিৰ গৰিমাৰে জীৱনৰ বাটত আগুৱাই যোৱাৰ বাবে নতুন প্ৰজন্মই নিজৰ মানসিকতাত এই সাঁচ বহুৱাব লাগিব।
(লেখক এগৰাকী সাহিত্য়িক)