হৰমুজ জলদ্বীপ পুনৰ মুকলি কৰাৰ বাবে অতি সুখী চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং

Story by  atv | Posted by  Munni Begum • 2 h ago
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু  চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙ
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙ
 
ৱাশ্বিংটন
 
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে শুকুৰবাৰে কয় যে, চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে হৰমুজ জলদ্বীপ পুনৰ খোলাৰ বাবে "খুব সুখী" যদিও ইৰানে কয় যে, এই গুৰুত্বপূৰ্ণ জাহাজৰ পথটোৰে চলাচল কৰা সকলোবোৰ সামগ্ৰী তেওঁলোকৰ নিয়ন্ত্ৰণত থাকিব। 
 
ট্ৰুথ ছ'চিয়েলৰ এটা পোষ্টত, ট্ৰাম্পে লগতে কয় যে, তেওঁ চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে আগন্তুক বৈঠকৰ বাবে আগ্ৰহী, যিটো ইৰানৰ সংঘাতৰ সৈতে জড়িত ঘটনাৱলীৰ বাবে মে' মাহলৈ পিছুৱাই দিয়া হৈছে। এই ভ্ৰমণ এপ্ৰিল মাহৰ বাবে পূৰ্বতে পৰিকল্পনা কৰা হৈছিল।
 
ট্ৰাম্পে লিখিছে, "ৰাষ্ট্ৰপতি ছিয়ে অতি সুখী যে হৰমুজ জলদ্বীপ মুকলি আৰু/বা দ্ৰুতগতিত মুকলি হৈছে। চীনত আমাৰ বৈঠক বিশেষ আৰু সম্ভাৱ্যভাৱে ঐতিহাসিক হ’ব। বহুত কাম সম্পন্ন হ’ব।”
 
ইৰানৰ সংসদৰ অধ্যক্ষ মহম্মদ বাঘাৰ গালিবাফে ট্ৰাম্পক সমালোচনা কৰাৰ পিছত কূটনৈতিক বিনিময় বৃদ্ধি পোৱাৰ মাজতে এই মন্তব্য কৰা হয়। তেওঁ কৈছিল যে, সম্পূৰ্ণ চুক্তি নোহোৱা পৰ্যন্ত ইৰানৰ বন্দৰসমূহত আমেৰিকাৰ নৌ-বন্ধ অব্যাহত থাকিব। 
 
গালিবাফে দাবী কৰে যে, হৰমুজ জলদ্বীপৰ মাজেৰে সামুদ্ৰিক গতিবিধি তেহেৰানৰ দ্বাৰা নিয়ন্ত্ৰিত হ'ব, কেৱল ইৰানৰ তত্ত্বাৱধানত অনুমোদিত পথৰ মাজেৰে পাৰ হোৱাৰ অনুমতি দিয়া হ'ব।
 
অৱশ্যে, ট্ৰাম্পে আন এটা পোষ্টত পুনৰাবৃত্তি কৰে যে, ইৰানৰ বন্দৰসমূহত আমেৰিকাৰ অৱৰোধ সম্পূৰ্ণ চুক্তি চূড়ান্ত নোহোৱা পৰ্যন্ত বাহাল থাকিব। তেওঁ কয়, "আমাৰ চুক্তি ১০০% সম্পূৰ্ণ নোহোৱালৈকে ইৰাণৰ বিৰুদ্ধে নৌ-বন্ধা সম্পূৰ্ণ বলৱৎ থাকিব।" 
 
ইজৰাইল আৰু লেবাননৰ মাজত ১০ দিনীয়া যুদ্ধবিৰতি চুক্তিৰ সৈতে জড়িত এই কৌশলগত জলপথটো পুনৰ মুকলি কৰাৰ বিষয়ে ইৰানে ঘোষণা কৰাৰ পিছতে এই ঘটনা সংঘটিত হৈছে। বাণিজ্যিক জাহাজ চলাচল পুনৰ আৰম্ভ হৈছে যদিও আমেৰিকাই কয় যে, ইৰানৰ ওপৰত অৰ্থনৈতিক আৰু সামৰিক চাপ অব্যাহত থাকিব।  
 
ইফালে, ট্ৰাম্পে চীনৰ ছি জিনপিঙৰ সৈতে আলোচনাত মিলিত হ'বলৈ ১৪-১৫ মে'ত চীন ভ্ৰমণ কৰিব। ইৰানক জড়িত কৰা আমেৰিকাৰ সামৰিক অভিযানৰ বাবে এই বৈঠক পিছুৱাই দিয়া হৈছিল। 
 
ট্ৰুথ ছচিয়েলৰ পূৰ্বৰ এটা পোষ্টত, ট্ৰাম্পে কৈছিল যে, এই বৈঠক বেইজিংত অনুষ্ঠিত হ'ব আৰু ছি আৰু তেওঁৰ পত্নীয়ে ৱাশ্বিংটনত পৰৱৰ্তী পৰ্যায়ত ভ্ৰমণৰ পৰিকল্পনা কৰিছে।