স্বপ্না দাস
"সাক্ষৰতা আৱশ্যকীয়। কিন্তু কেৱল সাক্ষৰতাই নহয়, যদিহে মানুহে লাভ কৰা শিক্ষাৰ সৈতে জ্ঞানৰ সম্বন্ধ নাথাকে, তেন্তে শিক্ষা অভিশাপস্বৰূপ হে হয়।" ৰাধাকৃষ্ণণে কোৱা এই কথাষাৰিৰ প্ৰকৃতাৰ্থ কিমান বিশাল সেয়া সহজতেই অনুমেয়। পিছে বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ পৰা শিক্ষালৈকে সকলো ক্ষেত্ৰতে অভ্যুত্থান, পৃথিৱীখন হাতৰ মোবাইলটোত সোমোৱাৰ পৰা জীৱন প্ৰণালীৰ অতি-বিৱৰ্তন প্ৰত্যক্ষ হোৱাৰ এই জয়-জয়াকাৰ সময়তো লক্ষণীয়ভাৱে কেৱল নিজৰ স্বাক্ষৰ কৰিব পৰা লোককেই আক্ষৰিকভাৱে সাক্ষৰ বুলি ধৰি লোৱাৰ পিছতো আমি বাস কৰা পৃথিৱীখনৰ ৭৭.৫ কোটি লোকে এতিয়াও নিম্নতম লিখা-পঢ়াখিনিও কৰিব নোৱাৰে।
ক'ব পাৰি যে, সাক্ষৰতা যদিওবা প্ৰগতিৰ সোপান, তৎস্বত্বেও পিছে গঢ় হিচাপত প্ৰতি পাঁচগৰাকী প্ৰাপ্তবয়স্ক লোকৰ ভিতৰত এগৰাকীকৈ লোক এতিয়াও সাক্ষৰ নহয়। লিংগভিত্তিক দৃষ্টিৰে চাবলৈ গ'লে মহিলাৰ সংখ্যা এইক্ষেত্ৰত পৰিতাপজনকভাৱে অতি কম। কিয়নো নিৰক্ষৰসকলৰ ভিতৰত তিনিভাগৰ দুই অংশই হৈছে মহিলা। কেৱল এয়েই নহয়, বিশ্বজুৰি সকলোৰে বাবে শিক্ষাক যথেষ্ট গুৰুত্বাৰোপ কৰাৰ এই সময়তো পিছে বিশ্ব প্ৰেক্ষাপটত ৬.০৭ কোটি শিশুৱে শিক্ষাগ্ৰহণ কৰিবলৈ বিদ্যালয়লৈ গৈ বিভিন্ন কাৰণত আধাতে শিক্ষা সামৰণি মাৰে, অথবা আধাতে পঢ়াশালিৰ মজিয়া গচকা বন্ধ কৰিবলৈ একপ্ৰকাৰ বাধ্য হয়। ইউনেস্ক’ৰ ‘গ্লোবেল মনিটৰিং ৰিপ’ৰ্ট অন এডুকেশ্যন ফৰ অল’ শীৰ্ষক প্ৰতিবেদনত এই কথা উল্লেখ হৈছে।
প্ৰতিনিধিত্বমূলক ছবি
আনহাতে, 'ইউনেস্ক’ ইন্সটিটিউট ফৰ ষ্টেটিষ্টিক্স'- এ প্ৰকাশ কৰা 'ফেক্ট শ্বীট'তো উল্লেখ কৰা হৈছে যে, বৰ্তমানৰ পৃথিৱীৰ আধা শিশুৱে আনুষ্ঠানিক শিক্ষাগ্ৰহণ নকৰে। আজিও ৬১.৭ লাখ শিশুৱে ন্যূনতম দক্ষতাৰ স্তৰ (Minimum Proficiency Levels--- চমুকৈ 'MPL') স্পৰ্শ কৰিবলৈ বিভিন্ন কাৰণত সক্ষম নহয়। পৰিতাপজনকভাৱে ইউনেস্ক’ৰ প্ৰতিবেদনৰ পাতে পাতে আছে এনে বহু উদ্বেগজনক তথ্য।
