হাজাৰ হাজাৰ লোকৰ জীৱিকাৰ পথ মুকলি কৰি মহানতা প্ৰদৰ্শন কৰিছে জাহাংগীৰ মালিকে

Story by  atv | Posted by  [email protected] • 3 h ago
জাহাংগীৰ মালিক
জাহাংগীৰ মালিক
 
কুটুব আহমেদ / নাদিয়া

পশ্চিম বংগৰ নাদিয়া জিলাৰ শান্তিপুৰ শ্ৰীধাম চহৰখন সদায় সাম্প্ৰদায়িক সম্প্ৰীতিৰ স্থান হিচাপে পৰিচিত হৈ আহিছে। শান্তিপুৰ ধাম যেনেকৈ মহাপ্ৰভু শ্ৰী চৈতন্য দেৱৰ গুৰু অদ্বৈত আচাৰ্যৰ জন্মস্থান, ঠিক তেনেকৈ এই সৰু চহৰখনে বখতিয়াৰ খিলজীৰ আগমনৰ ইতিহাসো বহন কৰে। এই চহৰৰ এফালে বংগৰ বিখ্যাত শ্যাম চান্দ মন্দিৰ, আৰু আনফালে আছে কেইবাশ বছৰীয়া টপখানা মছজিদ।

মুঠতে ঐতিহাসিক দৃষ্টিকোণৰ পৰা এই চহৰখন অতি গুৰুত্বপূৰ্ণ। বিশেষকৈ শান্তিপুৰত বহু যুগ ধৰি হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ লোকে একতা-সম্প্ৰীতিৰে বসবাস কৰি আহিছে। এই চহৰখন কবি কৃতিবাস ওঝা, কবি যতীন্দ্ৰনাথ সেনগুপ্ত, কবি মোজামেল হক, কবি কৰুণানিধন বেনাৰ্জী আৰু বংগৰ প্ৰাক্তন শিক্ষামন্ত্ৰী ছাৰ আজিজুল হকৰ স্মৃতিৰে সমৃদ্ধ।

শান্তিপুৰৰ অত্যন্ত গৌৰৱৰ সামগ্ৰী হৈছে তাঁতশালৰ শাড়ী। চহকী পৰম্পৰা থকা শান্তিপুৰৰ তাঁতশালৰ শাড়ীয়ে ৰাজ্য আৰু দেশৰ সীমাৰ বাহিৰত আনকি বিদেশতো খ্যাতি অৰ্জন কৰিছে। শান্তিপুৰত এই শাড়ীৰ বাবে দুখন বিশাল বজাৰ আছে। বজাৰ দুখনৰ নাম হৈছে ‘বংগৰ হাট’ আৰু ‘ঘোষ মাৰ্কেট’। শান্তিপুৰ ৰেলৱে ষ্টেচন বা শান্তিপুৰ ডাকঘৰৰ বাছ ষ্টেণ্ডৰ ঠিক পশ্চিমে সূত্ৰগড় অঞ্চল। আকৌ মতিগঞ্জ মৰে বা কলনাৰ পৰা ভাগীৰথী নদী পাৰ হৈ সূত্ৰগড়লৈ যাব পাৰি। বহু যুগৰ পৰা সূত্ৰগড়ৰ বুকুত থিয় হৈ আছে এই দুয়োখন বজাৰ। 
 
কাৰ্যালয়ত জাহাংগীৰ মালিক 
 
অৱশ্যে, জনপ্ৰিয়তাৰ বাবে ঘোষ মাৰ্কেটৰ কাপোৰৰ বজাৰৰ চাহিদা দিনক দিনে বাঢ়িছে। ইয়াৰ অন্যতম প্ৰধান কাৰণ হ’ল জে.এম.বজাৰ। ঘোষ মাৰ্কেটৰ দ্বিতীয় মহলাত অৱস্থিত দুটা বিশাল কাউণ্টাৰেৰে গঠিত জে.এম.বজাৰ। কাউণ্টাৰৰ ভিতৰৰ অংশ বিভিন্ন ধৰণৰ শাড়ীৰে ভৰি আছে। ফলত সমগ্ৰ বংগৰ পৰা মানুহ ইয়ালৈ ভিৰ কৰে, ঠিক যেনেকৈ জে.এম.বজাৰৰ আকৰ্ষণৰ বাবে দেশৰ আন ৰাজ্যৰ পৰাও বহু লোক ইয়ালৈ আহে।

