পঞ্জাৱৰ বানপীড়িতলৈ ট্ৰাক ভৰ্তি সাহায্য প্ৰেৰণ কৰিলে মুছলমান সমাজে

Story by  atv | Posted by  [email protected] • 6 h ago
পঞ্জাৱৰ বানপীড়িতলৈ ট্ৰাক ভৰ্তি সাহায্য প্ৰেৰণ কৰিলে মুছলমান সমাজে
পঞ্জাৱৰ বানপীড়িতলৈ ট্ৰাক ভৰ্তি সাহায্য প্ৰেৰণ কৰিলে মুছলমান সমাজে
 
নতুন দিল্লী

উত্তৰ ভাৰতত বানৰ প্ৰকোপ অব্যাহত আছে। পঞ্জাবেও শতিকাৰ সবাতোকৈ ভয়াৱহ বানপানীৰ সন্মুখীন হৈছে আৰু ৰাজ্যখনৰ ২৩খন জিলা প্লাবিত হৈছে। এনে সময়তে পাঞ্জাবীসকলৰ একতা, সম্প্ৰীতি আৰু দৃঢ় মনোভাৱ জিলিকি উঠিছে। সকলো জাতি-ধৰ্মৰ লোকে ঐক্যবদ্ধ হৈ বানপীড়িতসকলক সহায় কৰিবলৈ আগুৱাই আহিছে।
 
মানৱতাৰ অনুপম নিদৰ্শন দাঙি ধৰি পঞ্জাৱৰ মুছলমানসকলে প্ৰায় ৩ লাখ স্থানচ্যুত লোকক আশ্ৰয় দিবলৈ মছজিদৰ দুৱাৰ মুকলি কৰি দিছে। এই মহানুভৱতাই সংকটৰ সময়ত দেশৰ ঐক্য-সংহতি আৰু মানৱতাক প্ৰতিফলিত কৰে। বানপীড়িত পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ বাবে আগবাঢ়ি আহিছে সোণু ছুদ, অমৰিক বীৰ্ক, দিলজিৎ দোছাঞ্জ, সঞ্জয় দত্ত আদিৰ দৰে জনপ্ৰিয় অভিনেতা আৰু শিল্পীসকল।
 
আৰ্থিক সাহায্যৰ প্ৰতিশ্ৰুতি দিয়াৰ উপৰিও তেওঁলোকে এক্সৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বানপানীত বিধ্বস্ত হোৱা লোকসকলৰ বাবে জৰুৰী সহায় আৰু সমৰ্থনৰ বাবে আবেদন জনাইছে। দুৰ্যোগৰ সন্মুখীন হ'লেও কেনেকৈ একতা-সংহতি, মমতা আৰু মানৱতা পঞ্জাৱৰ সৰ্বোচ্চ শক্তি হৈয়েই আছে, এই সামূহিক প্ৰচেষ্টাই তাকে প্ৰদৰ্শন কৰিছে।
 
সমগ্ৰ দেশতে ক'ভিড-১৯ মহামাৰীৰ সময়ত আনক সহায় কৰাৰ অভিযানত সম্পূৰ্ণ হৃদয়েৰে নামি পৰা সোণু ছুদে এক্সত এইদৰে আবেদন জনাইছে:

ৰাজ্যৰ আই পি এছ বিষয়াসকলে পঞ্জাৱৰ বানপীড়িত লোকসকলৰ বাবে মুখ্যমন্ত্ৰীৰ পুঁজিত তেওঁলোকৰ এদিনীয়া দৰমহা দিয়াৰ প্ৰতিশ্ৰুতি দিছে।জনপ্ৰিয় কণ্ঠশিল্পী দিলজিত দোছাঞ্জে ১০খন গাঁও তুলি লোৱাৰ বিপৰীতে অমৰিক বীৰ্কে ২০০টা পৰিয়ালক পোহপাল দি আছে। পাঞ্জাবী চিনেমাৰ বিখ্যাত অভিনেতা সোণম বাজৱাই উদ্ধাৰকাৰী দলৰ সৈতে সক্ৰিয়ভাৱে কাম কৰি থকা সংগঠনসমূহক অনুদান আগবঢ়াইছে। পঞ্জাৱৰ সৈতে পাৰিবাৰিক সম্পৰ্ক থকা বলীউড অভিনেতা সঞ্জয় দত্তই ভুক্তভোগীসকলক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে:

বিশেষকৈ হাৰিয়ানাৰ মুছলমান সংগঠনসমূহে পঞ্জাৱৰ বানত ক্ষতিগ্ৰস্তসকলৰ বাবে জমিয়ত উলেমা-ই-হিন্দৰ মাদ্ৰাছা আৰু স্থানীয় শাখাসমূহত সাহায্য সামগ্ৰী সংগ্ৰহ কৰি আছে। এই সংগঠনসমূহে সাহায্য প্ৰদানৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। হাৰিয়ানাৰ মেৱাট অঞ্চলত বসবাস কৰা মুছলমানসকলে পঞ্জাৱৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সাহায্য সামগ্ৰীৰ বাবে ঘৰে ঘৰে সংগ্ৰহ অভিযান আৰম্ভ কৰিছে। ৰেচন, কাপোৰ, আঠুৱা, পশুখাদ্য, ঔষধ, বিশুদ্ধ খোৱাপানী আদি অত্যাৱশ্যকীয় সামগ্ৰী বৃহৎ পৰিমাণে প্ৰেৰণ কৰা হৈছে।
 