এইখিনিতে উল্লেখৰ প্ৰয়োজন যে, প্ৰাথমিক আৰু নিম্ন মাধ্যমিক বিদ্যালয়ৰ মজিয়া গচকি নোপোৱা শিশুসকলৰ গৰিষ্ঠ সংখ্যকেই আছে দক্ষিণ আৰু মধ্য এছিয়াত। এই অঞ্চলৰ সৰ্বমুঠ ৩৯ শতাংশ শিশুৱে আজিকোপতি আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰাৰ সুযোগ পোৱা নাই। তালিকাত ৩৩ শতাংশৰে দ্বিতীয় স্থানত আছে ছাব-ছাহাৰা আফ্ৰিকা। ইয়াৰ পিছত ১৩ শতাংশৰে পূব আৰু দক্ষিণ-পূব এছিয়া, ৭ শতাংশৰে পশ্চিম এছিয়া আৰু উত্তৰ আফ্ৰিকা, ৬ শতাংশৰে লেটিন আমেৰিকা আৰু কেৰিবিয়ান দ্বীপপুঞ্জ, ৩ শতাংশৰে উত্তৰ আমেৰিকা আৰু ইউৰোপে স্থান লাভ কৰাৰ বিপৰীতে এইক্ষেত্ৰত আশাব্যঞ্জকভাৱে শূন্য শতাংশৰে ওচেনিয়াই স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এই পৰিসংখ্যাই স্পষ্ট কৰে যে আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত এছিয়া বহু পিছপৰি আছে। ইয়াৰ সম্পূৰ্ণ বিপৰীত ওচেনিয়াৰ বাস্তৱ ছবিখন।
বিশ্বৰ প্ৰতিগৰাকী লোককে সাক্ষৰ কৰি তোলাৰ অৰ্থে এক জনজাগৰণ সৃষ্টি কৰিবলৈ ১৯৬৬ চনৰ ২৬ অক্টোবৰত অনুষ্ঠিত হোৱা ইউনেস্ক’ৰ ১৪ সংখ্যক সাধাৰণ সভাত এটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেই সিদ্ধান্ত অনুসৰি প্ৰতি বছৰে ৮ ছেপ্টেম্বৰৰ দিনটো 'আন্তৰ্জাতিক সাক্ষৰতা দিৱস' হিচাপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তাৰ পিছৰ বছৰতে অৰ্থাৎ ১৯৬৭ চনৰ ৮ ছেপ্টেম্বৰত প্ৰথমবাৰলৈ 'আন্তৰ্জাতিক সাক্ষৰতা দিৱস' আনুষ্ঠানিকভাৱে পালন কৰা হয় ইউনেস্ক’ৰ উদ্যোগত। সেই সময়ৰে পৰা আজিকোপতি ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহে 'আন্তৰ্জাতিক সাক্ষৰতা দিৱস' উদ্যাপন কৰি আহিছে।
প্ৰতিনিধত্বমূলক ছবি
সুখৰ বিষয় যে, সাক্ষৰতাৰ ক্ষেত্ৰত জনসচেতনতা আৰু জনজাগৰণ সৃষ্টিৰ হকে উদ্যাপিত এই দিৱসে সম্প্ৰতি বিশ্বজুৰি বিস্তৃতি লাভ কৰিছে। অসমতো দিৱসটি উদ্যাপন কৰা হয়। ‘বহুভাষিক শিক্ষাৰ প্ৰসাৰ: পাৰস্পৰিক বুজাবুজি আৰু শান্তিৰ বাবে সাক্ষৰতা’ এইবাৰৰ আন্তৰ্জাতিক সাক্ষৰতা দিৱসৰ থীম। ইউনেস্ক’ৰ ধাৰণা অনুসৰি সাক্ষৰতা আৰু শিক্ষাৰ ক্ষেত্ৰত প্ৰথম ভাষাভিত্তিক আৰু বহুভাষিক পদ্ধতি গ্ৰহণ কৰিলে পাৰস্পৰিক বুজাবুজি আৰু সন্মান বৃদ্ধিত বহু পৰিমাণে সহায়ক হ'ব পাৰে। ইয়াৰ সমান্তৰালভাৱে সাম্প্ৰদায়িক পৰিচয় আৰু সামূহিক ইতিহাসকো অৰ্থৱহ কৰি তুলিব পৰা যায় বুলি ইউনেস্ক'ৰ বিশ্বাস।
