নতুন দিল্লী
তেহৰানে কৌশলগতভাৱে অতি গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালী পুনৰ অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা কৰাৰ পাছতেই ইৰান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সংঘাত চৰম পৰ্যায়ত উপনীত হৈছে। এই ঘোষণাৰ মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে আমেৰিকাই ইৰানৰ সামৰিক ঘাটিসমূহ লক্ষ্য কৰি ভয়ংকৰ বিমান আক্ৰমণ আৰম্ভ কৰে। ইয়াৰ ফলত যোৱা জুন মাহত দুয়োখন দেশৰ মাজত হোৱা অন্তৱৰ্তীকালীন যুদ্ধবিৰতি চুক্তি এতিয়া সম্পূৰ্ণৰূপে ধূলিস্যাৎ হৈ পৰিছে।
ইৰানৰ ইছলামিক ৰিভলুশ্যনাৰী গাৰ্ড কৰ্পছৰ ভাষ্য অনুসৰি, কেইবাখনো বাণিজ্যিক জাহাজে তেওঁলোকৰ নিয়ম উলংঘা কৰি হৰমুজ প্ৰণালীৰ এক ‘অনুমোদনবিহীন পথ’ ব্যৱহাৰ কৰিছিল। এই জাহাজসমূহক পথ সলনি কৰিবলৈ সতৰ্কবাণী দিয়া হৈছিল যদিও তেওঁলোকে তাক আওকাণ কৰে।
ইপিনে, ইৰানৰ এই কাণ্ডৰ প্ৰত্যুত্তৰত আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে ইৰানৰ ওপৰত চলিত সপ্তাহৰ তৃতীয়তো সামৰিক আক্ৰমণ আৰম্ভ কৰে। আমেৰিকাৰ সামৰিক সূত্ৰই প্ৰকাশ কৰা মতে, ব্যৱসায়িক জাহাজ আৰু নিৰীহ নাৱিকসকলৰ ওপৰত ইৰাণৰ আক্ৰমণ কৰাৰ ক্ষমতাক নিষ্ক্ৰিয় কৰাৰ লক্ষ্যৰেই এই বোমাবৰ্ষণ কৰা হৈছে। আমেৰিকাৰ এই আক্ৰমণত দক্ষিণ ইৰাণৰ উপকূলীয় অঞ্চলৰ কেইবাটাও যোগাযোগ টাৱাৰ আৰু সামৰিক ঘাটি ধ্বংস হোৱাৰ খবৰ পোৱা গৈছে।
আনহাতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ইৰাণৰ এই আক্ৰমণাত্মক নীতিক তীব্ৰ সমালোচনা কৰি স্পষ্ট কৰি দিয়ে যে, জুন মাহত স্বাক্ষৰিত হোৱা "যুদ্ধবিৰতি চুক্তি এতিয়া সমাপ্ত হ’ল"। আমেৰিকাই ইৰানক চৰ্তহীনভাৱে হৰমুজ প্ৰণালীৰ আটাইকেইটা পথ মুকলি কৰিবলৈ দাবী জনাইছে।
উল্লেখযোগ্য যে, বিশ্বৰ মুঠ খাৰুৱা তেল আৰু গেছ পৰিবহণৰ প্ৰায় ২০ শতাংশ কেৱল হৰমুজ প্ৰণালীৰে সম্পন্ন হয়। ইৰানে এই পথ বন্ধ কৰাৰ ফলত বিশ্বজুৰি ইন্ধন যোগান ব্যাহত হোৱাৰ লগতে খাৰুৱা তেলৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পাব পাৰে, যাৰ পোনপটীয়া প্ৰভাৱ গোলকীয় অৰ্থনীতিত পৰাটো নিশ্চিত। বৰ্তমান পৰিস্থিতি ইমানেই স্পৰ্শকাতৰ হৈ পৰিছে যে মধ্য প্ৰাচ্যত যিকোনো মুহূৰ্ততে এখন পূৰ্ণ পৰ্যায়ৰ যুদ্ধৰ সূত্ৰপাত হ’ব পাৰে।