অৱশেষত সপোন পূৰণ হ’ল ড’নাল্ড ট্ৰাম্পৰ; গ্ৰহণ কৰিলে শান্তিৰ নোবেল!

Story by  atv | Posted by  [email protected] • 2 h ago
অৱশেষত সপোন পূৰণ হ’ল ড’নাল্ড ট্ৰাম্পৰ; গ্ৰহণ কৰিলে শান্তিৰ নোবেল!
অৱশেষত সপোন পূৰণ হ’ল ড’নাল্ড ট্ৰাম্পৰ; গ্ৰহণ কৰিলে শান্তিৰ নোবেল!
 
ৱাশ্বিংটন ডি চি
 
অৱশেষত যেন সপোন পূৰণ হ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ! গ্ৰহণ কৰিলে শান্তিৰ নোবেল বঁটা! অৱশ্যে এই বঁটা তেওঁক নোবেল সমিতিয়ে দিয়া নাই, বৰঞ্চ ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া কাৰিনা মাচাডোৱে নিজৰ বঁটাটো ট্ৰাম্পক উপহাৰ হিচাপে অৰ্পণ কৰিছে।
 
২০২৫ চনত শান্তিৰ নোবেল বঁটা লাভ কৰা মাচাডোৱে পূৰ্বেই ঘোষণা কৰিছিল যে তেওঁ নিজৰ এই সন্মানীয় বঁটাটো আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক দিব বিচাৰে। সেই অনুসৰি যোৱা বৃহস্পতিবাৰে হোৱাইট হাউছত ট্ৰাম্পক সাক্ষাৎ কৰি তেওঁ নিজৰ পদকটো ৰাষ্ট্ৰপতিগৰাকীৰ হাতত তুলি দিয়ে। 
 
''তিনিখন নহয়, আঠখন যুদ্ধ বন্ধ কৰিছে! তেওঁ শান্তিৰ নোবেল বঁটাৰ যোগ্য।’’-  শান্তিৰ নোবেল বঁটা বিজয়ী মাৰিয়া ক’ৰিনা মাচাডোৱে কয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে শান্তিৰ নোবেল বঁটা বিচাৰিছিল, কিন্তু নাপালে। তেওঁৰ এই ইচ্ছা পূৰণ কৰে ২০২৫ চনৰ শান্তিৰ নোবেল বঁটা বিজয়ী মাৰিয়া ক’ৰিনা মাচাডোৱে। ট্ৰাম্পেও হাঁহি হাঁহি এই বঁটা গ্ৰহণ কৰে। 
 
নোবেল বঁটা লাভ কৰাৰ পিছত ট্ৰাম্পে কয় যে, “এইটো পাৰস্পৰিক সন্মানৰ এক উল্লেখযোগ্য উদাহৰণ। মাচাডোৰ যুক্তি আৰু ভেনিজুৱেলাৰ স্বাধীনতা পুনৰ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি পালন কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে, যাৰ বাবে তেওঁ নোবেল বঁটা প্ৰদান কৰিছে।” মাচাডোৱে নিজৰ বঁটা ট্ৰাম্পক অৰ্পণ কৰিলে ঠিক, কিন্তু নোবেল কমিটীয়ে কয় যে নোবেল বঁটা এনেদৰে আন কাৰোবাক দিব নোৱাৰি, নোবেল বঁটা ভাগো কৰিব নোৱাৰি।
 
পূৰ্বে যেতিয়া মাচাডোৱে ট্ৰাম্পৰ সৈতে শান্তি নোবেল বঁটা ভাগ কৰিম বুলি কৈছিল, তেতিয়া নৰৱেৰ নোবেল কমিটীয়ে কৈছিল যে নোবেল বঁটাৰ ঘোষণা শিলত লিখাৰ দৰেই। এবাৰ নোবেল বঁটা ঘোষণা হ’লে সেই বঁটা প্ৰত্যাহাৰ কৰিব নোৱাৰি, আন কাৰোবাক হস্তান্তৰ কৰিব নোৱাৰি। এই সিদ্ধান্ত চিৰস্থায়ী। পদকৰ মালিকীস্বত্ব সলনি হ’ব পাৰে, কিন্তু কাৰোবাৰ নাম এবাৰ ঘোষণা হ’লেই তেওঁলোকৰ নামৰ পৰা নোবেল বিজয়ী শব্দটো আঁতৰাব নোৱাৰি।
 
উল্লেখ্য যে, ভেনিজুৱেলাত গণতান্ত্ৰিক অধিকাৰ পুনৰুদ্ধাৰ আৰু শান্তিপূৰ্ণভাৱে ক্ষমতা হস্তান্তৰৰ সুবিধা প্ৰদানৰ বাবে কৰা কামৰ বাবে ২০২৫ চনত মাচাডোৱে শান্তিৰ নোবেল বঁটা লাভ কৰিছিল।