ইছলাম ধৰ্ম প্ৰৱৰ্তক হজৰত মহম্মদ শান্তিৰ সৰ্বশ্ৰেষ্ঠ প্ৰতীক: কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া

Story by  atv | Posted by  Munni Begum • 2 h ago
বাংগালুৰুৰ ঐতিহাসিক পেলেছ গ্ৰাউণ্ডত অনুষ্ঠিত 'জাছন-ই-মিলাদুন্নাবি' সন্মিলনৰ এক দৃশ্য
বাংগালুৰুৰ ঐতিহাসিক পেলেছ গ্ৰাউণ্ডত অনুষ্ঠিত 'জাছন-ই-মিলাদুন্নাবি' সন্মিলনৰ এক দৃশ্য
 
সবিহা ফাতিমা / বাংগালুৰু
 
বাংগালুৰুৰ ঐতিহাসিক পেলেছ গ্ৰাউণ্ডত শুকুৰবাৰে অনুষ্ঠিত 'জাছন-ই-মিলাদুন্নাবি' সন্মিলনখনে এক অনন্য সামাজিক-ধৰ্মীয় পৰিৱেশ সৃষ্টি কৰিছে। য'ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ লোকৰ উপস্থিতি হৈছিল। এই বৃহৎ জাছন-ই-মিলাদুন্নাবি সন্মিলনখন কেৱলমাত্ৰ ধৰ্মীয় অনুষ্ঠানেই নহয়, বৰঞ্চ সামাজিক সম্প্ৰীতি, সংবিধানিক দায়িত্ববোধ আৰু ভাতৃত্ববোধৰ এক দৃষ্টান্ত স্থাপন কৰিছে। 
 
যুটীয়া মিলাদ সমিতিৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত জুলুছ-ই-মহম্মদী কমিটি বাংগালুৰু, সদৌ কৰ্ণাটক মিলাদ ৱা জুলছ ৰহমাতুল লিল আলমীন সমিতি আৰু সদৌ কৰ্ণাটক চুন্নী জমিয়াতুল উলেমা আদি সংগঠনে সক্ৰিয় ভূমিকা পালন কৰিছে। এই উপলক্ষে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই সভাত ভাষণ দি শান্তি, ভাতৃত্ববোধ আৰু ভাৰতীয় সংবিধানৰ মৌলিক মনোভাৱ গ্ৰহণ কৰাৰ বাবে সকলোকে আহ্বান জনায়।   
 
হজৰত মহম্মদৰ ১৫০০ বছৰীয়া জয়ন্তী উপলক্ষে সন্মিলনত ভাষণ প্ৰদান কৰি থকা অৱস্থাত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই
 
তেওঁ কয় যে, হজৰত মহম্মদৰ জীৱনে মানৱতাক ন্যায়, সমতা আৰু ধৰ্মীয় সম্প্ৰীতিৰ দিশত পথ প্ৰদৰ্শন কৰে আৰু এইবোৰেই ভাৰতৰ সংবিধানতো নিজৰ ভিতৰতে সন্নিৱিষ্ট হৈ থকা মৌলিক উপাদান। নবীৰ শিক্ষাক কৰ্ণাটকৰ সামাজিক পৰম্পৰাৰ সৈতে সংযোগ কৰি মুখ্যমন্ত্ৰীয়ে বাসৱন্নাৰ শৰণ আন্দোলনৰ উদাহৰণ দাঙি ধৰে। তেওঁ কয় যে, বাসৱন্নাই যিদৰে সমাজত সমতা আৰু মমতাৰ বাৰ্তা প্ৰেৰণ কৰিছিল ঠিক একেদৰে হজৰত মহম্মদে মানৱতাক ভাতৃত্ববোধ আৰু দয়াৰ পথ দেখুৱাইছিল।  
 
