গাজাত নিজৰ নিয়ন্ত্ৰণ বৃদ্ধিৰ নিৰ্দেশ নেতান্যাহুৰ

Story by  atv | Posted by  [email protected] • 9 h ago
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু
 
নতুন দিল্লী
 
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে গাজা ষ্ট্ৰিপৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ বৃদ্ধিৰ বাবে দেশখনৰ সেনাবাহিনীক নিৰ্দেশ দিছে৷ এই তথ্য প্ৰকাশ কৰিছে আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা চিএনএনে৷ নেতান্যাহুৰ উদ্ধৃতিৰে চিএনএনে উল্লেখ কৰে যে ইজৰাইলৰ উদ্দেশ্য হৈছে ৭০ শতাংশ ভূখণ্ড দখল কৰা।
 
চিএনএনে প্ৰকাশ কৰা অনুসৰি ইজৰাইলে দখল কৰা পশ্চিম পাৰত অনুষ্ঠিত এখন সন্মিলনত এক সাক্ষাৎকাৰৰ সময়ত নেতান্যাহুৱে এই মন্তব্য কৰে। ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে কয় যে ইজৰাইলে হামাছৰ ওপৰত নিজৰ দখল “কটকটীয়া” কৰি তুলিছে আৰু বৰ্তমান গাজাৰ প্ৰায় ৬০ শতাংশ অংশ নিয়ন্ত্ৰণ কৰি আছে।
 
সামৰিক বাহিনী ক্ৰমান্বয়ে আগবাঢ়িব বুলি উল্লেখ কৰি তেওঁ কয়, "আমি এতিয়া গাজা ষ্ট্ৰিপৰ ৬০% ভূখণ্ডত আছোঁ। পূৰ্বে আমি ৫০% আছিলোঁ, এতিয়া আমি ৬০% লৈ আগবাঢ়িলোঁ । মোৰ নিৰ্দেশনা হৈছে প্ৰথমে পদক্ষেপ অনুসৰি ৭০ % ৰ দখলৰ বাবে আগবাঢ়ি যোৱা।"
 
ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে ইতিমধ্যে সাহায্য সংস্থাসমূহৰ বাবে মানচিত্ৰ প্ৰকাশ কৰি গাজাৰ প্ৰায় ৬৪ শতাংশ অংশ নিয়ন্ত্ৰণত ৰখা বুলি পূৰ্বৰ বাতৰিসমূহে ইংগিত দিয়াৰ পিছতে নেতান্যাহুৱে এই মন্তব্য কৰিছে। চিএনএনে প্ৰকাশ কৰা অনুসৰি নিয়ন্ত্ৰণৰ অধিক সম্প্ৰসাৰণে প্ৰায় ২০ লাখ পেলেষ্টাইনীক ঘেৰাও কৰা ভূখণ্ডৰ সদায় সংকুচিত হৈ অহা অঞ্চলত আৱদ্ধ কৰিব।
 
২০২৫ চনৰ অক্টোবৰ মাহত ইজৰাইল আৰু হামাছৰ মাজত হোৱা যুদ্ধবিৰতিৰ ব্যৱস্থাৰ অধীনত ইজৰাইলৰ বাহিনীয়ে “হালধীয়া ৰেখা” নামেৰে জনাজাত সীমা নিৰ্ধাৰণলৈ আঁতৰি আহিছিল বুলি জানিব পৰা গৈছে, যাৰ ফলত গাজাৰ প্ৰায় ৫৩ শতাংশ অংশ তেওঁলোকৰ নিয়ন্ত্ৰণত আছিল। অৱশ্যে হামাছে ইজৰাইলক এই লাইন সলনি কৰাৰ অভিযোগ উত্থাপন কৰি ইয়াক চুক্তিখন উলংঘা কৰা আৰু “নতুন তথ্য জাপি দিয়াৰ” চেষ্টা বুলি অভিহিত কৰিছে।
 
চিএনএনে প্ৰকাশ কৰা অনুসৰি হামাছে কয়, “ৰেখাডাল স্থানান্তৰ কৰাটোৱে যুদ্ধবিৰতি চুক্তিখনৰ স্পষ্ট উলংঘাক প্ৰতিফলিত কৰে। ইয়াৰ বিধানসমূহৰ গুৰুতৰ উলংঘা আৰু ষ্ট্ৰিপৰ ওপৰত সামৰিক নিয়ন্ত্ৰণ শিপাই তোলা তথা পৰিস্থিতি সুস্থিৰ কৰাৰ বা ডি-এস্কেলেচন প্ৰচেষ্টা সফল কৰাৰ যিকোনো প্ৰকৃত সম্ভাৱনাক ক্ষতিগ্ৰস্ত কৰাৰ লক্ষ্যৰে বলপূৰ্বকভাৱে নতুন তথ্য জাপি দিয়াৰ উন্মুক্ত প্ৰচেষ্টা দেখা যায়।”
 
ইজৰাইলে গাজাত হামাছৰ নেতৃত্বক নিখুঁত আক্ৰমণেৰে নিৰ্মূল কৰি ৰাখিছে। এই প্ৰচেষ্টাসমূহত ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে (আইডিএফ) কয় যে তেওঁলোকে উত্তৰ গাজাত দুজন “জ্যেষ্ঠ” হামাছৰ কৰ্মীক নিঃশেষ কৰিছে। মঙলবাৰে আইডিএফে গাজাত সন্ত্ৰাসবাদী সংগঠন হামাছৰ সামৰিক শাখাৰ নতুন নেতা তথা ৭ অক্টোবৰৰ হত্যাকাণ্ডৰ অন্যতম স্থপতি মহম্মদ ওডেহক হত্যা কৰে।
 
ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত প্ৰকাশ কৰা এটা পোষ্টত কয়, ‘‘প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু আৰু প্ৰতিৰক্ষা মন্ত্ৰী কাটজৰ নিৰ্দেশনা অনুসৰি এই অভিযান চলোৱা হৈছে। ৭ অক্টোবৰৰ হত্যাকাণ্ডৰ সময়ত হামাছৰ চোৰাংচোৱা কৰ্মচাৰীৰ মুৰব্বী হিচাপে কাম কৰিছিল ওডেহে৷ প্ৰায় দুসপ্তাহ পূৰ্বে গাজা ষ্ট্ৰিপত আইডিএফৰ আক্ৰমণত নিহত হোৱা এজেদিন আল-হাদ্দাদৰ ঠাইত তেওঁক নিযুক্তি দিয়া হৈছিল।’’