হিন্দু-মুছলমানৰ একেলগে পালন কৰা গুৱাহাটীৰ ধাৰাপুৰৰ এখন শ্যামা পূজা

Story by  Munni Begum | Posted by  Munni Begum • 3 h ago
ধাৰাপুৰ চাৰিআলিৰ নৱনিৰ্মিত শ্ৰী শ্ৰী কালী মন্দিৰত অনুষ্ঠিত শ্যামা পূজা
ধাৰাপুৰ চাৰিআলিৰ নৱনিৰ্মিত শ্ৰী শ্ৰী কালী মন্দিৰত অনুষ্ঠিত শ্যামা পূজা
 
মুন্নী বেগম / গুৱাহাটী
 
গুৱাহাটী মহাগৰীৰ এনে এখন শ্যামা পূজা, যিখন সম্প্ৰতি কেৱল এটা ধৰ্মীয় অনুষ্ঠান হৈ থকা নাই বৰং ই ৮২ বছৰৰ এক সম্প্ৰীতিৰ ইতিহাসত পৰিণত হৈছে। য'ত হিন্দু আৰু মুছলমান উভয় সমাজে একেলগে গঢ়িছে বিশ্বাস, সম্প্ৰীতি আৰু ভ্ৰাতৃত্ববোধৰ এক অটুট বান্ধোন। কিয়নো এই পূজাখনত হিন্দু-মুছলমানৰ সমন্বয়ে ধৰ্মীয় পৰম্পৰা অতিক্ৰম কৰি হিন্দুলোকৰ সমান্তৰালকৈ আগভাগ লৈ আহিছে মুছলমান সম্প্ৰদায়ৰ লোকে।
 
পূজাৰ পেণ্ডেল সজা, মন্দিৰ চৌহদ পৰিস্কাৰ কৰাৰ লগতে প্ৰসাদ তথা পূজাৰ ভোগ আগবঢ়াই আহিছে ইছলাম ধৰ্মালম্বী লোকে। এই পূজাখন হৈছে মহানগৰীৰ ধাৰাপুৰ চাৰিআলিৰ নৱনিৰ্মিত শ্ৰী শ্ৰী কালী মন্দিৰত অনুষ্ঠিত শ্যামা পূজা। 
 
 
আৱাজ - দ্য ভইচ'ৰ সৈতে হোৱা এক কথপকথনত ধাৰাপুৰ চাৰিআলিৰ নৱনিৰ্মিত শ্ৰীশ্ৰী শ্যামা পূজা উদযাপন সমিতিৰ সাধাৰণ সম্পাদক হিৰেন কলিতাই কয়, "দক্ষিণ কামৰূপৰ ধাৰাপুৰ অঞ্চলটো হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকেৰে পৰিবেষ্টিত। প্ৰায় ৮২ বছৰ পূৰ্বে হিন্দু তথা মুছলমান সম্প্ৰদায়ৰ লোকৰ যৌথ প্ৰচেষ্টাত অঞ্চলটোত এটা মা কালী মন্দিৰ স্থাপন কৰা হৈছিল। যিটো মন্দিৰে বৰ্তমান সম্প্ৰীতিৰ এক প্ৰতীক হৈ পৰিছে। কিয়নো প্ৰতিবছৰে এই মন্দিৰত অনুষ্ঠিত কালী পূজাৰ দিনটোত দক্ষিণ কামৰূপৰ হিন্দু লোকসকলৰ সমান্তৰালকৈ মুছলমান লোকসকলেও পূজা আয়োজনত আগভাগ লৈ আহিছে। কালী পূজাৰ উদযাপনৰ সময়ত মন্দিৰ পৰিস্কাৰ কৰা, পেণ্ডেল সজা, প্ৰসাদ ভোগ আদিৰ উপৰিও অঞ্চলটোৰ ইছলাম ধৰ্মালম্বীলোকে আৰ্থিক অনুদানো আগবঢ়াই আহিছে। তেওঁলোকে যিদৰে ঈদ উদযাপন কৰে, ঠিক একেদৰে দূৰ্গা পূজা, কালী পূজা তথা লক্ষ্মী পূজাও অতি আন্তৰিকতাৰে উদযাপন কৰি আহিছে। তেওঁলোকে পূজাৰ সময়ত পূৱাৰে পৰা নিশালৈ ৰং ধেমালী কৰি ফটকা ফুটাই পূজা উদযাপন কৰা দেখা যায়। এইবেলিও ইয়াৰ কোনো ব্যতিক্ৰম নহয়। কিয়নো এইবাৰো কালী পূজাত অঞ্চলটোৰ ৮০ শতাংশ মুছলমানলোকে সহায়-সহযোগিতা আগবঢ়াইছে।"   
 