জে এম বজাৰৰ মালিক হৈছে জাহাংগীৰ মালিক। তেওঁ এজন হাঁহিমুখীয়া আৰু বন্ধুত্বপূৰ্ণ ব্যক্তি। তেওঁ নিজৰ নামৰ আৰম্ভণিৰ আখৰেৰে দোকানখনৰ নাম ৰাখিলে। জাহাংগীৰ মালিকে নিজৰ সুন্দৰ আচৰণেৰে সহজেই মানুহৰ হৃদয় জয় কৰিব পাৰে, এয়া তেওঁৰ মহান গুণ।

কিন্তু অকল এইখিনি কথা ক’লে জাহাংগীৰ মালিকৰ বিষয়ে প্ৰায় একোৱেই কোৱা নহ'ব। তেওঁৰ বিষয়ে লিখিবলৈ বহুত সময়ৰ প্ৰয়োজন হ’ব। তথাপি ক’ব পাৰি যে বৰ্তমান সময়ত জাহাংগীৰ মালিকৰ ধন-সম্পত্তিৰ জৰিয়তে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে হাজাৰ হাজাৰ লোকে জীৱিকাৰ পথ মুকলি কৰি আছে, হাজাৰ হাজাৰ লোকে দৈনন্দিন জীৱন নিৰ্বাহ কৰি আছে।

এটা সৰু উদাহৰণে বিষয়টো অধিক স্পষ্ট কৰি তুলিব। বজাৰৰ দিনত শান্তিপুৰ ৰেলৱে ষ্টেচনৰ পৰা যাত্ৰী আনিবলৈ জে এম বজাৰে ১০০০খন টোটো চালকক নিযুক্তি দিছে। আৰু এই টোটো ভাড়াত দিয়াৰ সকলো খৰচ মানৱীয় সমাজকৰ্মী জাহাংগীৰ মালিকে বহন কৰে। ফলত কেৱল যাত্ৰীসকলৰ যাতায়তৰ খৰচ ৰাহি হোৱাই নহয়, টোটো চালকসকলেও প্ৰত্যক্ষভাৱে লাভৱান হৈছে। কোনেও যাত্ৰীৰ বাবে অপেক্ষা কৰিব নালাগে। চহৰখনৰ ক্ষুদ্ৰ পৰিসৰত অৰ্থনীতি চলি থাকিবলৈ লোৱা এই পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয়।

উল্লেখ্য যে, জাহাংগীৰ মালিকে ২০১৯ চনত জে এম বজাৰখন প্ৰতিষ্ঠা কৰে। তেওঁ আচলতে বুৰ্দৱান জিলাৰ বুলবুলিতলাৰ বাসিন্দা। কিন্তু তেওঁৰ শিপা শান্তিপুৰৰ সৈতে জড়িত হৈ আছে। ২০০৬ চনৰ পৰা ঘোষ মাৰ্কেটৰ এটা সৰু ষ্টলত শাড়ী বিক্ৰী কৰা মানুহজন, সময়ৰ লগে লগে নিজৰ ভাগ্য সলনি কৰি আজি সেই বজাৰখনৰ দুটা বিশাল কাউণ্টাৰৰ মালিক। 
 

জাহাংগীৰ মালিক
 
কঠোৰ পৰিশ্ৰম, নিষ্ঠা, প্ৰতিভা আৰু সততাৰে তেওঁ মাত্ৰ ৪০ বছৰ বয়সতে উন্নয়নৰ শিখৰত উপনীত হৈছে। কিন্তু তেওঁ নিজৰ দৰিদ্ৰতাক এতিয়াও পাহৰা নাই। আৰু সেইবাবেই চাগে তেওঁ সমাজসেৱাৰ প্ৰতি আসক্ত হৈ পৰিছে। মানুহৰ দুখ-কষ্টই তেওঁক শান্তিত থাকিবলৈ নিদিয়ে। ফলত তেওঁ যেতিয়াই সুযোগ পায় তেতিয়াই আৰ্থিক সাহায্যৰে ৰাইজৰ কাষত থিয় দিয়ে। বহু বাধা নেওচি, বহু উত্থান-পতন অতিক্ৰম কৰি জাহাংগীৰ মালিকে ৰজাৰ দৰে সম্পূৰ্ণ নিজা সাম্ৰাজ্য গঢ়ি তুলিছে। 

