এটা injection-ৰ সপোন: দেবলীনা সৰকাৰৰ নীৰৱ চিকিৎসা বিপ্লৱ

Story by  atv | Posted by  Munni Begum • 1 Months ago
দেবলীনা সৰকাৰে ‘বছৰৰ শ্ৰেষ্ঠ বঁটা’ লাভ কৰাৰ এক মূহুৰ্ত
দেবলীনা সৰকাৰে ‘বছৰৰ শ্ৰেষ্ঠ বঁটা’ লাভ কৰাৰ এক মূহুৰ্ত
 
শম্পী চক্ৰৱৰ্তী পুৰকায়স্থ
 
কলকাতাৰ ৰাজপথত এতিয়াও পুৱাৰ পোহৰ সম্পূৰ্ণৰূপে ওলোৱা নাছিল। তেনে সময়তে কান্ধত স্কুলৰ বেগ এটা লৈ এগৰাকী কণমানি ছোৱালীয়ে বহুযোজন বাট অকলে খোজকাঢ়ি স্কুললৈ গৈ আছিল। কণমানিগৰাকীয়ে কেৱল খোজকাঢ়ি স্কুললৈ যোৱা নাছিল; তেওঁ নিজৰ ভৱিষ্যতৰ দিশেও আগবাঢ়িছিল। সেই কণমানি ছোৱালীজনী আছিল দেবলীনা সৰকাৰ। আজি তেওঁ বিশ্বৰ অন্যতম প্ৰতিষ্ঠিত গৱেষণা প্ৰতিষ্ঠান — এম আই টিত কাম কৰি আছে, য'ত তেওঁৰ কামে চিকিৎসা বিজ্ঞানৰ সংজ্ঞাটোক পুনৰ সংজ্ঞায়িত কৰিব পাৰে।
 
দেবলীনা গৱেষণাৰ নাম হৈছে 'চাৰ্কুলেট্ৰনিকছ'। যদিও ই কল্পবিজ্ঞানৰ দৰে শুনা যায়, তথাপিও ই এক সাহসী আৰু বাস্তৱিক বৈজ্ঞানিক উদ্ভাৱন। ইয়াত অতি ক্ষুদ্ৰ ইলেক্ট্ৰনিক চিপৰ এটা গোট জড়িত হৈ থাকে, যিয়ে তেজৰ সোঁতৰ মাজেৰে মানুহৰ শৰীৰৰ ভিতৰত যাত্ৰা কৰিব পাৰে। লক্ষণীয়ভাৱে এই চিপবোৰে তেজ–মগজুৰ বাধা অতিক্ৰম কৰি পোনে পোনে আক্ৰান্ত অংশত উপনীত হ’ব পাৰে। 
যেতিয়া এই চিপবোৰ লেজাৰ ব্যৱহাৰ কৰি বাহ্যিকভাৱে সক্ৰিয় কৰা হয়, তেতিয়া ইহঁতে নিৰ্দিষ্ট নিউৰনক অতি নিখুঁতভাৱে উদ্দীপিত কৰে। এন্দুৰৰ ওপৰত কৰা পৰীক্ষাত কেইদিনমানৰ ভিতৰতে চিপবোৰে নিজৰ লক্ষ্যত উপনীত হয় আৰু চাৰিওফালৰ সুস্থ কোষবোৰৰ ক্ষতি নকৰাকৈ পিনৰ মূৰতকৈ সৰু অঞ্চলত স্নায়ুৰ কাৰ্য্যকলাপ সৃষ্টি কৰে।
 
আজিৰ চিকিৎসা ব্যৱস্থাত মগজু ইমপ্লাণ্টৰ অৰ্থ সাধাৰণতে ডাঙৰ অস্ত্ৰোপচাৰ, দীৰ্ঘদিনীয়া আৰোগ্যৰ সময় আৰু অত্যন্ত বেছি খৰচ। ফলত এনে চিকিৎসা বহু লোকৰ চিন্তাৰো বাহিৰত থাকে। দেবলীনাই মনত উদয় হোৱা এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে, চিকিৎসাও ইমান ব্যয়বহুল হ’ব পাৰেনে? তেওঁৰ চাৰ্কুলেট্ৰনিকছ প্ৰযুক্তিয়ে এদিন বিপদজনক অস্ত্ৰোপচাৰৰ ঠাইত এটি সাধাৰণ injection-ৰে কৰা হব পাৰে, যাৰ ফলত উন্নত চিকিৎসা সেৱা সুলভ আৰু সাধাৰণ লোকৰ বাবে উপলব্ধ হৈ পৰিব।  
 
এই প্ৰযুক্তিৰ সম্ভাৱনা ইয়াতেই শেষ নহয়। ভৱিষ্যতে ইয়াক কেন্সাৰৰ চিকিৎসাত বা শৰীৰৰ ভিতৰত ক্ষুদ্ৰ ক্ষুদ্ৰ পেচমেকাৰ প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰিব পৰা যাব। অৰ্থাৎ এটা ধাৰণাই অসংখ্য চিকিৎসাৰ দুৱাৰ মুকলি কৰিব পাৰে।
 