তেওঁ স্পষ্ট কৰি দিয়ে যে, ইছলামৰ প্ৰকৃত অৰ্থ হৈছে শান্তি আৰু নবী বিশ্বৰ সৰ্বশ্ৰেষ্ঠ শান্তি ৰাষ্ট্ৰদূত। ভাৰতীয় সংবিধানো এই আদৰ্শৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে আৰু ইয়াৰ মূল মন্ত্ৰ হৈছে সমতা, স্বাধীনতা আৰু ভ্ৰাতৃত্ববোধ। সংবিধানখন কেৱল কিতাপত সীমাৱদ্ধ কৰি নাৰাখি দৈনন্দিন জীৱনত কাৰ্যকৰী কৰিব লাগে। তেওঁ জোৰ দি কয় - "জয় হিন্দ, জয় কৰ্ণাটক, জয় হিন্দু-মুছলমান।" 
 
উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰেও সন্মিলনত ভাষণ প্ৰদান কৰি কয় যে, হজৰত মহম্মদে সমাজৰ নিপীড়িত আৰু অসহায় শ্ৰেণীৰ বাবে মাত মাতি সমতাৰ ভেটি স্থাপন কৰিছিল। প্ৰতিটো ধৰ্মই শান্তিৰ শিক্ষা দিয়ে আৰু প্ৰতিটো প্ৰাৰ্থনাই একেজন ঈশ্বৰক উদ্দেশ্যিয়ে কৰা হয়। কোনো ধৰ্মকে আনৰ দুখ-কষ্টৰ কাৰক হবলৈ শিকোৱা নাই। নবীৰ শিক্ষা অনুসৰি আমি আমাৰ দেশৰ ঐক্য আৰু অখণ্ডতা ৰক্ষা কৰা উচিত। শিৱকুমাৰে মুছলমানসকলক চিকিৎসক, পেছাদাৰী, নেতা আৰু সমাজৰ গুৰুত্বপূৰ্ণ অংশ হোৱাৰ বাবে নিজকে সংখ্যালঘু বুলি নাভাবিবলৈ উৎসাহিত কৰে। তেওঁ কয় যে, আমি একেলগে ভাৰতৰ ঐতিহ্যক আগুৱাই নিব লাগিব। 
 
সন্মিলনত ধৰ্মীয় পণ্ডিত আৰু উলেমাসকলেও নিজৰ নিজৰ মতামত ব্যক্ত কৰিছে। কলকাতাৰ মুফতি সাজ্জাদ আলমে সোঁৱৰাই দিয়ে যে, মছজিদ-ই-নবীত এটা দলে পূজা-পাতলত লিপ্ত হোৱাৰ বিপৰীতে আনটো দলে জ্ঞান আহৰণ কৰিছিল। তেওঁ কয় যে, আজিৰ সমস্যাৰ সমাধান হজৰত মহম্মদৰ চৰিত্ৰত নিহিত হৈ আছে আৰু মানৱতাৰ সমস্যাৰ উত্তৰ জ্ঞান, কৰুণা আৰু শান্তিৰ সমন্বয়ৰ দ্বাৰাহে সম্ভৱ।  
 
কেৰালাৰ পণ্ডিত ইব্ৰাহিম খলিল থাংগলে মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াক প্ৰশংসা কৰি সাম্প্ৰদায়িক সম্প্ৰীতিৰ আদৰ্শ আখ্যা দি কয় যে, কৰ্ণাটকত শান্তিপূৰ্ণভাৱে এই বিশাল সন্মিলনখন যিদৰে আয়োজন কৰা হৈছে সেয়া সমগ্ৰ দেশৰ বাবে এক বাৰ্তাস্বৰূপ।  
 
হজৰত মহম্মদৰ ১৫০০ বছৰীয়া জয়ন্তী উপলক্ষে সন্মিলনত উপস্থিত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়া
 
