নতুন দিল্লী
ভাৰত আৰু চীনৰ সেনাই পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক উচ্চ-পৰ্যায়ৰ সামৰিক আলোচনাৰ নতুন পৰ্যায় অনুষ্ঠিত কৰা হৈছে বুলি বুধবাৰে চীনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই প্ৰকাশ কৰে।
মন্ত্ৰালয়ে উল্লেখ কৰিছে যে, ২৫ অক্টোবৰত সীমান্তৰ ভাৰতৰ ফালে থকা মল্ডো-চুছুল সীমান্তৰ মিটিং পইণ্টত কৰ্পছ কমাণ্ডাৰ পৰ্যায়ৰ ২৩ ৰাউণ্ডৰ আলোচনা অনুষ্ঠিত হৈছিল।
চীন-ভাৰত সীমান্তৰ পশ্চিম অংশ পৰিচালনাৰ সন্দৰ্ভত দুয়োপক্ষই সক্ৰিয় আৰু গভীৰ আলোচনাত মিলিত হোৱা বুলি এক বিবৃতিত প্ৰকাশ কৰিছে। বৈঠক সন্দৰ্ভত ভাৰতীয় বিষয়ববীয়াৰ পৰা কোনো আনুষ্ঠানিক খবৰ পোৱা হোৱা নাই।
চীনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে সিদ্ধান্ত লোৱা মতে, দুয়োপক্ষই যোগাযোগ আৰু আলোচনা বজাই ৰখাৰ সিদ্ধান্ত লৈছে।
দুয়োখন দেশৰ নেতাসকলে লাভ কৰা গুৰুত্বপূৰ্ণ সহমতৰ নিৰ্দেশনাত সামৰিক আৰু কূটনৈতিক মাধ্যমেৰে যোগাযোগ আৰু আলোচনা অব্যাহত ৰাখিবলৈ আৰু চীন-ভাৰত সীমান্তৱৰ্তী অঞ্চলত শান্তি যৌথভাৱে ৰক্ষা কৰিবলৈ সন্মত হৈছে বুলিও উল্লেখ কৰা হৈছে।