এই ব্যক্তিজনৰ উদাৰতা আৰু মহত্ত্ব অৱশ্যে আন ঠাইত নিহিত হৈ আছে। নিজৰ বিকাশৰ সমান্তৰালকৈ তেওঁ আনৰ বিকাশৰ কথাও চিন্তা কৰে। আগতে কোৱাৰ দৰে জাহাংগীৰ মালিকৰ প্ৰত্যক্ষ আৰু পৰোক্ষ আৰ্থিক সহায়ত হাজাৰ হাজাৰ লোকে জীৱন-নিৰ্বাহ কৰিবলগীয়া হৈছে। হাজাৰ হাজাৰ টোটোৱালাৰ পোনপটীয়াকৈ টকা উপাৰ্জনৰ ব্যৱস্থা কৰাটো সাধাৰণ কথা নহয়। কিন্তু তেওঁ সেয়া কৰি দেখুৱাইছে। এই তথ্য সঁচাই প্ৰেৰণাদায়ক। ইয়াৰ বাহিৰেও আন হাজাৰ হাজাৰ লোক আৰ্থিকভাৱে তেওঁৰ ওপৰত পৰোক্ষভাৱে নিৰ্ভৰশীল।

যিজনৰ মনত ভাল পদক্ষেপ আৰু ভাল ধাৰণা আছে, তেওঁৰ সফলতা কোনেও ৰোধ কৰিব নোৱাৰে। তাৰ প্ৰকৃত উদাহৰণ হৈছে জাহাংগীৰ মালিক। তেওঁ জে এম বজাৰক ব্ৰেণ্ড হিচাপে উপস্থাপন কৰিবলৈ সক্ষম হৈছে। উন্নত মানৰ সামগ্ৰী লাভ কৰাৰ ক্ষেত্ৰত মানুহে প্ৰায়ে হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হয়। কিন্তু জে এম বজাৰে কেৱল শাড়ীক কেন্দ্ৰ কৰি নিজৰ ব্ৰেণ্ড মূল্য গঢ়ি তুলিবলৈ সক্ষম হৈছে, আৰু কম সময়ৰ ভিতৰতে নিজৰ নাম উজলাইছে। 

তদুপৰি, জাহাংগীৰ মালিক আৰু তেওঁৰ দলটোৱে গ্ৰাহকে যাতে ন্যায্য সেৱা লাভ কৰে, তাৰ ক্ষেত্ৰত অত্যন্ত সজাগ। মূলতঃ ৰেচমৰ শাৰী সংগ্ৰহ কৰাটো জে এম বজাৰৰ এক পৰম্পৰা। অৱশ্যে কেৱল ৰেচমেই নহয়, শান্তিপুৰৰ পৰম্পৰা অনুসৰি এসময়ত হাতেৰে বোৱা তাঁতশালৰ শাৰীখন এতিয়া পাৱাৰ তাঁতশালত তৈয়াৰ কৰা হৈছে, আৰু জে এম বজাৰত কপাহী শাৰীৰ বিশাল মজুত আছে। সঁচা কথা ক’বলৈ গ’লে শান্তিপুৰৰ গৌৰৱ তাঁতশালৰ শাড়ীখন আজি বিলুপ্তপ্ৰায় হৈ গৈছে। সেই পৰম্পৰা পুনৰ ঘূৰাই অনাৰ উদ্যোগ লৈছে জাহাংগীৰ মালিকে।
 

