ইৰাণত আৱদ্ধ হৈ থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ মাজত হাহাকাৰ; ভাৰত চৰকাৰলৈ সহায়ৰ আহ্বান

Story by  atv | Posted by  [email protected] • 12 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
ইৰাণ-ইজৰাইল যুদ্ধৰ মাজতে ইৰাণত আৱদ্ধ ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিত ইৰাণত প্ৰায় ১০-১৫ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰী আছে, যাৰ পৰিয়াল ভাৰতত থাকে।
 
এই ছাত্ৰ-ছাত্ৰী সকলে ইৰাণত চিকিৎসা বিজ্ঞান আদিত অধ্যয়নৰত। অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে ইৰাণৰ তেহৰাণ, শ্বিৰাজ আদিত অধ্যয়ন কৰি আছে।এই ছাত্ৰ-ছাত্ৰী সকলক ভাৰতীয় দূতাবাসে কুম চহৰলৈ লৈ গৈছে,একে সময়তে ইৰাণৰ উৰমিয়া চহৰত এতিয়াও প্ৰায় ১১০ জন ছাত্ৰ-ছাত্ৰী আবদ্ধ হৈ আছে।ছাত্ৰ-ছাত্ৰীসকলৰ মতে, এতিয়া দূতাবাসে এইসকল ছাত্ৰ-ছাত্ৰীক তাতেই থাকিবলৈ কৈছে।
 
কিন্তু এতিয়া এই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে জীয়াই থকাটো কঠিন হৈ পৰিছে।ছাত্ৰ-ছাত্ৰী সকলে জনোৱা মতে, তেওঁলোকৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰত্বত মিচাইল নিক্ষেপ কৰা হৈছে।
 
জানিবলৈ পোৱা মতে, প্ৰথমে ইজৰাইল পক্ষই ৫০ কিলোমিটাৰ দূৰত আক্ৰমণ কৰিছিল, তাৰ পিছত ৫ কিলোমিটাৰ দূৰত পুৱা ২ বজাত,পুৱা ৬:৩০ বজাত ১কিলোমিটাৰ দূৰত  আৰু এতিয়া ১০০ মিটাৰত মিছাইল নিক্ষেপ কৰিছে।বৰ্তমান আটাইকেইজন ছাত্ৰ-ছাত্ৰীয়ে প্ৰাণৰ মমতাত নিজৰ গৃহভূমি ভাৰতলৈ উভতি আহিব বিচাৰিছে।
 
ছাত্ৰ-ছাত্ৰীসকলে কয় যে আমি দূতাবাসৰ সংস্পৰ্শত আছো যদিও তেওঁলোকে কয় যে আপোনালোক সকলোৱে এতিয়াই নিজৰ যত্ন লোৱা উচিত। অতি সোনকালে আপোনালোকৰ লগত যোগাযোগ কৰিম। বৰ্তমান তেহৰাণ আৰু শ্বিৰাজৰ ছাত্ৰ-ছাত্ৰীক নিৰাপদ স্থানলৈ নিয়াৰ কাম চলি আছে, আনহাতে সীমান্তৰ ওচৰত থকা ১১০ জন ছাত্ৰ, আমি সকলোৱে উত্তৰ প্ৰদেশ, বিহাৰ, কেৰালা, মুম্বাই, পুনে, কাশ্মীৰ আদিৰ নিবাসী।
 
চৰকাৰ, অনুগ্ৰহ কৰি আমাক বচাওক, আপোনালোকে যেনেকৈ আগতে আমাক বচাইছিল, আমি আশা কৰিছো যে চৰকাৰে আমাক তেনেদৰেই সহায় কৰিব। যদিও ভাৰতীয় দূতাবাসে ইতিমধ্যে দুবাৰকৈ পৰামৰ্শ দিছে যে, অতি সোনকালে ছাত্ৰ-ছাত্ৰীক ইৰাণৰ পৰা ঘৰলৈ উভতি যাবলৈ কৈছিল। তথাপিও আমাৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বাবে আমি ইয়াতেই থাকিলোঁ। আমি বৈদেশিক মন্ত্ৰীক আহ্বান জনাইছো যে আমাক ইয়াৰ পৰা অতি সোনকালে উলিয়াই নিব লাগে।