নতুন দিল্লী
বন্ধুত্বৰ সম্পৰ্ক স্থাপন আৰু বন্ধুত্ব ৰক্ষা কৰাত বিশ্বৰ ভিতৰতে ভাৰতৰ এক সুকীয়া স্থান আছে। চুবুৰীয়া দেশৰ উপৰিও বিশ্বৰ আন আন দেশক ইতিমধ্যে ভাৰতে বিভিন্ন প্ৰকাৰে সহায়- সহযোগিতা আগবঢ়াইছে।
শেহতীয়াকৈ ভাৰতে সহায়ৰ হাত আগবঢ়াইছে চুবুৰীয়া দেশ শ্ৰীলংকালৈ। দাক্ষিণাত্যত অহা দিতৱাহ ধুমুহা বতাহৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে তামিলনাডু ৰাজ্য।
এই ঘূৰ্ণী বতাহ ইমানেই প্ৰবল যে ই ঘণ্টাত ১০০ কিলোমিটাৰৰো অধিক বেগত বলে। ফল স্বৰূপে চুবুৰীয়া দেশ শ্ৰীলংকাকো বহু পৰিমাণে ক্ষতিগ্ৰস্ত কৰিছে দিতৱাহ ঘূৰ্ণী বতাহে। দিতৱাহে প্ৰবল বৃষ্টিপাতৰ লগতে প্ৰচণ্ড ধুমুহাৰ সৃষ্টি কৰি প্ৰলংকাৰী ৰূপ ধাৰণ কৰিছে শ্ৰীলংকাত।
যাৰ বাবে আৰ্থিকভাৱে জুৰুলা দেশখনৰ সৰ্বসাধাৰণ জনতা নানান সমস্যাত পৰিব লগা হৈছে। বহু ঠাইত সৃষ্টি হৈছে প্ৰলংকাৰী বানৰ। উটুৱাই নিছে ঘৰ- বাৰী। আশ্ৰয়হীন হৈ পৰিছে ভালেসংখ্যক পৰিয়াল। শ্ৰীলংকাৰ এনে বিপৰ্যয় সহ্য কৰিব নোৱাৰি ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে প্ৰেৰণ কৰিছে ভাৰতীয় সেনাৰ এটি দল।
ইতিমধ্যে বুধবাৰে পুৱাই উপকূলীয় দেশখনৰ কলম্বোত অৱতৰণ কৰিছে উদ্ধাৰকাৰী ভাৰতীয় সেনা জোৱান কঢ়িয়াই নিয়া আই এফ চি ১৭ বিমান। এই অভিযানক নাম দিয়া হৈছে সাগৰ বন্ধু বুলি। সাগৰ বন্ধু অভিযানৰ দ্বাৰা ভাৰতীয় সেনা বাহিনীয়ে শ্ৰীলংকাৰ জনতাক উদ্ধাৰ কৰিব দিতৱাহৰ পৰা।
উল্লেখযোগ্য যে, এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী এছ জয়শংকৰে কয় যে, 'শ্ৰীলংকাৰ বান সাহাৰ্য প্ৰচেষ্টা অৱ্যাহত ৰাখিছে ভাৰত চৰকাৰে। অত্যাৱশ্যকীয় সা- সামগ্ৰীৰ লগতে খাদ্য সামগ্ৰী ইতিমধ্যে প্ৰেৰণ কৰা হৈছে শ্ৰীলংকালৈ।'
তাৰোপৰি জনসাধাৰণক উদ্ধাৰৰ বাবে সাগৰ বন্ধু নামে এক অভিযানো আৰম্ভ কৰা হৈছে। এই অভিযানৰ অংশস্বৰূপে ভাৰতীয় সেনা বাহিনীৰ এটা উদ্ধাৰকাৰী দলো দেশখনলৈ পঠিওৱা হৈছে। তেওঁলোকৰ সৈতে একেলগে চিকিৎসা সামগ্ৰী, ঔষধ-পাতিৰ উপৰিও চিকিৎসক, নাৰ্চ, স্বাস্থ্যকৰ্মী আদিৰ এটি দল গৈছে দেশখনলৈ।