নতুন দিল্লী
ইংলেণ্ডৰ 'নিউ ইংলেণ্ড জার্নাল অব্ মেডিচিন'ত শেহতীয়াকৈ প্রকাশিত এক তথ্যই বিশ্বৰ দৃষ্টিশক্তিজনিত সমস্যাত ভুগি থকা অগণিত লোকলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে। উক্ত বিজ্ঞানভিত্তিক জার্নালখনত শেহতীয়াকৈ প্রকাশিত এটা লেখাত কোৱা হৈছে যে চকু বিষয়ক গৱেষণাত নিমজ্জিত বিজ্ঞানীৰ গৱেষণাৰ ফলত এনে এক 'ডিভাইচ' উদ্ভাৱন কৰা হৈছে, যিটো চকুত প্রতিষ্ঠাপন কৰা হ'লে অন্ধ লোকেও দৃষ্টি ঘূৰাই পাব।
সেই ডিভাইচৰ লগত এক বিশেষ শ্ৰেণীৰ চছমা সংযোজিত হৈ থাকিব। ইয়াৰ ফলত দৃষ্টিশক্তিৰ সমস্যাত ভুগি থকা লোকসকলে ঘূৰাই পাব দৃষ্টিশক্তি। জার্নালখনে দাবী কৰা অনুসৰি এই বিশেষ শ্ৰেণীৰ চছমাই সুফল দিলে বিশ্বৰ পৰা অন্ধত্ব দূৰ কৰা সম্ভৱ হ'ব। উল্লেখ্য যে বয়সজনিত কাৰণতে হওক বা অন্যান্য ৰোগৰ বাবেই হওক, লাখ লাখ বছৰি দৃষ্টিশক্তিৰ সমস্যাত আক্রান্ত হ'বলগা হৈছে।
উচ্চ ৰক্তচাপ, মধুমেহ ৰোগ, হৃদৰোগ বা কলেষ্টেৰল আদি সমস্যাৰ ফলত দৃষ্টিশক্তি লোপ পোৱা বা দৃষ্টিশক্তিৰ সমস্যাত ভোগা লোকৰ সংখ্যা ক্রমশঃ বৃদ্ধি পাবলৈ ধৰিছে। 'নেচনেল লাইব্ৰেৰী অব্ মেডিচিন'ৰ এক তথ্য অনুসৰি বিশ্বব্যাপী ৫০ বছৰ বা ততোধিক বয়সৰ প্রায় ৮০ শতাংশ লোকেই দৃষ্টিশক্তিজনিত সমস্যাত প্রত্যক্ষ বা পরোক্ষভাবে আক্রান্ত।
শেহতীয়াকৈ গ্লুক'মাৰ দৰে সমস্যাও বৃদ্ধি পাইছে। এইধৰণৰ সমস্যাৰ পৰা লাখ লাখ দৃষ্টিশক্তিৰ সমস্যাত ভোগা লোকৰ বাবে এই শ্ৰেণীৰ বিশেষ চছমা আশাৰ বতৰা হ'ব পাৰে বুলি বিজ্ঞ মহলৰ মাজত চর্চা হৈছে। অৱশ্যে একাধিক পৰীক্ষা-নিৰীক্ষাৰ অন্ততহে এইবিধ চছমা ৰোগীক পৰিধান কৰিবলৈ দিয়া হ'ব বুলি ঠাৱৰ কৰা হৈছে। বিষয়টোক লৈ অধিক গৱেষণাও অব্যাহত আছে।