জলবায়ু পৰিৱৰ্তন ৰোধৰ ক্ষেত্ৰত মতিউৰ ৰহমানৰ যুগান্তকাৰী উদ্ভাৱন

Story by  atv | Posted by  [email protected] • 20 h ago
ড০ মতিউৰ ৰহমান
ড০ মতিউৰ ৰহমান
 
দেবকিশোৰ চক্ৰৱৰ্তী / কলকাতা

কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ বঙালী গৱেষক ড০ মতিউৰ ৰহমানক “কৃত্ৰিম পাতৰ পিতৃ” (father of the artificial leaf) বুলি প্ৰশংসা কৰা হয়। কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ লগতে সূৰ্যৰ পোহৰক তৰল ইন্ধনলৈ ৰূপান্তৰিত কৰা যন্ত্ৰৰ অগ্ৰণী উদ্ভাৱনৰ বাবে তেওঁ এই উপাধি লাভ কৰিছে।
 
নিজৰ কামৰ বিষয়ে ব্যাখ্যা কৰি ৰহমানে সংবাদ মাধ্যমক কয়, “উদ্ভিদৰ সালোক সংশ্লেষণৰ বাবে কাৰ্বন ডাই অক্সাইড অতি প্ৰয়োজনীয়, কিন্তু অতিৰিক্তভাৱে ই বিপজ্জনক হৈ পৰে—ই গোলকীয় উষ্ণতা বৃদ্ধিৰ অন্যতম মূল চালক। মানৱতাই এতিয়া জলবায়ু সংকট আৰু শক্তি সংকট দুয়োটাৰে সন্মুখীন হৈছে। জীৱাশ্ম ইন্ধন দ্ৰুতগতিত হ্ৰাস পাইছে। আমাৰ গৱেষণাৰ লক্ষ্য হৈছে দুয়োটা প্ৰত্যাহ্বানকে একেলগে মোকাবিলা কৰা।”
 
বহুতে বিশ্বাস কৰে যে এই অগ্ৰগতিয়ে পৃথিৱীৰ ভংগুৰ পৰিৱেশ সুৰক্ষিত কৰাত নিৰ্ণায়ক ভূমিকা ল’ব পাৰে। তথাপিও এই অসাধাৰণ সফলতাৰ আঁৰত নিহিত হৈ আছে কষ্ট, অধ্যৱসায় আৰু অটল দৃঢ়তাৰ কাহিনী। ড০ মতিউৰ ৰহমানৰ জন্ম হৈছিল এটা নিম্ন মধ্যবিত্ত পৰিয়ালত য’ত জীয়াই থকাৰ অধিকাৰক প্ৰায়ে বিলাসীকতা বুলি গণ্য কৰা হৈছিল।
 
গৱেষণাগাৰত ড০ মতিউৰ ৰহমান
 
তেওঁৰ দেউতাকে দৈনন্দিন শ্ৰমিক হিচাপে কাম কৰিছিল, আনহাতে মাকে ঘৰখন পৰিচালনা কৰিছিল। সৰুতে প্ৰায়ে খালী ভৰিৰে খোজ কাঢ়ি স্কুললৈ যোৱা মতিউৰ ৰহমানে ধাৰলৈ লোৱা কিতাপেৰে পঢ়া-শুনা কৰিছিল। পঢ়ি থকা দিনত তেওঁলোকে কেতিয়াও বিদ্যুতৰ পোহৰ দেখা পোৱা নাছিল। তেওঁলোকৰ জীৱনত এনেকুৱা বহু দিন আহিছিল, যেতিয়া তেওঁলোকৰ পৰিয়ালটো এসাজ খায়ে জীয়াই থাকিবলগীয়া হৈছিল।
 
তেওঁৰ গাঁৱত বিজ্ঞান অধ্যয়ন কৰাটো অবাস্তৱ বুলিয়েই গণ্য কৰা হৈছিল। ওচৰ-চুবুৰীয়াই প্ৰায়ে মন্তব্য কৰিছিল: “বিজ্ঞান অধ্যয়ন কৰিলে শেষত তুমি নিবনুৱা হৈ থাকিব লাগিব।” উচ্চ শিক্ষাৰ সুবিধা লাভ কৰাটো তেওঁৰ বাবে আছিল এক ভয়ংকৰ বাধা। তথাপি পঢ়া-শুনা অব্যাহত ৰাখিবলৈ মতিউৰে টিউচন আৰু অংশকালীন চাকৰি ল’লে। আৰ্থিক নাটনি আৰু সামাজিক নিৰুৎসাহিততাৰ মাজতো তেওঁ হাৰ মনা নাছিল।
 