হজৰত আল্লামা পীৰ চৈয়দ মহম্মদ খাছিম আশ্ৰাফ বাবাই ভাষণত কয় যে, নবীয়ে পতিতসকলক উত্থাপন কৰিছিল, ভগ্ন হৃদয়ৰ লগত যোগ দিছিল আৰু মানুহক জীয়াই থকাৰ কলা শিকাইছিল। ধন আৰু ক্ষমতা আনৰ বাবে উপযোগী নহ’লে ইয়াৰ কোনো মূল্য নাই। ইছলাম শান্তিৰ ধৰ্ম আৰু নবীয়ে দিয়া পানী অপচয় নকৰাৰ সৰু কিন্তু গভীৰ শিক্ষাৰ দৰে মানুহক পৰিৱেশ আৰু সম্পদ সংৰক্ষণৰ দিশত পথ প্ৰদৰ্শন কৰি আহিছে।  
 
ড° আব্দুল হাকিম আজহাৰীয়ে কয় যে, নবীৰ অতুলনীয় চৰিত্ৰ যাৰ বাবেই তেওঁক হত্যা কৰিবলৈ অহা লোকসকলোৱে তেওঁৰ অনুগামী আৰু প্ৰশংসক হৈ পৰিছিল। এইটোৱেই আছিল তেওঁৰ মমতা আৰু শান্তিৰ প্ৰকৃত শক্তি। 
 
জামা মছজিদৰ ইমাম মৌলানা আব্দুল কাদিৰে নাট-খোৱানীৰ গুৰুত্ব সন্দৰ্ভত কয় যে, আল্লাহে তেওঁৰ প্ৰিয়জনক সৰ্বোচ্চ মৰ্যাদা প্ৰদান কৰিছে আৰু তেওঁৰ প্ৰশংসা কৰা সকলকো সন্মান প্ৰদান কৰিছে। প্ৰতিখন নাটৰ বাৰ্তা হৈছে প্ৰেম, কৰুণা আৰু শান্তি। 
 
কাৰ্যসূচীত আৰক্ষী আয়ুক্ত সীমান্ত কুমাৰ সিঙেও এইবাৰ হজৰত মহম্মদৰ জন্মৰ ১৫০০ বছৰ আৰু এই উপলক্ষে সকলোৱে শান্তিৰ ৰাষ্ট্ৰদূত হৈ সমাজত শান্তিৰ বাৰ্তা প্ৰচাৰ কৰিব লাগে বুলিও আহ্বান জনায়।  
 
শান্তিপূৰ্ণভাৱে কাৰ্যসূচী সম্পূৰ্ণ কৰিবলৈ ৰাইজক অনুৰোধ জনায় সন্মিলনৰ মন্ত্ৰী তথা পৃষ্ঠপোষক বি জেড জমিৰ আহমেদ খানে বিনম্ৰতাৰ পৰিচয় দি কয় যে, তেওঁ মঞ্চত বহি ভাষণ নিদিয়ে বৰঞ্চ জনসাধাৰণৰ মাজত বহি শুনিবহে।     
 
সন্মিলনৰ পৰিৱেশ আধ্যাত্মিকতা আৰু উৎসাহেৰে ভৰি পৰিছিল। নাট-খোৱানছ মহম্মদ মুইনুদ্দিন, মহম্মদ জুনাইদ আশ্ৰাফী কলিকতাৱী আৰু মহম্মদ বাকাৰে নবীৰ প্ৰশংসাত কলিমা পাঠ কৰিছে, যাৰ কণ্ঠই সমগ্ৰ ভূমি প্ৰেম আৰু আধ্যাত্মিকতাৰে ভৰাই তুলিছিল। এই উপলক্ষে SYS এম্বুলেন্স সেৱাও আৰম্ভ কৰা হয়, যিয়ে সমাজ সেৱাৰ দিশত এক বৃহৎ পদক্ষেপ বুলি বিবেচিত হৈছিল। 
 