হাৰিয়ানাৰ জিন্দ জিলাৰ গাঁও উজানাৰ পৰা স্থানীয় মুছলমান নেতাসকলে ১৫০ কুইণ্টল ঘেঁহুৰ আটা সংগ্ৰহ কৰিছে। এইবোৰ ট্ৰেক্টৰ ট্ৰলীত পঞ্জাৱলৈ প্ৰেৰণ কৰা হৈছে। গাঁওখনত এনে এখন ঠাই নিৰ্ধাৰণ কৰা হৈছিল য’ত মানুহে বিচৰা সাহায্য সামগ্ৰী আনিব পাৰিব। মেৱাটৰ জনসাধাৰণ কেৱল ব্যক্তিগত পৰ্যায়তে নহয়, প্ৰতিষ্ঠানিক পৰ্যায়তো সক্ৰিয় আছিল। আম্বালাৰ নাৰায়ণগড়ত অৱস্থিত মাদ্ৰাছা জিনাট উলুমক সাহায্য সামগ্ৰীৰ সংগ্ৰহ হিচাপে নিৰ্ধাৰণ কৰা হৈছে।
মৌলানা শৌকত আলীৰ মতে, এই পৰ্যন্ত মাদ্ৰাছা জিনাত উলুমৰ পৰা পঞ্জাৱলৈ ২৫০০ৰো অধিক ফুড কিট প্ৰেৰণ কৰা হৈছে। ইয়াৰ উপৰিও ১৫খন পিকআপ ভ্যানে সাহায্য সামগ্ৰী কঢ়িয়াই পঞ্জাৱৰ বানপীড়িত অঞ্চললৈ ৰাওনা হৈছে। যমুনানগৰ জিলাৰ বহু গাঁৱৰ পৰা মুছলমানসকলে বানাক্ৰান্তৰ বাবে খাদ্য সামগ্ৰী আৰু লাখ লাখ নগদ ধন সংগ্ৰহ কৰে।
 
মুছলমান সমাজৰ সদস্যসকলে কয় যে চাদ-দি কালান (Undying spirit)ৰ প্ৰকৃত মনোভাৱেৰে এই কঠিন সময়ত বানপীড়িত লোকসকলৰ সৈতে থিয় দিয়াটো আমাৰ কৰ্তব্য। মছজিদসমূহে বানাক্ৰান্তক নগদ ধনেৰে সহায় কৰিবলৈ আৰু তেওঁলোকৰ প্ৰতি দয়ালু হ'বলৈ ৰাইজক আহ্বান জনাইছে। এই পৰ্যন্ত লাখ লাখ নগদ ধন আৰু কেইবা কুইণ্টল খাদ্য সামগ্ৰী সংগ্ৰহ কৰা হৈছে। এই সাহায্য সামগ্ৰী আম্বালা জিলাৰ নাৰায়ণগড়ৰ এখন মাদ্ৰাছালৈ আৰু তাৰ পৰা পঞ্জাৱৰ ক্ষতিগ্ৰস্ত জিলাসমূহলৈ প্ৰেৰণ কৰা হ’ব।
 
পঞ্জাৱৰ বানপীড়িতৰ বাবে খাদ্য সামগ্ৰী সাজু কৰা হৈছে
 
দয়ালপুৰৰ আৰ চি এফ কলনীত পঞ্জাৱৰ মুছলিম অৰ্গেনাইজেচনৰ এখন বৈঠক অনুষ্ঠিত হয়। মছজিদ সমিতিৰ মুৰব্বী হাজী খুছি মহম্মদে সমাজৰ লোকসকলক বানাক্ৰান্তৰ প্ৰতি সহায়ৰ হাত আগবঢ়াবলৈ কয়। পঞ্জাৱৰ মান্দ অঞ্চলত জমিয়ত উলেমা-ই-হিন্দ কাপুৰথালাৰ সভাপতি মৌলানা আমানুল্লাহ আৰু কাপুৰথালাৰ শ্বাহী ইমাম, মৌলৱী আব্দুল হামিদ, মনছুৰ আলী আদিয়ে বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। 
 
উল্লেখ্য যে, পঞ্জাবে শেহতীয়াকৈ ইতিহাসৰ আটাইতকৈ ভয়াৱহ বানপানীৰ সন্মুখীন হৈছে, য'ত প্ৰায় ২৯ জন লোকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ লোক গৃহহাৰা হৈছে। প্ৰবল বৰষুণ আৰু নদীবান্ধৰ পানী এৰি দিয়াৰ বাবেই এই ধ্বংসলীলাৰ উদ্ভৱ হোৱা বুলি দোষাৰোপ কৰা হৈছে।