বৃহত্তৰ দক্ষিণ কামৰূপ অঞ্চলৰ আটাইটকৈ বৃহৎ কালী মন্দিৰ হিচাপে পৰিগণিত হোৱা ধাৰাপুৰৰ এই শ্ৰীশ্ৰী কালী মন্দিৰটোক লৈ জনবিশ্বাস আছে যে, এই মন্দিৰত পূজা আগবঢ়ালে ভক্তৰ মনোবাঞ্চা পূৰণ হয়। সেয়েহে পূৰ্বৰে পৰা বহু দূৰ-দূৰণিৰ বিভিন্ন স্থানৰ পৰা হিন্দু ধৰ্মালম্বীৰ লোকৰ লগতে মুছলমান তথা অন্য ধৰ্মালম্বীৰ লোকৰো যথেষ্ট সমাগম হোৱা দেখা যায়। 
 
দেৱালী উপলক্ষে ধাৰাপুৰ চাৰিআলিৰ এটা মুছলমান সম্প্ৰদায়ৰ লোকৰ ঘৰ আলোকিত কৰা হৈছে
 
শ্ৰীশ্ৰী শ্যামা পূজা উদযাপন সমিতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা জাকিৰ আলীয়ে কয়, "মই প্ৰতিবছৰে মন্দিৰৰ সকলো ধৰণৰ কামকাজৰ সৈতে জড়িত হৈ আহিছো। এইবেলিও পূজাৰ কামত যিমান সম্ভৱ সহায় আগবঢ়াই আহিছো। আমাৰ বাবে এই মন্দিৰটো কেৱল হিন্দুলোকৰ মন্দিৰ নহয়। ধাৰাপুৰ অঞ্চলৰ প্ৰতিগৰাকী মুছলমানলোকৰ বাবেও এই মন্দিৰৰ এক অনন্য মাহাত্ম্য আছে। কিয়নো মন্দিৰৰ আৰম্ভণিৰ পৰায়ে হিন্দু ধৰ্মালম্বীৰ লোকৰ দৰে ধাৰাপুৰ অঞ্চলৰ মুছলমান লোকসকলেও মন্দিৰত পাৰ, ছাগলী আদি উৎসৰ্গা কৰি আহিছে। অঞ্চলটোৰ মুছলমান ধৰ্মালম্বী লোকসকলে বিশ্বাস কৰি আহিছে যে, মন্দিৰৰ চৌহদ থকা পুখুৰীৰ পানীৰে গা ধুৱালে বসন্ত ৰোগ নিৰাময় হয়। সেয়েহে কোনো লোক যদি বসন্ত ৰোগত আক্ৰান্ত হয়, তেন্তে মন্দিৰৰ পুখুৰীৰ পনীৰে গা ধুৱায় অহাৰ এক পৰম্পৰা চলি আহিছে।"
 
আজাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ ধাৰাপুৰ অঞ্চলটো প্ৰধানভাৱে কৃষিৰ ওপৰত নিৰ্ভৰশীল। পুৰাতন কালৰে পৰা ধাৰাপুৰৰ সমীপৰ চৰ নেহালী বালিচৰত উৎপন্ন হোৱা সতেজ  শাক-পাচলি দৈনিক ধাৰাপুৰ চাৰিআলিৰ বজাৰত হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকে  বিক্ৰী কৰি জিৱীকা নিৰ্বাহ কৰি আহিছে। এই বজাৰখনলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকৰ সমাগম হৈ আহিছে। এই বজাৰখনক কেন্দ্ৰ কৰিয়ে ব্যৱসায়ীসকলে ধৰাপুৰ চাৰিআলিত কালি মন্দিৰৰ স্থাপন কৰিছিল। বৰ্তমান মন্দিৰটো পূৰ্বৰ স্থানৰ পৰা স্থানান্তৰ কৰা হৈছে। 
 
