নতুন দিল্লী
সংযুক্ত আৰৱ আমিৰশ্বাহীৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে মঙলবাৰে জনোৱা মতে, ওমানৰ ভূখণ্ডৰ জলসীমাত থকা হৰমুজ প্ৰণালীৰ দক্ষিণ শ্বিপিং লেনৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত ইউএইৰ দুখন টেংকাৰত ইৰানে আক্ৰমণ সংঘটিত কৰিছে৷ দুটা ক্ৰুজ মিছাইলৰ টেংকাৰ দুখনত আঘাত কৰাত ১ জন ভাৰতীয় ক্ৰু মেম্বাৰ নিহত হোৱাৰ লগতে ৬ জন ভাৰতীয় নাগৰিককে ধৰি ৮ জন লোক আহত হয়।
এক বিবৃতিত সংযুক্ত আৰৱ আমিৰশ্বাহীৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে কয় যে, এই আক্ৰমণত মোম্বাছাত থকা এজন ভাৰতীয় ক্ৰু মেম্বাৰ নিহত হোৱাৰ লগতে ৬ জন ভাৰতীয় নাগৰিক আৰু ২ জন ইউক্ৰেইনিয়ানকে ধৰি আন ৮ জন লোক আহত হয়, ইয়াৰে ৪ জন গুৰুতৰভাৱে আহত।
পোষ্টটোত উল্লেখ কৰিছে, "প্ৰতিৰক্ষা মন্ত্ৰালয়ে ঘোষণা কৰিছে যে, ওমানৰ ভূখণ্ডৰ জলসীমাৰ ভিতৰত হৰমুজ প্ৰণালীৰ দক্ষিণ শ্বিপিং লেনৰ মাজেৰে পাৰ হোৱাৰ সময়ত টেংকাৰ মোম্বাছা আৰু আল বাহিয়াহক ইৰানৰ দুটা ক্ৰুজ মিছাইলে লক্ষ্য কৰি লয়। এই আক্ৰমণৰ ফলত মোম্বাছা টেংকাৰখনত থকা এজন ভাৰতীয় ক্ৰু মেম্বাৰৰ মৃত্যু হয় আৰু আন ৮ জন লোক আহত হয়। আহতসকলৰ ভিতৰত আছে ৬ জন ভাৰতীয় নাগৰিক আৰু ২ জন ইউক্ৰেইনৰ নাগৰিক৷ জাহাজখনত সংঘটিত হোৱা আক্ৰমণৰ ফলত দুয়োখন টেংকাৰৰ বস্তুগত ক্ষতিসাধন হয়।"
এই আক্ৰমণক আন্তঃৰাষ্ট্ৰীয় আইনৰ গুৰুতৰ উলংঘা বুলি গৰিহণা দি সংযুক্ত আৰৱ আমিৰশ্বাহীয়ে কয় যে, তেওঁলোকে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ অধিকাৰ সংৰক্ষিত ৰাখিছে আৰু নিজৰ নিৰাপত্তা তথা জাতীয় স্বাৰ্থ ৰক্ষাৰ বাবে প্ৰস্তুতি বৃদ্ধি কৰিছে। সংযুক্ত আৰৱ আমিৰশ্বাহীৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েও এই আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা আৰু ধিক্কাৰ দিয়ে।
বিবৃতিটোত কোৱা হৈছে যে, মন্ত্ৰালয়ে ভুক্তভোগীৰ পৰিয়ালৰ লগতে ভাৰত চৰকাৰ আৰু জনসাধাৰণৰ প্ৰতি আন্তৰিক সমবেদনা জ্ঞাপন কৰিছে আৰু আহত সকলোৰে আশু আৰোগ্য কামনা কৰিছে।
মন্ত্ৰালয়ে জোৰ দি কয় যে, বাণিজ্যিক জাহাজ চলোৱাক লক্ষ্য কৰি হৰমুজ জলদ্বীপক "অৰ্থনৈতিক জোৰ-জবৰদস্তি" বা "ব্লেকমেইল"ৰ আহিলা হিচাপে ব্যৱহাৰ কৰাটো অনৈতিক কাৰ্য আৰু ই অঞ্চলটোৰ স্থিতিশীলতা, ইয়াৰ জনসাধাৰণ আৰু বিশ্ব শক্তি সুৰক্ষাৰ প্ৰতি প্ৰত্যক্ষ ভাবুকি কঢ়িয়াই আনিছে।
আঞ্চলিক নিৰাপত্তা ৰক্ষা আৰু বিশ্ব অৰ্থনীতি তথা বাণিজ্যৰ স্থিতিশীলতা বজাই ৰাখিবলৈ ইৰানে এই অপ্ৰৰোচিত আক্ৰমণ বন্ধ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে সংযুক্ত আৰৱ আমিৰশ্বাহীয়ে৷ সকলো শত্ৰুতা তৎকালীনভাৱে বন্ধ কৰাৰ বাবে নিজৰ সম্পূৰ্ণ প্ৰতিশ্ৰুতি নিশ্চিত কৰাৰ লগতে হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে আৰু নিঃচৰ্তভাৱে পুনৰ মুকলি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে সংযুক্ত আৰৱ আমিৰশ্বাহীয়ে।
ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে (আই আৰ জি চি) হৰমুজ প্ৰণালী বন্ধ কৰাৰ পিছত আমেৰিকা আৰু ইৰানৰ মাজত পুনৰ শত্ৰুতা বৃদ্ধি পোৱাত এই পৰিস্থিতিৰ সৃষ্টি হৈছে, যাৰ ফলত সমগ্ৰ ইৰানৰ ১৪০টা স্থানত আমেৰিকাৰ প্ৰতিশোধমূলক আক্ৰমণৰ সূচনা হয়। সমান্তৰালভাৱে আমেৰিকাই ঘোষণা কৰে যে, মঙলবাৰৰ সন্ধিয়াৰ পৰা ইৰানৰ বন্দৰত প্ৰৱেশ আৰু প্ৰস্থান কৰা সামুদ্ৰিক যাতায়ত পুনৰ অৱৰোধ আৰম্ভ কৰিব।
ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে উল্লেখ কৰিছিল যে, হৰমুজ প্ৰণালীত নৌসেনাৰ অৱৰোধে বিশেষভাৱে ইৰানক লক্ষ্য কৰি ল'ব, আনহাতে অন্য ৰাষ্ট্ৰৰ জাহাজসমূহে কৌশলগত জলপথৰ মাজেৰে যাতায়ত অব্যাহত ৰাখিব পাৰিব। কাৰ্যবাহী আদেশ স্বাক্ষৰ কৰাৰ পিছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ট্ৰাম্পে কয় যে, এই অৱৰোধ কেৱল ইৰান আৰু তেহৰানৰ সৈতে ব্যৱসায় কৰাসকলৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব।