নতুন দিল্লী
ভাৰতলৈ আহিব ইউ এ ইৰ ৰাষ্ট্ৰপতি মহম্মদ শ্বেখ মহম্মদ বিল জায়েদ আল নাহিয়ান। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি ভাৰত ভ্ৰমণ কৰিব।
উল্লেখ্য যে, ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছত এয়া তেওঁৰ তৃতীয়টো আনুষ্ঠানিক ভাৰত ভ্ৰমণ হ'ব। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমন্ত্ৰণ মৰ্মে ৰাষ্ট্ৰপতিগৰাকী ভাৰতলৈ আহিব।
ভাৰত আৰু UAE-ৰ মাজত ইতিমধ্যে স্বাক্ষৰিত হোৱা 'Comprehensive Economic Partnership Agreement' (CEPA) আৰু স্থানীয় মুদ্ৰাৰ জৰিয়তে লেনদেন ব্যৱস্থাই দুয়োখন দেশৰ অৰ্থনীতিৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিছে। এই ভ্ৰমণৰ জৰিয়তে খাদ্য সুৰক্ষা, নবীকৰণযোগ্য শক্তি আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত নতুন চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে।
ইয়াৰ পূৰ্বে ২০২৪ চনৰ ছেপ্টেম্বৰত আবু ধাবিৰ ক্ৰাউন প্ৰিন্স আৰু ২০২৫ চনৰ এপ্ৰিলত ডুবাইৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত ভ্ৰমণ কৰিছিল। ইয়াৰ পাছতে আজি মহম্মদ বিন জায়েদে ভাৰত ভ্ৰমণ কৰিব।