এই ঐতিহাসিক সন্মিলনত মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়া, উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ, মন্ত্ৰী বি জে জমিৰ আহমেদ খান, মন্ত্ৰী কে জে জৰ্জ, বিধায়ক এন এ হেৰিছ, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সম্পাদক নাছিৰ আহমেদ খানকে ধৰি বহু ৰাজনৈতিক আৰু সামাজিক ব্যক্তি উপস্থিত থাকে। ইয়াৰ উপৰিও দেশৰ বিভিন্ন প্ৰান্তৰ ধৰ্মগুৰু আৰু পণ্ডিতসকলো উপস্থিত আছিল। উছমান শ্বৰীফ আৰু জি এ বাভাৰ দৰে সমাজৰ নেতাসকলে অনুষ্ঠানৰ সফলতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
 
হজৰত মহম্মদৰ জীৱন সম্পৰ্কীয় সন্মিলনৰ এক দৃশ্য
 
সন্মিলনৰ আটাইতকৈ ডাঙৰ বাৰ্তা আছিল যে, হজৰত মহম্মদৰ শিক্ষা আৰু ভাৰতীয় সংবিধান দুয়োটাই সমতা, ন্যায় আৰু ভাতৃত্ববোধ আদি একে কথাই উল্লেখ কৰিছে। সংবিধানখন কিতাপৰ মাজতে সীমাৱদ্ধ নাৰাখি নিজৰ জীৱন আৰু কৰ্মত কাৰ্যকৰী কৰাটো নাগৰিকৰ কৰ্তব্য বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। আমি এই কাম নকৰালৈকে প্ৰকৃত অৰ্থত গণতন্ত্ৰ আৰু মানৱতাক ৰক্ষা কৰাটো সম্ভৱ নহয়।    
 
সামূহিক প্ৰাৰ্থনাৰে কাৰ্যসূচীৰ সামৰণি পৰে, য’ত সমগ্ৰ দেশ আৰু বিশ্বৰ শান্তি, প্ৰগতি আৰু সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰা হয়। সন্মিলনৰ প্ৰতিগৰাকী বক্তাই ইছলাম শান্তিৰ ধৰ্ম বুলি পুনৰবাৰ উল্লেখ কৰিছে। নবীক শান্তিৰ দূত। ভাৰতৰ ভৱিষ্যত সুৰক্ষিত তেতিয়াহে হব যেতিয়া আমি সমাজত ঐক্য, সহনশীলতা আৰু পাৰস্পৰিক সন্মান গ্ৰহণ কৰো।   
 
সমগ্ৰ সন্মিলনখন আল্লামা ইকবালৰ সেই বিখ্যাত শ্বায়েৰীৰ ব্যাখ্যা কৰাৰ দৰেই আছিল। য'ত কোৱা হৈছিল— "কি মহম্মদ ছে ৱাফা তুনে তো হাম তেৰে হায়। য়েহ জাহান চীজ হায় ক্যা। লোহ-ও-কালাম তেৰে হায়।" এই শ্বায়েৰীটোৱে সন্মিলনৰ আত্মাৰ দৰে প্ৰতিধ্বনিত হৈছিল আৰু হাজাৰ হাজাৰ লোকক প্ৰেম, আনুগত্য আৰু শান্তিৰ উমৈহতীয়া বাৰ্তাৰ সৈতে সংযোগ কৰিছিল।   
 
বাংগালুৰুৰ এই সন্মিলনখন কেৱল ধৰ্মীয় অনুষ্ঠান নহয়, সামাজিক সম্প্ৰীতি, সাংবিধানিক দায়বদ্ধতা আৰু ভাগ-বতৰা সংস্কৃতিৰ এক অতুলনীয় সংগম আছিল। ইয়াৰদ্বাৰা প্ৰমাণিত হ’ল যে, নবীৰ শিক্ষা আজিও মানৱতাৰ বাবে ১৫০০ বছৰৰ আগৰ দৰেই প্ৰাসংগিক আৰু তেওঁৰ বাৰ্তাই আমাক এখন উন্নত সমাজ আৰু শক্তিশালী ভাৰত গঢ়ি তোলাৰ দিশত পথ প্ৰদৰ্শন কৰি আহিছে।