২ দিনীয়া ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন

Story by  atv | Posted by   Imtiaz Ahmed • 4 h ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক উষ্ম আলিংগনেৰে আদৰণি জনায়
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক উষ্ম আলিংগনেৰে আদৰণি জনায়
নতুন দিল্লী

ভঙ্গুৰ ভূ-ৰাজনৈতিক পৰিৱেশৰ মাজতো অপৰিৱৰ্তিত হৈ থকা আঠ দশকৰ ভাৰত-ৰাছিয়াৰ অংশীদাৰিত্ব আৰু অধিক সম্প্ৰসাৰণৰ বাবে বৃহস্পতিবাৰে সন্ধিয়া দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয় ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন।

শুকুৰবাৰে ২৩ সংখ্যক ভাৰত-ৰাছিয়া শীৰ্ষ সন্মিলনৰ আলোচনাৰ সুৰ নিৰ্ধাৰণ কৰিবলৈ আজি সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুটিনৰ বাবে ব্যক্তিগতভাৱে নৈশ আহাৰৰ আয়োজন কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সন্ধিয়া সাতমান বজাত ভাৰতত অৱতৰণ কৰে, আৰু তেওঁক ভাৰতীয় বিষয়াসকলে ৰঙা দলিচাৰ আদৰণি জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তেওঁক হাত মিলাই উষ্ম আলিংগনেৰে আদৰণি জনায়।
 

ৰাষ্ট্ৰপতি পুটিন আৰু প্ৰধানমন্ত্ৰী মোদীৰ একেখন গাড়ীতে ৭ নং লোক কল্যাণ মাৰ্গলৈ ৰাওনা হয়
 
ইয়াৰ পিছতে একেখন গাড়ীতে প্ৰধানমন্ত্ৰী মোদীৰ বাসভৱন ৭ নং লোক কল্যাণ মাৰ্গলৈ ব্যক্তিগত নৈশ আহাৰৰ বাবে ৰাওনা হয়।

২০২২ চনত ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছত ভ্লাদিমিৰ পুটিনৰ এয়া প্ৰথম আনুষ্ঠানিক ভাৰত ভ্ৰমণ। তেওঁ ২৩ সংখ্যক ভাৰত-ৰাছিয়া সন্মিলনত অংশগ্ৰহণ কৰিব।
প্ৰতিৰক্ষা সম্পৰ্ক বৃদ্ধি কৰা, ভাৰত-ৰাছিয়াৰ বাণিজ্যক বাহ্যিক চাপৰ পৰা বিচ্ছিন্ন কৰা আৰু সৰু মডিউলাৰ ৰিয়েক্টৰত সহযোগিতা অন্বেষণ কৰাটোৱেই হ’ব দুয়োগৰাকী নেতাৰ মাজত অনুষ্ঠিত হ’বলগীয়া শীৰ্ষ সন্মিলনৰ কেন্দ্ৰবিন্দু যিটোৰ প্ৰতি পশ্চিমীয়া দেশসমূহে তীক্ষ্ণ দৃষ্টি ৰাখিব বুলি আশা কৰা হৈছে।

ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ দ্রুত মন্দাৱস্থাৰ পৰিপ্রেক্ষিতত ৰাছিয়াৰ নেতাগৰাকীৰ নতুন দিল্লীলৈ প্রায় ২৭ ঘণ্টীয়া এই ভ্রমণে অধিক তাৎপর্য গ্রহণ কৰিছে৷ শীৰ্ষ সন্মিলনৰ পিছত দুয়োপক্ষই বাণিজ্যৰ ক্ষেত্ৰকে ধৰি কেইবাখনো চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে।

শুকুৰবাৰে পুৱা শীৰ্ষ সন্মিলনৰ পূৰ্বে ৰাষ্ট্ৰপতি ভৱনত পুটিনক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ’ব।
মোদীয়ে ৰাছিয়াৰ নেতাগৰাকী আৰু তেওঁৰ প্ৰতিনিধি দলৰ বাবে শীৰ্ষ সন্মিলনৰ স্থান হায়দৰাবাদ হাউচত এক কৰ্মসূত্ৰে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব।

পুৱা পুটিনে ৰাজঘাট ভ্ৰমণ কৰিব বুলি বিষয়টোৰ সৈতে পৰিচিত লোকসকলে জানিবলৈ দিয়ে।

শীৰ্ষ সন্মিলনৰ পিছত পুটিনে ৰাছিয়াৰ চৰকাৰী সম্প্ৰচাৰক প্ৰতিষ্ঠানৰ নতুন ভাৰত চেনেল মুকলি কৰিবলৈ সাজু হৈছে, তাৰ পিছত তেওঁ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁৰ সন্মানত আয়োজন কৰিবলগীয়া ৰাজ্যিক ভোজত অংশগ্ৰহণ কৰিব।

শুকুৰবাৰে নিশা ৯ বজামানত ৰাছিয়াৰ নেতাগৰাকী ভাৰত এৰি যোৱাৰ সম্ভাৱনা আছে।