প্ৰসংগক্ৰমে উল্লেখ্য, নিৰক্ষৰতাই কেৱল এগৰাকী ব্যক্তিকে যে, প্ৰভাৱিত কৰে তেনে নহয়। সামগ্ৰিকভাৱে নিৰক্ষৰতাই এখন সমাজক প্ৰভাৱিত কৰে। এখন দেশৰ প্ৰকৃত উত্তৰণৰ ক্ষেত্ৰতো সাক্ষৰতাৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী। নিৰক্ষৰ জনতাৰে ভৰি থকা কোনো এখন দেশক উন্নয়নৰ স্বপ্নিল প্ৰত্যাশাপূৰ্ণ পথেৰে আগুৱাই নিয়াটো অত্যন্ত দূৰূহ। এই কথা অনুধাৱন কৰিয়েই ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহে 'আন্তৰ্জাতিক সাক্ষৰতা দিৱস'ৰ কাৰ্যসূচীক বিশ্বজুৰি সৰ্বসাধাৰণৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ জড়িয়তে সাক্ষৰতা সম্পৰ্কত জনসচেতনতা সৃষ্টিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি অহা পৰিলক্ষিত হয়।
একেখিনি সময়তে কেৱল দিৱসটো উদ্যাপনতে এই স্বৰ্ণিল যাত্ৰা সীমাৱদ্ধ কৰি নাৰাখি সমগ্ৰ বিশ্বতে সাক্ষৰতাৰ হাৰ বৃদ্ধি কৰিবলৈও ইউনেস্ক'ৰ তৰফৰ পৰা সময়ে সময়ে বিভিন্ন কাৰ্যব্যৱস্থা গ্ৰহণ কৰি অহা হৈছে। বিভিন্ন দেশৰ চৰকাৰ আৰু সংশ্লিষ্ট বিভাগৰ পদক্ষেপো এইক্ষেত্ৰত লক্ষণীয়। আমাৰ স্বদেশ ভাৰততো সাক্ষৰতাৰ হাৰ বৃদ্ধি কৰিবলৈ চৰকাৰীভাৱে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি অহা পৰিলক্ষিত হয়। কেৱল চৰকাৰীভাৱেই নহয়, অসমকে ধৰি দেশৰ প্ৰান্তে প্ৰান্তে বেচৰকাৰীভাৱেও বহুতো প্ৰতিষ্ঠান, সংগঠনৰ উপৰি আনকি ব্যক্তিগত উদ্যোগতো সাক্ষৰতা অভিযানক এক অনন্য মাত্ৰা প্ৰদানৰ প্ৰয়াস কৰা হৈছে। নিতান্তই এই কাৰ্য প্ৰশংসাৰ যোগ্য। নিঃসন্দেহে এয়া স্বৰ্ণিল ভৱিষ্যতৰ স্বপ্নিল প্ৰত্যাশাপূৰ্ণ।
ইউআইএছৰ সঞ্চালিকা ছিলভিয়া মণ্টোয়া, ইউনেস্ক’ৰ শিক্ষাৰ সহকাৰী সঞ্চালক প্ৰধান ষ্টেফানিয়া জিয়ানিনি, বিশ্ব বেংকৰ শিক্ষাৰ গ্ল’বেল ডাইৰেক্টৰ জেইমে ছাভেড্ৰা
সাক্ষৰতাৰ হাৰ বৃদ্ধি কৰিব পাৰিলে আমাৰ দেশো যে, প্ৰগতিৰ বাটত আৰু এঢাপ আগুৱাই যাব সেই কথা এশ শতাংশই নিশ্চিত। আমাৰ দেশত সাক্ষৰতাৰ হাৰ বৃদ্ধিৰ বাবে ৰাষ্ট্ৰীয়ভাৱে আৰু অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত ৰাজ্যিক স্তৰত বিভিন্ন অভিযান বৰ্তমানেও চলি আছে। এনে অভিযানৰ দ্বাৰা বিভিন্ন স্তৰৰ লোক উপকৃতও হোৱা দেখা যায়। ১৯৮৮ চনত ভাৰতত 'ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান' মুকলি