ব্যৱসায়িক প্ৰতিষ্ঠানত জাহাংগীৰ মালিক
 
তেওঁৰ হাতেৰে নতুনকৈ তৈয়াৰ কৰা হৈছে কপাহী শাড়ী। য'ত হাজাৰ হাজাৰ লোকক পোনপটীয়াকৈ খাদ্য যোগান ধৰা হৈছে। ফলত সেই হাজাৰ হাজাৰ পৰিয়ালৰ মুখত হাঁহি বিৰিঙি উঠিছে। জাহাংগীৰ মালিক কেৱল এজন ভাল ব্যৱসায়ী নহয়, এজন সফল উদ্যোগীও। ব্যৱসায়ৰ সমান্তৰালকৈ প্ৰায় নাইকিয়া হৈ যোৱা হস্ততাঁত শাড়ীৰ পৰম্পৰা ঘূৰাই অনাৰ বাবে তেওঁৰ এই পদক্ষেপক নিশ্চয়কৈ শলাগ ল’ব লাগিব।

জে এম বজাৰে যিদৰে মানুহক অতি কম খৰচত তথা পাইকাৰী মূল্যত উন্নত মানৰ শাড়ী যোগান ধৰিছে, সেয়া দেখি বহুতো লোক আচৰিত হৈ যায়। কিন্তু দেখা গ’ল যে জে এম বজাৰৰ বিশাল ভাণ্ডাৰত যিবোৰ শাড়ী আছে, সেইবোৰ সকলো নিজৰ উৎপাদন। আৰু এইবোৰ নিজৰ কাৰখানাত তৈয়াৰ কৰা হয়। 

ফলত জে এম বাজাৰে অতি যুক্তিসংগত মূল্যত শাড়ী বিক্ৰী কৰি সহজেই গ্ৰাহকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। ইয়াত এটা কথা বিশেষভাৱে উল্লেখ কৰিব লাগিব যে মূলতঃ পাইকাৰী সামগ্ৰীৰ যোগানৰ বাবে জে এম বজাৰ প্ৰতিষ্ঠা কৰা হৈছে। ফলত শাড়ীৰ ব্যৱসায় কৰিব বিচৰাসকলৰ বাবে পাইকাৰী মূল্যৰ উপযুক্ত বজাৰ হৈছে জে এম বজাৰ।

জাহাংগীৰ মালিক দুই ভাতৃৰ ভিতৰত জ্যেষ্ঠ। তেওঁলোকৰ এগৰাকী ভনীয়েক আছে। জে এম বজাৰৰ মুৰব্বী জাহাংগীৰ মালিকে বুলবুলিতলা বজাৰৰ ওচৰৰ চিমলন হাইস্কুলত পঢ়া-শুনা সমাপ্ত কৰে। তাৰ পিছত বুৰদৱান জিলাৰ হাটগোবিন্দপুৰ মহাবিদ্যালয়ৰ পৰা তেওঁ বাণিজ্য বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। তেতিয়াৰ পৰাই তেওঁৰ বস্ত্ৰ ব্যৱসায়ৰ প্ৰতি গভীৰ আকৰ্ষণ গঢ়ি উঠে। তেওঁ উদ্যোগী হিচাপে জীৱন আৰম্ভ কৰাৰ সপোন সদায় লালন-পালন কৰিছিল।

সেই সপোনৰ কথা মনত ৰাখি জাহাংগীৰে কলেজীয়া শিক্ষা সমাপ্ত কৰাৰ কেইবাবছৰৰ পাছত ৰানাঘাটৰ চৰকাৰী বস্ত্ৰ কোম্পানীৰ পৰা পাঠ্যক্ৰম এটা কৰিলে। ছমাহৰ এই চাৰ্টিফিকেট পাঠ্যক্ৰমে তেওঁৰ জীৱনটো ঘূৰাই আনিলে। ইয়াৰ পিছত তেওঁ সম্পূৰ্ণৰূপে বস্ত্ৰ উদ্যোগত মনোনিৱেশ কৰিছিল। যাৰ ফল হৈছে আজিৰ জে এম বজাৰ।