ভাৰতৰ চৰকাৰী বিশ্ববিদ্যালয়ত পাৰদৰ্শিতা দেখুৱাই তেওঁ বৃত্তি লাভ কৰিছিল যিয়ে মতিউৰক বিদেশত অধ্যয়নৰ পথ প্ৰশস্ত কৰিছিল। অৱশেষত তেওঁ গৱেষণাৰ বাবে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত নামভৰ্তি লাভ কৰে। কিন্তু বিদেশত তেওঁৰ জীৱনটো সহজ হোৱা নাছিল। তেওঁ নতুন ভাষা, সংস্কৃতি আৰু জলবায়ুৰ সৈতে যুঁজিছিল আৰু কেতিয়াবা বৰ্ণবাদী পক্ষপাতিত্বৰো সন্মুখীন হৈছিল। তথাপিও তেওঁ একাগ্ৰতা আৰু ধৈৰ্য্যৰে সকলো পৰিস্থিতিৰ মোকাবিলা কৰে।
 
এই সকলোবোৰ প্ৰতিকূলতাৰ মাজেৰে তেওঁ নিজৰ গৱেষণা অব্যাহত ৰাখিলে আৰু এটা গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিলে। সেয়া হৈছে-“কৃত্ৰিম পাতৰ” বিকাশ, যিটো যন্ত্ৰই সূৰ্যৰ পোহৰ ধৰি নবীকৰণযোগ্য ইন্ধন উৎপাদন কৰে। 
 
উল্লেখ্য যে, তেওঁৰ কষ্টকৰ জীৱনটোৱে এটা কালজয়ী সত্যক প্ৰমাণিত কৰে যে সপোন দেখাৰ সাহস কৰা মানুহক দৰিদ্ৰতাই কেতিয়াও ধৰি ৰাখিব নোৱাৰে। তেওঁৰ কাহিনী কেৱল বৈজ্ঞানিক কৃতিত্বৰ নহয়, সমগ্ৰ বিশ্বৰ অগণন যুৱকক তেওঁৰ কাহিনীয়ে সপোন দেখাৰ বাবে প্ৰেৰণা যোগায়।
 
মানৱ সভ্যতা এতিয়া এটা জটিল সময়ৰ সন্মুখীন হৈছে। কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা আকাশলংঘী হৈছে, গোলকীয় উষ্ণতা বৃদ্ধি পাইছে, গ্ৰীষ্মকাল দীঘলীয়া হৈছে, হিমবাহ গলিবলৈ ধৰিছে, জৈৱ বৈচিত্ৰ্য ভংগ হৈছে আৰু পৰিৱেশ তন্ত্ৰ বিপদত পৰিছে। আমাৰ যুগৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে পৰিৱেশ বিপৰ্যয় ৰোধ কৰা। সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকলে সমাধান বিচাৰি সময়ৰ বিৰুদ্ধে দৌৰিছে, আৰু এনে সময়তে বঙালী গৱেষক ড০ মতিউৰ ৰহমানৰ গৱেষণাই নতুন আশাৰ সঞ্চাৰ কৰিছে।
 
কেম্ব্ৰিজৰ সহযোগী বিজ্ঞানী সুভজিৎ ভট্টাচাৰ্যৰ সৈতে ড° ৰহমানে এনে এখন কৃত্ৰিম পাত সৃষ্টি কৰিছে, যিয়ে কেৱল সূৰ্য্যৰ পোহৰ, পানী, আৰু কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰি তৰল ইন্ধন আৰু অক্সিজেন উৎপাদন কৰে। তেওঁলোকৰ এই গৱেষণা প্ৰকৃতিৰ আগশাৰীৰ আলোচনী নেচাৰ এনাৰ্জী (Nature Energy)ত প্ৰকাশ পাইছে। পশ্চিম বংগৰ বৰ্ধমান জিলাৰ কলনাৰ কদাম্বা গাঁৱৰ বাসিন্দা আৰু যাদৱপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ড০ ৰহমানে এতিয়া কেম্ব্ৰিজৰ অধ্যাপক তথা ছেইণ্ট জন কলেজৰ ফেলো অধ্যাপক আৰউইন ৰেইছনাৰৰ অধীনত কাম কৰি আছে।
 
তেওঁ অম্বিকা কলনা মহাৰাজা হাইস্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰি যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত আই আই টি মাদ্ৰাজত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ছুইজাৰলেণ্ডৰ বাৰ্ন বিশ্ববিদ্যালয়ত পি এইচ ডি ডিগ্ৰী লাভ কৰে। পিছলৈ কেম্ব্ৰিজত মেৰী কিউৰী ফেলো হিচাপে ড০ মতিউৰ ৰহমানে যোগদান কৰে। আজি তেওঁ একেখন বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ বিজ্ঞানী।
 