কৰা হয়। প্ৰাৰম্ভিকভাৱে এই অভিযানৰ লক্ষ্য আছিল ২০০৭ চনৰ ভিতৰত ভাৰতত ন্যূনতম ৭০ শতাংশ লোকক সাক্ষৰ কৰি তুলিব পৰা। ৩৫ বছৰৰ পৰা ৭৫ বছৰ বয়সৰ ভিতৰৰ যিসকল লোকে ন্যূনতম শিক্ষাও গ্ৰহণ কৰা নাই, সেইসকল লোকক ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযানে সামৰি লয়।
প্ৰতিটো শিশুৰ শিক্ষা নিশ্চিত কৰাৰ প্ৰত্যাশা সন্মুখত ৰাখি ২০০১-২০০২ চনত 'সৰ্বশিক্ষা অভিযান' আৰু ইয়াৰ পৰিসমাপ্তিত ২০১৮ চনত 'সমগ্ৰ শিক্ষা অভিযান' আৰম্ভ কৰা হয়। অসমতো এই অভিযান পূৰ্ণগতিত চলি আছে। সমগ্ৰ শিক্ষা অভিযানে প্ৰধানকৈ চাৰিটা অভিযান--- ক্ৰমে সাক্ষৰ ভাৰত, সৰ্বশিক্ষা, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা আৰু শিক্ষকসকলৰ শিক্ষাৰ বাবে কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা আঁচনি 'CSSTE'ক সমগ্ৰ শিক্ষা অভিযানে সামগ্ৰিকভাৱে সামৰি লয়। আনহাতে, শেহতীয়াকৈ ২০২১ চনত সমগ্ৰ শিক্ষা অভিযানৰ অধীনত 'নিপুন ভাৰত মিছন' আৰম্ভ কৰা হয়।
উল্লেখ্য যে, সাক্ষৰ ভাৰত অভিযানে অসমৰ ১২খন জিলাক সামৰি লৈছে। এই অভিযানে সামৰি লোৱা জিলাকেইখন হৈছে ক্ৰমে ধেমাজি, শোণিতপুৰ, দৰং, বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা, মৰিগাঁও, তিনিচুকীয়া, হাইলাকান্দি আৰু কাৰ্বি আংলং। এইদৰে ২০১৭ চনৰ মাৰ্চ মাহ পৰ্যন্ত ৯,৮৪,৩৪৬গৰাকী লোকক অভিযানৰ অধীনত নামভৰ্তি কৰে আৰু ইয়াৰ ভিতৰত ৯,২৫,৩১৩গৰাকীয়ে নিৰ্দিষ্ট পাঠ্যক্ৰম সম্পূৰ্ণ কৰে হেনো।
কেৰালা চৰকাৰে আৰম্ভ কৰা সাক্ষৰতা অভিযানৰ এক দৃশ্য
লক্ষণীয়ভাৱে অসমতো ৰাজ্য চৰকাৰে সাক্ষৰতাৰ হাৰ বৃদ্ধি কৰিবলৈ বহুকেইটা বিশেষ বিশেষ আঁচনি গ্ৰহণ কৰা পৰিলক্ষিত হয়। অসম চৰকাৰৰ অনানুষ্ঠানিক আৰু প্ৰাপ্তবয়স্ক শিক্ষা সঞ্চালকালয়ৰ অধীনত একাধিক আঁচনিয়ে সাক্ষৰতাৰ হাৰ বৃদ্ধি কৰিবলৈ নিৰন্তৰভাৱে প্ৰয়াস অব্যাহত ৰখা বুলিও একেবাৰে ক'ব পৰা যায়। ৰাজ্যিক সাক্ষৰতা অভিযানৰ অধীনস্থ কেন্দ্ৰসমূহৰ পৰা সফলতাৰে ওলাই অহা নৱ-সাক্ষৰ লোকসকলক 'অবিৰত শিক্ষা প্ৰদান' কৰাটোক এক অনন্য লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰি লৈছে সঞ্চালকালয়ে, যিটো খুব আশাপ্ৰদ।