ধাৰাপুৰ চাৰিআলি কালী মন্দিৰৰ কাষৰ বজাৰ
 
শ্ৰীশ্ৰী শ্যামা পূজা উদযাপন সমিতিৰ উপদেষ্টা ভৱেশ কলিতাই কয়, "ধাৰাপুৰত হিন্দু-মুছলমানৰ মাজত কোনো ভেদাভেদ নাই। আমাৰ ইয়াত মুঠ ২৪ খন পাৰা আছে। ইয়াৰে ভিতৰত মজিল পাৰাখন একমাত্ৰ মুছলমান পাৰা। যিখন পাৰাত ১২০০ৰো অধিক লোকে বসবাস কৰি আহিছে। এই পাৰাৰ প্ৰতিগৰাকী ব্যক্তিয়ে পূজ-পাৰ্বনত আমাক সহায়-সহযোগিতা আগবঢ়াই আহিছে। ইয়াৰোপৰি দেৱালীৰ সময়ত এইখন পাৰাত বসবাস কৰা প্ৰতিগৰাকী লোকে তেওঁলোকৰ ঘৰৰ চৌহদত কলপুলি পুতি চাকিু-বন্তি জ্বলাই দেৱালী উদযাপন কৰি আহিছে। ধাৰাপুৰ চাৰিআলিৰ শ্ৰীশ্ৰী কালী মন্দিৰটো নিৰ্মানৰ সময়ৰ পৰাই  অঞ্চলটোৰ হিন্দু লোকসকলৰ লগতে মহম্মদ বৰকত আলী, আলতাফ হুছেইন  বাখৰু আলী, প্ৰয়াত হাৰেজ আলী, অনোৱাৰ হুছেইনকে ধৰি ৮০ শতাংশ ইছলাম ধৰ্মালম্বী লোকে পূজা আয়োজনত আগভাগ লৈ আহিছে। তেওঁলোকে পূজাৰ দিনা ভক্তৰ বাবে খিচিৰি ভোগ, পায়স ভোগ আদি আগবঢ়োৱাৰ লগতে দৈনিক পূজাত নবৈদ্য আগবঢ়াই আহিছে। তেওঁলোকে কেতিয়াও মন্দিৰটোক হিন্দু লোকৰ উপাসনাৰ স্থান হিচাপে গ্ৰহণ কৰা নাই। তেওঁলোকে মুছলমান লোকৰো উপাসনাৰ স্থলী হিচাপে গ্ৰহণ কৰিছে। যাৰ প্ৰমাণ পূজাৰ সময়ত স্পষ্টভাৱে দৃশ্যমান হয়। এই বেলিও আমাৰ তিনিদিনীয়া পূজাত প্ৰায় ২০ ঘৰ ইছলাম ধৰ্মালম্বী লোকে পূজাৰ ভোগ আগবঢ়াৱ। তেওঁলোকে নিজৰ ঘৰৰ লগতে মন্দিৰ চৌহদটো মাটিৰ চাকি জ্বলাই পোহৰৰ উৎসৱ দিপাৱলী উদযাপন কৰিব।" 
 
ধাৰাপুৰ চাৰিআলি শ্যামা পূজা সমিতিয়ে এই মন্দিৰৰ প্ৰাংগণত ২০ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে শ্যামা পূজাৰ আয়োজন কৰিছে বুলি সম্পাদক হীৰেন কলিতাই জনায়।
 
অসমবাসীৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা ধাৰাপুৰৰ শ্ৰীশ্ৰী শ্যামা পূজা উদযাপন সমিতিৰ
 
তেওঁ কয় যে, পূজাৰ প্ৰথম দিনা বৃক্ষ ৰোপণ আৰু চাফাই অভিযান কাৰ্যসূচীৰ লগতে অসমবাসীৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ এক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ২১ অক্টোবৰত নাম কীৰ্ত্তন, মহিলাৰ নাগাৰা নাম পৰিবেশনৰ লগতে দীপান্বিতা পালন কৰা হব। আৰু ২২ অক্টোবৰত নাম কীৰ্ত্তন আৰু নাগাৰা নাম পৰিবেশন কৰা হব। যিহেতু এইবেলি আমি আমাৰ মৰমৰ শিল্পী গৰাকীক হেৰুৱাইছো, সেয়েহে এইবাৰ আমাৰ ৰাইজে দিপাৱলীত ফটকা ফুটুৱাৰ পৰা বিৰত থাকি কেৱল মাত্ৰ চাকি জ্বলাইহে দীপান্বিতা পালন কৰাৰ সিদ্ধন্ত গ্ৰহণ কৰিছে।