তেওঁৰ গৱেষণাৰ বিষয়ে উল্লেখ কৰি ৰহমানে ব্যাখ্যা কৰে: "CO2ক ইন্ধনলৈ ৰূপান্তৰিত কৰিবলৈ সাধাৰণতে জীৱাশ্ম ইন্ধনৰ পৰা বিপুল পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয়। কিন্তু আমাৰ পদ্ধতিত কেৱল সূৰ্য্যৰ পোহৰ ব্যৱহাৰ কৰা হয়।" 
 
বায়ুমণ্ডলৰ CO2 এতিয়া গড়ে প্ৰায় ৪২৪ পিপিএম হোৱাৰ বাবে তেওঁ সতৰ্ক কৰি দিছে যে, “যদিহে আমি এই অতিৰিক্ততা হ্ৰাস নকৰো, তেন্তে গোলকীয় উষ্ণতা বৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰো। আমাৰ সমাধানসূত্ৰ হৈছে বায়ুমণ্ডলীয় CO2ক ইন্ধনলৈ ৰূপান্তৰ কৰা, জীৱাশ্ম ইন্ধনৰ বিকল্প প্ৰদান কৰাৰ লগতে শূন্য নিৰ্গমন নিশ্চিত কৰা।”
 
এই যন্ত্ৰটোৱে প্ৰকৃতিত সালোক সংশ্লেষণৰ অনুকৰণ কৰে। পাতবোৰে যেনেকৈ সূৰ্যৰ পোহৰ, পানী আৰু CO2 ব্যৱহাৰ কৰি চেনি আৰু অক্সিজেন উৎপন্ন কৰে, ঠিক তেনেদৰে কৃত্ৰিম পাতে সূৰ্যৰ পোহৰ আৰু CO2 দ্ৰৱীভূত পানী ব্যৱহাৰ কৰি অক্সিজেনৰ সমান্তৰালভাৱে তৰল ইন্ধন—যেনে ইথানল আৰু প্ৰপেনল—উৎপন্ন কৰে।
 
দুই সতীৰ্থৰ সৈতে মতিউৰ ৰহমান (একেবাৰে সোঁফালে)
 
ই দুটা মূল উপাদানৰে গঠিত: এফালে সৌৰকোষ আৰু এটা দ্বিধাতু অনুঘটক থাকে যিয়ে সৌৰশক্তিক ধৰি CO2ক ইন্ধনৰ অণুলৈ ভাঙি পেলায়, আনহাতে আনটো ফালে পানীক অক্সিজেনলৈ বিভক্ত কৰিবলৈ নেন’পদাৰ্থ ব্যৱহাৰ কৰে। দুয়োটা প্ৰক্ৰিয়া একেলগে চলি থাকে, যাৰ ফলত ব্যৱস্থাটোক ইলেক্ট্ৰন-নিৰপেক্ষ কৰি ৰখা হয়। কেৱল CO2-মিশ্ৰিত পানীত ডিভাইচটো ডুবাই সূৰ্য্যৰ পোহৰত ৰাখিব, আৰু ই কাম কৰিবলৈ আৰম্ভ কৰে।
 
পূৰ্বৰ বিশ্বব্যাপী প্ৰচেষ্টাসমূহত বৃহৎ পৰিমাণৰ বাহ্যিক শক্তিৰ প্ৰয়োজন হৈছিল আৰু এইবোৰ প্ৰায়ে জীৱাশ্ম ভিত্তিক আছিল। ইয়াৰ বিপৰীতে ড০ ৰহমানৰ ব্যৱস্থাটো প্ৰত্যক্ষভাৱে সৌৰশক্তিৰ ওপৰত নিৰ্ভৰশীল। প্ৰথমবাৰৰ বাবে বিজ্ঞানীসকলে কৃত্ৰিম সালোক সংশ্লেষণৰ জৰিয়তে বহু কাৰ্বনযুক্ত তৰল ইন্ধন উৎপাদন কৰিছে।
 
বংগৰ এখন ভিতৰুৱা গাঁৱৰ বিদ্যালয়ৰ পৰা কেম্ব্ৰিজৰ এটা অগ্ৰণী পৰীক্ষাগাৰলৈকে মতিউৰ ৰহমানৰ যাত্ৰাই প্ৰমাণ কৰিছে যে একাগ্ৰতা আৰু নিষ্ঠাই ভাগ্য সলনি কৰিব পাৰে। তেওঁ কয়: “স্কুল, কলেজ, বিশ্ববিদ্যালয় আৰু গৱেষণাৰ দৰে প্ৰতিটো পৰ্যায়তে আপুনি নিজকে ভালদৰে প্ৰস্তুত কৰিব লাগিব। ইটোৰ পিছত সিটো পৰ্যায়ৰ বাবে সঠিকভাৱে প্ৰস্তুতি চলালে একোৱেই অসম্ভৱ নহয়।”