খাদ্য সংকটৰ সন্মুখীন হোৱা আৰৱ বিশ্বৰ ভৰসা এতিয়া ভাৰতৰ ওপৰত

Story by  atv | Posted by  [email protected] • 1 d ago
ইউ এ ইৰ আবুধাবিৰ এটা মলত ভাৰতীয় আম
ইউ এ ইৰ আবুধাবিৰ এটা মলত ভাৰতীয় আম
 
শংকৰ কুমাৰ

আৰব বিশ্বৰ বহু ঠাইত সংঘাত আৰু জলবায়ু সম্পৰ্কীয় সমস্যাসমূহ প্ৰতি বছৰে অধিক বৃদ্ধ হৈ যোৱাৰ লগে লগে ৪৭.৩ কোটি লোকৰ বাসস্থান এই অঞ্চলটোৱে খাদ্য সংকটৰ সন্মুখীন হৈছে। খাদ্য আৰু কৃষি সংস্থা (FAO), ইউনিচেফ আৰু বিশ্ব খাদ্য কাৰ্যসূচীৰ প্ৰতিবেদন অনুসৰি ২০২৪ চনলৈকে আৰব বিশ্বৰ ৬ কোটি ৯০ লাখতকৈ অধিক লোকৰ মাজত ক্ষুধা আৰু অপুষ্টি বিপজ্জনক মাত্ৰাত উপনীত হৈছে।
 
২০২৩ চনত এই অঞ্চলটোৱে ইয়াৰ খাদ্য শস্যৰ ৫০%তকৈ অধিক আমদানি কৰিবলগীয়া হৈছিল। বিশেষজ্ঞসকলে এতিয়া আৰব দেশসমূহক এই ক্ৰমবৰ্ধমান সংকটৰ বিৰুদ্ধে যুঁজিবলৈ শক্তিশালী পৰিকল্পনা তৈয়াৰ কৰিবলৈ আহ্বান জনাইছে। বিশ্বজুৰি খাদ্য যোগান কম নিৰ্ভৰযোগ্য হোৱাৰ লগে লগে বহু দেশে অধিক স্বাৱলম্বী হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। 
 
এই পৰিস্থিতিত মনত ৰখাটো গুৰুত্বপূৰ্ণ যে আৰব সাগৰ আৰু পাৰস্য উপসাগৰৰ ঠিক সিপাৰে অৱস্থিত ভাৰত দীৰ্ঘদিন ধৰি ইউ এ ই, ছৌদি আৰব, ওমান, কুৱেইট, আৰু কাটাৰৰ দৰে কেইবাখনো আৰব দেশৰ খাদ্যৰ বিশ্বাসযোগ্য যোগানকাৰী হৈ আহিছে। ভাৰতৰ মুঠ খাদ্য উৎপাদন ২০২৪–২৫ চনত ৩৫৩৯.৫৯ লাখ মেট্ৰিক টন হয়। ইয়াৰ ভিতৰত আছিল ১৪৯০.৭৪ লাখ মেট্ৰিক টন ধান, ১১৭৫.০৭ ঘেঁহু, ৪২২.৮১ কুঁহিয়াৰ, ২৫২.৩৮ দালি, আৰু ৪২৬.০৯ তৈলবীজ।
 
আজি ভাৰত এখন খাদ্য উদ্বৃত্ত দেশ (Food Surplus) আৰু খাদ্য শস্যৰ বিশ্বব্যাপী এক বিশ্বাসযোগ্য যোগানকাৰী হ’বলৈ সুস্থিৰ অৱস্থাত আছে। সেইবাবেই ইউ এ ইয়ে ভাৰতৰ সৈতে অংশীদাৰিত্বৰে এক বিশেষ খাদ্য কৰিডৰ সৃষ্টি কৰাৰ সিদ্ধান্ত লৈছে। এই প্ৰকল্পৰ ভিতৰত খাদ্য প্ৰক্ৰিয়াকৰণ ইউনিট নিৰ্মাণ আৰু খাদ্য উদ্যানৰ বাবে পৰিবহণ আৰু মজুতকৰণৰ উন্নতি সাধন কৰা হ’ব। প্ৰাৰম্ভিক বিনিয়োগ হিচাপে প্ৰায় ২ বিলিয়ন ডলাৰ আঁতৰাই ৰখা হৈছে।
 