দেবলীনা সৰকাৰ
 
অৱশ্যে দেবলীনাৰ এই যাত্ৰা কেৱল গৱেষণাৰ সফলতাৰ কাহিনী নহয়; ই এক গভীৰ মানৱীয় যাত্ৰাও। বিভিন্ন ৰোগীৰ বাৰ্তা, তেওঁলোকৰ জীৱনৰ বাবে হতাশজনক অনুৰোধ, প্ৰতিদিনে তেওঁক সোঁৱৰাই দিয়ে যে, এই কাম কেৱল পৰীক্ষাগাৰৰ বাবেই নহয়, মানুহৰ জীৱনৰ বাবেহে। সেই বিশ্বাসে তেওঁক অক্লান্তভাৱে অধ্যৱসায় কৰিবলৈ সহায় কৰে।  
 
শেহতীয়াকৈ দেবলীনাই নিজৰ ‘এক্স’ (পূৰ্বৰ টুইটাৰ) ত এক পোষ্ট লিখিছে যে, তেওঁৰ বাবে ‘বছৰৰ শ্ৰেষ্ঠ বঁটা’ লাভ কৰাৰ আনন্দ বহুগুণে বৃদ্ধি পাইছিল। কাৰণ বঁটা প্ৰদান অনুষ্ঠানত তেওঁৰ পিতৃ-মাতৃ দুয়োজনেই উপস্থিত আছিল। 
 
মঞ্চত থিয় হৈ তেওঁ কয় যে, শৈশৱত দেউতাকে বিভিন্ন বৈজ্ঞানিক প্ৰকল্পত কাম কৰা দেখি তেওঁক বিজ্ঞানী হোৱাৰ অনুপ্ৰেৰণা যোগাইছিল। বিদ্যুৎ অবিহনে কাম কৰা ৱাশ্বিং মেচিন আৰু অতি কাৰ্যক্ষম পুলি চিষ্টেমৰ দৰে উদ্ভাৱনে তেওঁক শিকাইছিল যে, মনত দৃঢ়তা থাকিলে একোৱেই অসম্ভৱ নহয়। আৰু মাকে তেওঁক সপোন দেখাৰ সাহস আৰু সেই সপোনবোৰ বাস্তৱত পৰিণত কৰাৰ বিশ্বাস দিছিল।
 
'বছৰৰ শ্ৰেষ্ঠ বঁটা'ৰ সৈতে পিতৃ-মাতৃৰ সৈতে দেৱলীনা
 
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত মহিলাৰ সংখ্যা কিয় কম, এই প্ৰশ্নৰ উত্তৰত দেবলীনাই স্পষ্টকৈ উল্লেখ কৰিছিল যে, যদি প্ৰতিগৰাকী ছোৱালীৰ পিতৃ-মাতৃয়ে তেওঁক কৰাৰ দৰেই সহায় কৰা হয়, যদি কন্যা সন্তানক বাধা দিয়াৰ পৰিৱৰ্তে আগবাঢ়ি যাবলৈ উৎসাহিত কৰা হয়, তেন্তে মহিলাসকলে সকলো বাধা ভাঙি প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়ি যাব। 
 
অহা কেইবছৰমানৰ ভিতৰত এই প্ৰযুক্তিৰ মানৱ শৰীৰত পৰীক্ষা আৰম্ভ কৰাৰ আশা কৰিছে দেবলীনাই। যদি এই কথা উপলব্ধি হয় তেন্তে চিকিৎসা বিজ্ঞানৰ ইতিহাসত এটা নতুন অধ্যায় লিখা হ’ব, য’ত ডাঙৰ ডাঙৰ অস্ত্ৰোপচাৰৰ ঠাইত মাত্ৰ এটা injection দিয়া হ’ব।
 
গ্ৰাম্য বংগৰ প্ৰান্তীয় বাস্তৱতাৰ পৰা আৰম্ভ কৰি এম আই টিৰ অত্যাধুনিক পৰীক্ষাগাৰলৈকে দেবলীনা চৰকাৰৰ এই যাত্ৰাই প্ৰমাণ কৰে যে, যদি সপোনবোৰ ডাঙৰ হয় আৰু বিশ্বাসযোগ্য মানুহৰ সহযোগত থাকে তেন্তে, এগৰাকী ছোৱালীয়ে নিৰৱে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰতো বিপ্লৱ কঢ়িয়াই আনিব পাৰে। কেতিয়াবা সেই পৰিৱৰ্তন বজ্ৰপাতৰ দৰে গৰ্জন কৰি নহয়, নিৰৱে তেজৰ সোঁতত ওপঙি থকা অদৃশ্য চিপছৰ গোটৰ মাজেৰেও আহে।