এইক্ষেত্ৰত সফলতা লাভ কৰিবলৈ প্ৰাপ্তবয়স্ক শিক্ষা কেন্দ্ৰসমূহৰ জৰিয়তে লক্ষ্য পূৰণ কৰিব পৰা যাব বুলি আশা কৰা হৈছে, যাৰ মূল উদ্দেশ্য হৈছে সাক্ষৰতাৰ দক্ষতাক ধৰি ৰখা আৰু উন্নয়ন কৰা আৰু দক্ষতা বিকাশ আঁচনি বা বৃত্তিমুখী শিক্ষা ইত্যাদিৰ ব্যৱস্থা কৰা। ৰাজ্য চৰকাৰৰ অনানুষ্ঠানিক আৰু প্ৰাপ্তবয়স্ক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যসূচীসমূহৰ ভিতৰত আছে ৰাজ্যিক সাক্ষৰতা কাৰ্যসূচী, গ্ৰাম্য পুথিভঁড়াললৈ সাহায্য অনুদান, মহিলা সাক্ষৰতা আঁচনি, নৱ সাক্ষৰসকলৰ শিক্ষাৰ ধাৰাবাহিকতা আঁচনি।
ভাৰতৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্তৰ দ্বাৰা সংজ্ঞায়িত সাক্ষৰতা কি? এই সংজ্ঞায়িত সাক্ষৰতা হ'ল--- “৭ বছৰ বা তাতোকৈ অধিক বয়সৰ কোনো ব্যক্তি এগৰাকীৰ যিকোনো ভাষাত বুজাকৈ লিখা আৰু পঢ়াৰ সামৰ্থ্য।” সেই অনুসৰি ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ সাক্ষৰতাৰ হাৰ ৭৪.০৪ শতাংশ। আনহাতে, ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ সাক্ষৰতাৰ হাৰ ৭২.১৯%। অসমত পুৰুষৰ সাক্ষৰতাৰ হাৰ ৭৭.৮৫% আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ৬৬.২৭% বুলি 'assam.gov.in'ৰ তথ্যই স্পষ্ট কৰে।
প্ৰতিনিধিত্বমূলক ছবি
যি কি নহওঁক, পৰিৱৰ্তিত পৰিস্থিতিত জনচেৰেকে ক’ব খোজে যে ‘সাক্ষৰতা’ শব্দটো ঐতিহাসিকভাৱে দুটা সময়ত বিভক্ত কৰিব পাৰি। প্ৰথমটো হৈছে ১৯৫০ চনৰ আগৰ সময়--- যেতিয়া সাক্ষৰতাক কেৱল বৰ্ণানুক্ৰমিক সাক্ষৰতা অথবা কেৱল শব্দ আৰু আখৰ চিনাক্তকৰণ বুলি বুজা হৈছিল। আনহাতে, দ্বিতীয়টো হৈছে ১৯৫০ চনৰ পিছৰ সময়ছোৱা--- যেতিয়া সাক্ষৰতাক লাহে লাহে এক বহল ধাৰণা আৰু প্ৰক্ৰিয়া হিচাপে গণ্য কৰা আৰম্ভ হৈছিল, যাক কাৰ্যকৰী সাক্ষৰতা (functional literacy) বোলা হয়।
তথ্য প্ৰযুক্তিবিদ্যাৰ উত্তৰণে বিশ্বৰ ছবিখন সামগ্ৰিকভাৱে সলনি কৰি দিয়াৰ সময়ত ডিজিটেল সাক্ষৰতাৰ কথাও চৰ্চালৈ আহে। বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ চৰম অভ্যুত্থানৰ এই সময়তো পৰিতাপজনকভাৱে পিছে আমাৰ দেশৰ মাত্ৰ ২৪.৭ শতাংশ মানুহেহে কম্পিউটাৰ চলাব জানে। অৱশ্যে লাহে লাহে এই সংখ্যাও বাঢ়ি আহিবলৈ ধৰিছে। উদাহৰণ স্বৰূপে উল্লেখ কৰিব পাৰি যে, ২০১৭-১৮ চনত আমাৰ দেশৰ কম্পিউটাৰ চলাব জনা মানুহৰ সংখ্যা আছিল ১৮.৪ শতাংশ। গ্ৰামাঞ্চলৰ ২০১৭-১৮ চনৰ এই পৰিসংখ্যা ১১.১ শতাংশৰ পৰা বৃদ্ধি হৈ সম্প্ৰতি ১৮.১ শতাংশ হৈছে। একেদৰে, চহৰাঞ্চলত ২০১৭-১৮ চনৰ এই পৰিসংখ্যা ৩৪.৭ শতাংশৰ পৰা বৃদ্ধি হৈ সম্প্ৰতি ৩৯.৬ হৈছে।