ছৌদি আৰৱৰ বাবে খাদ্য সুৰক্ষা শীৰ্ষ অগ্ৰাধিকাৰ। ইউ এ ইৰ দৰেই ই ভাৰতক কৃষিজাত সামগ্ৰীৰ অবিৰত যোগানৰ বাবে এক নিৰ্ভৰযোগ্য উৎস বুলি গণ্য কৰে। ২০২১–২২ চনত ছৌদি আৰবে ভাৰতৰ পৰা ১৫৫০.৫৪ মিলিয়ন ডলাৰৰ কৃষি আৰু আনুষংগিক সামগ্ৰী আমদানি কৰিছিল। ২০২৪–২৫ চনত ই ভাৰতৰ পৰা চাউল অন্তৰ্ভুক্ত নকৰাকৈ ১.৪১ বিলিয়ন ডলাৰৰ শস্য কিনিছিল। একে বছৰতে কেৱল চাউলৰ আমদানিৰ মূল্য আছিল ১.৩৫ বিলিয়ন ডলাৰ।
নেশ্যনেল ভিজন ২০৩০ নামৰ কাটাৰৰ দীৰ্ঘম্যাদী উন্নয়ন পৰিকল্পনাত খাদ্য সুৰক্ষাৰ ওপৰত শক্তিশালী গুৰুত্ব দিয়া হৈছে। ফেব্ৰুৱাৰী মাহত কাটাৰৰ আমিৰ শ্বেইখ তামিম বিন হামাদ আল-থানীৰ ভাৰত ভ্ৰমণৰ সময়ত দুয়োখন দেশে বহু ক্ষেত্ৰত একেলগে কাম কৰাৰ বিষয়ে আলোচনা কৰে, বিশেষকৈ খাদ্য যোগান নিশ্চিত কৰাৰ বাবে।
 
কুৱেইটেও এতিয়া খাদ্য সুৰক্ষাক অধিক গুৰুত্ব সহকাৰে লৈছে। ২০২৩ চনত খাদ্য সুৰক্ষা সূচকাংকত দেশখনৰ ২০টা স্থান হ্ৰাস পাইছিল (ইকনমিষ্ট গ্ৰুপৰ মতে)। সেয়ে, প্ৰায় ৪৯ লাখ জনসংখ্যাৰ দেশ কুৱেইটে খাদ্য যোগান ব্যৱস্থাৰ উন্নতি সাধন কৰিব বিচাৰিছে। যোৱা বছৰ ভাৰতে কুৱেইটলৈ ২১০.২১ মিলিয়ন ডলাৰৰ খাদ্যশস্য ৰপ্তানি কৰিছিল। ভাৰতৰ খাদ্য উদ্যানসমূহতো বিনিয়োগ কৰি তেওঁলোকে ভৱিষ্যতে যোগান নিশ্চিত কৰাৰ পৰিকল্পনা কৰিছে।
 
ওমানে বহনক্ষম কৃষিৰ সহায়ৰ বাবে ছাহামত এখন কৃষি চহৰ নিৰ্মাণ কৰি পদক্ষেপ গ্ৰহণ কৰিছে। ২০১৮ চনৰ পৰা ভাৰতে ওমানক কৃষি আৰু মীন খণ্ড বৃদ্ধি কৰাত সহায় কৰি আহিছে। ওমানে ভাৰতৰ পৰা বৃহৎ পৰিমাণৰ খাদ্যশস্য বিশেষকৈ চাউল আমদানি অব্যাহত ৰাখিছে। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ২০২৫ চনৰ ফেব্ৰুৱাৰীলৈকে ভাৰতৰ পৰা ওমানৰ চাউলৰ আমদানি ১৩.২১% বৃদ্ধি পাই ১.০৫ বিলিয়ন ডলাৰৰ পৰা ১.১৯ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে।
 
উপসাগৰীয় আন এখন দেশ বাহৰেইন কৃষি খণ্ডতো ভাৰতৰ এক নিৰ্ভৰযোগ্য অংশীদাৰ। ২০২৫ চনৰ জুন মাহত ২৪টা ভাৰতীয় খাদ্য আৰু কৃষি কোম্পানীৰে ৩৫ জনীয়া এটা দলে ফেডাৰেচন অৱ ইণ্ডিয়ান এক্সপ’ৰ্ট অৰ্গেনাইজেশ্যন (এফআইইঅ’)ৰ নেতৃত্বত বাহৰেইন ভ্ৰমণ কৰি নতুন বাণিজ্যিক সুযোগ বিচাৰিছিল।
 
