পুৱতি নিশা অঘটন; ৰাণৱেৰ পৰা সাগৰত পৰিল বিমান

Story by  atv | Posted by  [email protected] • 4 h ago
পুৱতি নিশা অঘটন; ৰাণৱেৰ পৰা সাগৰত পৰিল বিমান
পুৱতি নিশা অঘটন; ৰাণৱেৰ পৰা সাগৰত পৰিল বিমান
 
নতুন দিল্লী
 
আন এক ভয়ংকৰ বিমান দুৰ্ঘটনা।  ৰাণৱেৰ পৰা সাগৰত পৰিল এখন বিমান। সোমবাৰে পুৱতি নিশা হংকং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে ডুবাইৰ পৰা আহিছিল বিমানখন। হংকঙত অৱতৰণ কৰাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হৈছে।
 
জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত বিমানখন এখন কাৰ্গো বিমান আছিল।  ছ’চিয়েল মিডিয়াত এটা ভাইৰেল ভিডিঅ’ত বয়িং ৭৪৭ কাৰ্গো বিমানখনৰ এটা অংশ বিমানবন্দৰৰ কাষতে সাগৰত ডুব যোৱা দেখা গৈছে। জৰুৰীকালীন দুৱাৰখন খোলা আছিল, বিমানখনৰ পিছৰ আৰু সন্মুখৰ অংশ ভাঙি পৃথক হৈ পৰিছিল।
 
সোমবাৰে স্থানীয় সময় অনুসৰি পুৱতি নিশা ৩:৫০ বজাত (দেওবাৰে ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭:৫০ বজাত) সংঘটিত হয় এই দুৰ্ঘটনা। হংকঙৰ অসামৰিক বিমান পৰিবহণ বিভাগে জনোৱা মতে, অৱতৰণ কৰাৰ পিছত বিমানখন উত্তৰ ৰাণৱেৰ পৰা পিছলি সাগৰত পৰি যায়।
 
হংকং বিমানবন্দৰে এক বিবৃতি প্ৰকাশ কৰি কয় যে, বিমানখনত চাৰিজন ক্ৰু আছিল। তেওঁলোকক উদ্ধাৰ কৰা হৈছে যদিও ৰাণৱেৰ ওচৰত বাহনত থকা দুজন শ্ৰমিকৰ মৃত্যু হয়। অনুমান কৰা হৈছে যে অৱতৰণৰ সময়ত বিমানখনৰ চকা খুলি প্ৰথমে বাহনখনৰ ওপৰত আৰু পিছত সাগৰত পৰি যায়।
 
হংকং বিমানবন্দৰ বিশ্বৰ অন্যতম ব্যস্ত কাৰ্গো বিমানবন্দৰ। দুৰ্ঘটনাৰ পিছৰে পৰা বন্ধ হৈ আছে বিমানবন্দৰটো। কেৱল দক্ষিণ আৰু মধ্যম ৰাণৱেই বৰ্তমান কাৰ্যক্ষম হৈ আছে। সতৰ্কতাৰে তাত বিমান উৰণ আৰু অৱতৰণ কৰা হৈছে। দুৰ্ঘটনাত পতিত কাৰ্গো বিমানখনৰ বয়স আছিল ৩২ বছৰ। ইয়াৰ পূৰ্বে যাত্ৰীবাহী বিমান হিচাপে ব্যৱহাৰ কৰা হৈছিল। পিছত ইয়াক মালবাহী বিমানলৈ ৰূপান্তৰিত কৰা হয়। হংকং প্ৰশাসনে এই দুৰ্ঘটনা কেনেদৰে সংঘটিত হ’ল সেইটো নিৰ্ণয় কৰিবলৈ তদন্ত কৰা হ’ব বুলি আশ্বাস দিছে।