এইখিনিতে প্ৰসংগক্ৰমে উল্লেখ্য প্ৰয়োজন যে, বেংকিং, স্বাস্থ্যসেৱা আৰু বিভিন্ন চৰকাৰী সেৱা সম্প্ৰতি ডিজিটেল হৈ পৰাত আজিৰ পৃথিৱীত ডিজিটেল সাক্ষৰতা অতি প্ৰয়োজনীয়। ডিজিটেল সাক্ষৰতাৰ অৰ্থ হ’ল কম্পিউটাৰ আৰু প্ৰযুক্তিৰ দক্ষতাৰে ব্যৱহাৰ কৰাৰ জ্ঞান আৰু ক্ষমতা। ই নিশ্চিত কৰে যে, ব্যক্তিসকলে এই সেৱাসমূহ ফলপ্ৰসূভাৱে লাভ আৰু ব্যৱহাৰ কৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড বৃদ্ধি পায়। ক’ভিড-১৯ অতিমাৰীৰ সময়ৰ অনলাইন শিক্ষাৰ পৰা আৰম্ভ কৰি সম্প্ৰতি বেংকিং আৰু স্বাস্থ্যসেৱা পৰিচালনালৈকে কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ গুৰুত্বৰ ওপৰত বিশেষ আলোকপাত কৰা দেখা যায়।
এখন বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰী
আনকি ভাৰত চৰকাৰে ২০১৫ চনত 'ডিজিটেল ইণ্ডিয়া' অভিযান আৰম্ভ কৰে। তদুপৰি কম্পিউটাৰ শিক্ষাক আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ সৈতে ক্ৰমান্বয়ে সংযুক্ত কৰা হৈছে বিদ্যালয় পৰ্যায়ৰ পৰাই। ইয়াৰ উপৰি দক্ষতা বিকাশ আৰু বৃত্তিমূলক বিষয়ক যথেষ্ট প্ৰশিক্ষণ কাৰ্যসূচীৰেও চৰকাৰে যুৱক-যুৱতী আৰু প্ৰাপ্তবয়স্কসকলৰ মাজত মূলতঃ ডিজিটেল বিভাজন দূৰ কৰিবলৈ অসুবিধাগ্ৰস্ত আৰু প্ৰান্তীয় সম্প্ৰদায়ক লক্ষ্য কৰি ডিজিটেল সাক্ষৰতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, য'ত বিভিন্ন বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানেও গাইগুটীয়া প্ৰচেষ্টাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হয়।