উল্লেখ্য যে, উত্তৰ আফ্ৰিকাৰ দেশসমূহক তেওঁলোকৰ কৃষি উন্নত কৰাৰ লগতে খাদ্য সুৰক্ষাৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাত সহায় কৰাৰ ক্ষেত্ৰত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। ইজিপ্তত গিজাৰ কৃষি গৱেষণা কেন্দ্ৰই (এ আৰ চি) ভাৰতৰ আই চি এ আৰ (ইণ্ডিয়ান কাউন্সিল অৱ এগ্ৰিকালচাৰেল ৰিচাৰ্চ)ৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে।
 
ফেব্ৰুৱাৰী মাহত ডুবাইত অনুষ্ঠিত হোৱা গালফ ফুড ফেষ্টিভেলত ষ্টল পৰিদৰ্শন কৰিছে খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰী চিৰাগ পাছৱানে
 
তেওঁলোকে একেলগে জলবায়ু-স্মাৰ্ট কৃষি, উন্নত পানী ব্যৱস্থাপনা, আৰু শস্যৰ উৎপাদন উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ২০২৩ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইজিপ্ত ভ্ৰমণৰ সময়ত দুয়োখন দেশে কৃষি আৰু আনুষংগিক ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে চুক্তিত স্বাক্ষৰ কৰে। এতিয়া তেওঁলোকে বিজ্ঞানীৰ আদান-প্ৰদান, উত্তম পদ্ধতিসমূহ ভাগ-বতৰা কৰে, আৰু ইজিপ্তৰ কৃষি উৎপাদনশীলতা বৃদ্ধিৰ বাবে যৌথভাৱে গৱেষণা কৰে।
 
মৰক্কোৰ সৈতেও ভাৰতৰ অংশীদাৰিত্ব অতি শক্তিশালী। ২০১৮–২০২০ বৰ্ষৰ পৰিকল্পনাৰ অধীনত দুয়োখন দেশৰ বিজ্ঞানীসকলে ইজনে সিজনক সাক্ষাৎ কৰি বহনক্ষম আৰু জলবায়ু স্থিতিস্থাপক কৃষি গৱেষণাৰ ওপৰত একেলগে কাম কৰিছিল। লগতে পানীৰ নাটনি, মাটিৰ স্বাস্থ্যৰ অৱনতি আদি বিষয়সমূহো তেওঁলোকে সমাধান কৰিছে।
 
খাদ্য আমদানিৰ ওপৰত অধিক নিৰ্ভৰশীল দেশ আলজেৰিয়াই ভাৰতৰ সৈতে বিশেষ আইচিএআৰ ফেল’শ্বিপ কাৰ্যসূচীৰ জৰিয়তে অংশীদাৰিত্ব কৰিছে। ইয়াৰ ফলত আলজেৰিয়াৰ ছাত্ৰ-ছাত্ৰীসকলে ভাৰতীয় কৃষি বিশ্ববিদ্যালয়ত পি এইচ ডিৰ বাবে অধ্যয়ন কৰিব পাৰে। এই পদক্ষেপে আলজেৰিয়াত কৃষি দক্ষতা গঢ়ি তোলে আৰু ভাৰত-আলজেৰিয়াৰ সম্পৰ্ক শক্তিশালী কৰে।
 
টিউনিছিয়াত জলবায়ু পৰিৱৰ্তন, ৰাজনৈতিক অশান্তি, আৰু ক’ভিড-১৯ মহামাৰীৰ বাবে খাদ্য সুৰক্ষাৰ সমস্যা অধিক ভয়াৱহ হৈ পৰিছে। এই দিশত সহায় কৰিবলৈ ভাৰতে টিউনিছিয়াত মাটি, পানী, আৰু উদ্ভিদ পৰীক্ষাৰ বাবে ২০১৭ চনৰ চুক্তিৰ অধীনত এটা আধুনিক লেব স্থাপন কৰিছিল। ভাৰতীয় ভূমি বিজ্ঞান প্ৰতিষ্ঠানে এই লেবটো স্থাপন কৰিছিল।
 
এইদৰে আৰব বিশ্বই যুদ্ধ আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত খাদ্যৰ অভাৱৰ ক্ৰমবৰ্ধমান সমস্যাৰ সন্মুখীন হোৱাৰ সময়তে ভাৰত নিৰ্ভৰযোগ্য অংশীদাৰ হৈ পৰিছে। ভাৰতে কেৱল প্ৰয়োজনীয় খাদ্যশস্য প্ৰদান কৰাই নহয়, কৃষিক অধিক বহনক্ষম কৰি তুলিবলৈ গৱেষণা, শিক্ষা, আৰু প্ৰযুক্তিৰ বিনিময়ৰ জৰিয়তে দীৰ্ঘম্যাদী সহায় আগবঢ়াইছে।