ইৰান এৰাৰ পৰামৰ্শৰে ভাৰতীয় দূতাবাসৰ জাননী জাৰি

Story by  atv | Posted by  [email protected] • 1 Months ago
ইৰান এৰাৰ পৰামৰ্শৰে ভাৰতীয় দূতাবাসৰ জাননী জাৰি
ইৰান এৰাৰ পৰামৰ্শৰে ভাৰতীয় দূতাবাসৰ জাননী জাৰি
 
নতুন দিল্লী
 
ইৰানৰ শেহতীয়া পৰিৱেশ- পৰিস্থিতি সন্দৰ্ভত ভাৰতে ইৰানত থকা ভাৰতীয় নাগৰিকসকলক অতি সোনকালে দেশ এৰিবলৈ আহ্বান জনাই এক জাননী জাৰি কৰিছে। বৰ্ধিত আঞ্চলিক উত্তেজনা আৰু প্ৰতিবাদৰ মাজত নিৰাপত্তা পৰিস্থিতিৰ বিকাশৰ উদ্ধৃতি দি তেহৰাণত থকা ভাৰতীয় দূতাবাসে এই পৰামৰ্শ জাৰি কৰিছে।
 
পৰামৰ্শমূলক এই জাননীযোগে কোৱা হৈছে যে, “পৰ্যটকসকলক বাণিজ্যিক বিমানকে ধৰি উপলব্ধ পৰিবহণ ব্যৱস্থা ব্যৱহাৰ কৰি ইৰানৰ পৰা ওলাই আহিবলৈ পৰামৰ্শ দিয়া হৈছে।” ইৰানৰ বিৰুদ্ধে আমেৰিকাৰ সম্ভাৱ্য সামৰিক ব্যৱস্থা আৰু দেশখনৰ কিছু অংশত চলি থকা প্ৰতিবাদৰ উদ্বেগকে ধৰি অঞ্চলটোত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে এই নতুন সতৰ্কবাণী দিয়া হৈছে। য’ত ২৫০০ৰো অধিক লোকৰ প্ৰাণহানি হোৱা বুলি জানিব পৰা গৈছে।
 
একেদৰে নাগৰিকক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে দূতাবাসে। ভাৰতীয় কৰ্তৃপক্ষই নাগৰিকসকলক সজাগ হৈ থাকিবলৈ আৰু অশান্তিৰ অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। তেহৰাণত থকা দূতাবাসে পুনৰ কয়, “সকলো ভাৰতীয় নাগৰিক আৰু পিআইঅ’ই সৰ্বোচ্চ সাৱধানতা অৱলম্বন কৰিব লাগে, প্ৰতিবাদ বা বিক্ষোভৰ অঞ্চল এৰাই চলিব লাগে। ইৰানত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ ৰাখিব লাগে আৰু যিকোনো পৰিস্থিতিৰ বাবে স্থানীয় সংবাদ মাধ্যমক নিৰীক্ষণ কৰিব লাগে।”
 
আনহাতে ভাৰতীয় নাগৰিকসকলকো তেওঁলোকৰ ভ্ৰমণ আৰু অনুপ্ৰৱেশৰ নথি-পত্ৰ, পাছপ’ৰ্ট, পৰিচয় পত্ৰকে ধৰি সহজলভ্য হোৱাটো নিশ্চিত কৰিবলৈ আৰু প্ৰয়োজন হ’লে সহায়ৰ বাবে দূতাবাসৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায়।
 
ইফালে সহায়ৰ বাবে দূতাবাসে জৰুৰীকালীন হেল্পলাইন সক্ৰিয় কৰিছে আৰু কনছুলাৰ সহায়ৰ বাবে কেইবাটাও যোগাযোগ নম্বৰ আৰু এটা চৰকাৰী ইমেইল আইডি শ্বেয়াৰ কৰিছে। এতিয়াও দূতাবাসত পঞ্জীয়ন নকৰা ভাৰতীয়সকলক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অনলাইন পৰ্টেলত পঞ্জীয়ন কৰিবলৈ আহ্বান জনোৱা হৈছে, আৰু ইৰাণত ইণ্টাৰনেটৰ ব্যৱহাৰত ব্যাঘাত জন্মালে ভাৰতৰ পৰিয়ালসমূহক তেওঁলোকৰ হৈ পঞ্জীয়ন সম্পূৰ্ণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।