শান্তিপুৰ এতিয়াও বস্ত্ৰশিল্পৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰ। ভাৰতৰ বিভিন্ন প্ৰদেশৰ অধিকাংশ কপাহী শাড়ী ইয়াৰ পৰা ক্ৰয় কৰা হয়। ফলত যুৱ উদ্যোগী জাহাংগীৰ মালিকে শান্তিপুৰক ব্যৱসায় কৰাৰ বাবে উপযুক্ত অঞ্চল হিচাপে বাছি লোৱাৰ কথা দুবাৰ চিন্তা নকৰিলে। তদুপৰি আগতে উল্লেখ কৰা মতে শান্তিপুৰৰ লগত তেওঁৰ আৰম্ভণিৰে পৰাই ঘনিষ্ঠ সম্পৰ্ক আছিল।

উল্লেখ্য যে, পিছপৰা সংখ্যালঘু বঙালী মুছলমানসকলে শেহতীয়াকৈ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট প্ৰতিভা প্ৰদৰ্শন কৰি আহিছে। ব্যৱসায়ত তেওঁলোকৰ অংশগ্ৰহণো অতি উল্লেখযোগ্য। এই দিশত আগবাঢ়ি আহিছে বহু যুৱ মুছলমান উদ্যোগী। তাৰ ভিতৰত জাহাংগীৰ মালিক অন্যতম।

সংখ্যালঘু বঙালী মুছলমানক প্ৰতিনিধিত্ব কৰা এই ব্যক্তিজনে ভৱিষ্যতে নিজৰ ব্যৱসায় আৰু অধিক সম্প্ৰসাৰণৰ লগতে আৰু বহু লোকৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈ অহৰহ চেষ্টা কৰি আছে। তেওঁৰ সৰু ভাতৃও বস্ত্ৰ ব্যৱসায়ৰ লগত জড়িত। বিশেষকৈ কপাহী কাপোৰ নামেৰে জনাজাত জেন্ট আৰু লেগিংছৰ কাপোৰ আৰু ৰং সকলোবোৰ নিজৰ নিজৰ কাৰখানাত প্ৰক্ৰিয়াকৰণ কৰা হয়। এই বিশাল প্ৰচেছিং কাৰখানাটো বুলবুলিতলা বজাৰত অৱস্থিত।

শান্তিপুৰ এখন সাম্প্ৰদায়িক সম্প্ৰীতিৰ চহৰ। শান্তিপুৰ মানুহৰ মাজত ঐক্য-সংহতিৰ স্থান। হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ সহাৱস্থানে শান্তিপুৰৰ পৰম্পৰাক বিশ্ব মঞ্চত উজ্জ্বল কৰি তুলিছে। জাহাংগীৰ মালিক নিজেই সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক উজ্জ্বল নিদৰ্শন। তেওঁ মানুহৰ মাজত বৈষম্য ৰখাত বিশ্বাস নকৰে। সেইবাবেই সকলো ধৰ্মৰ মাজত সম্প্ৰীতিৰ মহান বাৰ্তা তেওঁৰ মুখত শুনা যায়। মানুহৰ প্ৰতি প্ৰেম তেওঁৰ তেজত আছে।

মানুহৰ প্ৰতি থকা সেই প্ৰেম কঢ়িয়াই লৈ ফুৰা এই উদাৰ ব্যক্তিজনে ঘোষ মাৰ্কেটৰ বস্ত্ৰ বজাৰৰ সকলো শ্ৰমিক, বজাৰৰ কামৰ লগত জড়িত কৰ্মচাৰী, আৰু টোটো চালকৰ বাবে বছৰত এদিন এক বৃহৎ ভোজৰ আয়োজন কৰে। হিন্দু বা মুছলমান নিৰ্বিশেষে হাজাৰ হাজাৰ লোকে এই বৃহৎ ভোজত অংশগ্ৰহণ কৰে। ইয়াৰ সমগ্ৰ খৰচ জাহাংগীৰ মালিকে বহন কৰে। এই মুহূৰ্তত জে এম বজাৰৰ কাউণ্টাৰত হিন্দু-মুছলমান মিলি প্ৰায় ২৫ জন শ্ৰমিকে কাম কৰি আছে। তেওঁলোকক লৈ জাহাংগীৰ মালিকে নিজৰ সপোন স্পৰ্শ কৰাৰ হেঁপাহ লৈ আগবাঢ়িছে।