নতুন দিল্লী
ফ্ৰান্সৰ সৈতে ভাৰতে শীঘ্ৰেই যুটীয়াভাৱে ১২০ কিলো নিউটন শক্তিৰ যুদ্ধ বিমানৰ ইঞ্জিৰ বিকাশ আৰু উৎপাদন আৰম্ভ কৰিব। দুয়োখন দেশেই শীঘ্ৰেই এই প্ৰকল্পৰ বাবে আনুষ্ঠানিকতা সম্পন্ন কৰিব। ফ্ৰান্সৰ চেফৰান এছ আৰু ভাৰতৰ ডি আৰ ডি অ’ৰ অধীনস্থ গেছ টাৰবাইন ৰিচাৰ্চ এষ্টাবলিষ্টমেণ্ট (GTRE) এ যৌথভাৱে এই প্ৰকল্পত নিয়োজিত হ’ব।
যোৱা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় স্তৰত নিজস্ব জেট ইঞ্জিন বিকাশৰ আহ্বান জনোৱাৰ পিছতেই এই পদক্ষেপ গ্ৰহণ হ’ব বুলি জানিব পৰা গৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও অতি শীঘ্ৰেই যুদ্ধবিমানৰ ইঞ্জিন বিকাশৰ গুৰুত্বপূৰ্ণ কাম-কাজ আৰম্ভ হ’ব বুলি ইংগিত দিছে।
খবৰ অনুসৰি Safran আৰু GTRE-এ যৌথভাৱে ১২ বছৰৰ ভিতৰত ন’টা প্ৰ’ট’টাইপ ইঞ্জিনৰ বিকাশ কৰিব। এই ইঞ্জিন আৰম্ভণিতে ১২০ কিলো নিউটনৰ হ’ব, যাৰ ক্ষমতা পৰৱৰ্তী সময়ত ১৪০ কিলো নিউটনলৈ বৃদ্ধি কৰা হ’ব।
এই ইঞ্জিন ভাৰতীয় বৌদ্ধিক সম্পত্তি অধিকাৰ (IPR) ত বিকাশ হ’ব আৰু ফ্ৰান্সৰ Safran প্ৰতিষ্ঠানে DRDO-ক ১০০ শতাংশ প্ৰযুক্তি হস্তান্তৰ কৰিব। ইয়াত অন্তৰ্ভুক্ত থাকিব অত্যাধুনিক ক্রিষ্টেল ব্লেড প্ৰযুক্তিও।
AMCA (Advanced Medium Combat Aircraft) নামৰ দুটা ইঞ্জিন থকা বহু-ভূমিকা সম্পন্ন যুদ্ধবিমানত এই ইঞ্জিন সংস্থাপন হ’ব। এই যুদ্ধবিমান ভাৰতীয় বেচৰকাৰী খণ্ড—টাটা গ্ৰুপ, এল এণ্ড টি, আৰু আদানি ডিফেন্সৰ সৈতে যৌথভাৱে নিৰ্মাণ কৰা হ’ব।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে দেশীয় ইঞ্জিন বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কাৰণ এই শীৰ্ষ স্থানীয় প্ৰতিৰক্ষা প্ৰযুক্তিৰ দ্বাৰা এই খণ্ডৰ যথেষ্ট উপকাৰ হ’ব। বৰ্তমান কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, ব্ৰিটেন আৰু ফ্ৰান্সৰহে নিজা যুদ্ধবিমান ইঞ্জিন আছে। চীনে এতিয়াও ৰাছিয়াৰ বা নকল ইঞ্জিন ব্যৱহাৰ কৰে।
ইয়াৰ পূৰ্বে ভাৰতে কাৱেৰী ইঞ্জিন প্ৰকল্প আৰম্ভ কৰিছিল। কিন্তু সেই প্ৰকল্প সফল নহ’ল। বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰই GE-404 আৰু GE-414 ইঞ্জিন ভাৰতক যোগান ধৰিছে, যদিও প্ৰযুক্তি হস্তান্তৰ সম্পূৰ্ণ নহয়। ইয়াৰ বিপৰীতে ফ্ৰান্সক বিশ্বাসযোগ্য অংশীদাৰ হিচাপে গণ্য কৰিছে ভাৰতে আৰু সেয়ে ফ্ৰান্সৰ সৈতে এই যুটীয়া প্ৰকল্পৰ বাবে আগবাঢ়িছে। লক্ষ্যণীয় বিষয় যে, ১৯৯৮ চনৰ পখৰান পৰমাণু পৰীক্ষাৰ সময়ত ফ্ৰান্সে ভাৰতৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা কৰা নাছিল। তেনেদৰেই ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ প্ৰতি ফ্ৰান্সে সহযোগিতা আগবঢ়াই আহিছে।
ভাৰতীয় বিমান বাহিনী আৰু নৌবাহিনী উভয়েই আগন্তুক দশকত এই ১২০-১৪০ কিলো নিউটন শক্তিৰ Safran-GTRE ইঞ্জিনৰ ওপৰত নিৰ্ভৰ কৰিব। ইয়াৰ ফলত ভাৰতৰ যুদ্ধবিমান শক্তি আৰু ৰণকৌশলিক সক্ষমতা বহুগুণ বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰা হৈছে।