শেহতীয়াকৈ চৰ্চিত আন এক সাক্ষৰতা প্ৰসংগ হৈছে ৰাজনৈতিক সাক্ষৰতা। আক্ষৰিক সাক্ষৰতাৰ সৈতে ইয়াৰ কোনো পোনপটীয়া সম্পৰ্ক নাই যদিও ৰাজনৈতিক সাক্ষৰতা প্ৰকৃত অৰ্থতেই অতীব প্ৰয়োজনীয়। ৰাজনৈতিকভাৱে জনসাধাৰণৰ সজাগতা তথা সচেতনতাকেই ট্ৰতীকীভাৱে ৰাজনৈতিক সাক্ষৰতা বুলিব বিচৰা বুলি অনুমেয়। ৰাজনৈতিক সাক্ষৰতাও অন্য এটা চৰ্চিত বিষয় হৈ থকাৰ সময়ত এই কথা বাৰুকৈয়ে অনুধাৱন কৰিব পৰা যায় যে, ৰাজনৈতিক সাক্ষৰতাই প্ৰকৃতাৰ্থতেই দেশৰ ছবি সলনি কৰিবলৈ সক্ষম হ'ব পাৰে। সেয়ে এই ক্ষেত্ৰতো জনসচেতনতা আৰু সজাগতাৰে জনজাগৰণ সৃষ্টিৰ গুৰুত্ব অপৰিসীম। এই কথা জাৰ্মান কবি বাৰ্টল্ট ব্ৰেছটৰ এক উক্তিতো প্ৰতিফলিত হোৱা দেখা যায়।
তেওঁ কৈছিল, "নিৰক্ষৰতাৰ আটাইতকৈ অশুভ দিশটো হ’ল ৰাজনৈতিক নিৰক্ষৰতা। যি ৰাজনৈতিকভাৱে নিৰক্ষৰ, তেওঁ নিজৰ অধিকাৰৰ বাবে মাত মাতিব নাজানে, মাত শুনিব নাজানে। তেওঁ নাজানে তেওঁৰ জীৱনৰ মূল্য, তেওঁৰ অধিকাৰৰ মূল্য আৰু সেয়ে তেওঁ সকলো ক্ষেত্ৰতে ৰাজনীতিবিদৰ আঙুলিত নিৰ্ভৰ কৰে।" ৰাজনৈতিকভাৱে নিৰক্ষৰ এজন মানুহ ইমানেই মূৰ্খ যে তেওঁ গৌৰৱেৰে কয়, 'মই ৰাজনীতি ঘৃণা কৰোঁ।' কিন্তু তেওঁ কেতিয়াও বুজি নাপায় যে, তেওঁৰ অহংকাৰ আৰু অজ্ঞানতাই দুৰ্নীতিগ্ৰস্ত, ধন-সম্পত্তিৰ ৰাজনৈতিক নেতাৰ জন্ম দিয়ে। জাৰ্মান কবি বাৰ্টল্ট ব্ৰেছটৰ এই কথাষাৰিয়েই উমান দিয়ে আক্ষৰিকভাৱে সাক্ষৰতাৰ সৈতে পোনপটীয়া সম্পৰ্ক নাথাকিলেও ৰাজনৈতিক সাক্ষৰতাৰ অতীব প্ৰয়োজনীয়।
যি কি নহওঁক, এই কথা সকলোৱেই অন্তঃকৰণে স্বীকাৰ কৰে যে, বৰ্তমান সময়ত সাক্ষৰতা সম্পৰ্কীয় আলোচনাৰ পৰিসৰ অতি বিশাল। সাক্ষৰতাৰ হাৰৰ তাৰতম্যই এখন দেশৰ ভৱিষ্যতৰো তাৰতম্য ঘটাব পাৰে। গতিকে আমি আমাৰ দেশখনক প্ৰত্যাশিত দিশত আগুৱাই নিবলৈ নিশ্চিত কৰিব লাগিব যাতে চৰকাৰী আঁচনিসমূহ আমাৰ অঞ্চলসমূহত সঠিকভাৱে ৰূপায়ণ হয়। প্ৰয়োজন সাপেক্ষে ব্যক্তিগত উদ্যোগো বাঞ্ছনীয়। সেয়েই সাক্ষৰতা জৰুৰী। জীৱনৰ বাবেও সাক্ষৰতা জৰুৰী; দেশৰ প্ৰগতিৰ হকেও প্ৰয়োজনীয়। বাস্তৱ ৰূঢ় হ'লেও জনসচেতনতা, সজাগতাৰে জনজাগৰণ সৃষ্টি হ'লেও নিৰক্ষৰতাৰ হাৰ হ্ৰাস পাই সাক্ষৰতাৰে আত্মনিৰ্ভৰ সমাজ এখন গঢ়াৰ স্বপ্ন বাস্তৱ হ'ব। অন্যথা আমাৰ বাবে কেৱল শ্ল'গান হৈ ৰ'ব-- "এডুকেশ্যন ফৰ অল" অথবা "পঢ়িম মই, আগবাঢ়ি যাম মই; আত্মনিৰ্ভৰ ভাৰতৰ সপোন দিঠক কৰিম মই" আদিবোৰ।
(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখক। ৮ ছেপ্টেম্বৰৰ আন্তৰ্জাতিক সাক্ষৰতা দিৱসৰ সৈতে সংগতি ৰাখি লেখাটো প্ৰকাশ কৰা হৈছে।)