মালয়েছিয়া চৰকাৰৰ সিদ্ধান্ত; ১৬ বছৰ তলৰ কিশোৰ-কিশোৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব সামাজিক মাধ্যম

Story by  atv | Posted by  [email protected] • 14 h ago
১৬ বছৰ তলৰ কিশোৰ-কিশোৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব সামাজিক মাধ্যম
১৬ বছৰ তলৰ কিশোৰ-কিশোৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব সামাজিক মাধ্যম
 
নতুন দিল্লী
 
সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ হৈছে মালয়েছিয়া চৰকাৰ। বিশ্বৰ বহু দেশেই ইতিমধ্যে শিশু-কিশোৰৰ বাবে সামাজিক মাধ্যমত বয়সভিত্তিক নিয়ন্ত্ৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। শেহতীয়াকৈ মালয়েছিয়া চৰকাৰে ১৬ বছৰৰ তলৰ  শিশুৰ বাবে  সামাজিক মাধ্যম ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে। সোমবাৰৰ পৰা কাৰ্যকৰী হৈছে এই নতুন অনলাইন সুৰক্ষা নিয়ম। নতুন আইন অনুসৰি ১৬ বছৰৰ তলৰ কোনো শিশুৱে সামাজিক মাধ্যমত
 
ছ’চিয়েল মিডিয়া একাউণ্ট খুলিব নোৱাৰিব। একে সময়তে ফেচবুক, ইনষ্টাগ্ৰাম, টিকটক, ইউটিউবৰ দৰে জনপ্ৰিয় প্লেটফৰ্মসমূহে ব্যৱহাৰকাৰীৰ বয়স পৰীক্ষা কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগিব। সমগ্ৰ বিশ্বতে শিশু আৰু কিশোৰ-কিশোৰীৰ মানসিক স্বাস্থ্য, চাইবাৰ প্ৰতাৰণা, অনলাইন আসক্তি আৰু ক্ষতিকাৰক বিষয়বস্তুৰ প্ৰতি উদ্বেগ বাঢ়িছে। সেই পৰিৱেশত মালয়েছিয়াই এই পদক্ষেপ গ্ৰহণ কৰিছে।
 
উল্লেখযোগ্য যে, শিশুৰ সামাজিক মাধ্যম ব্যৱহাৰ নিয়ন্ত্ৰণত অকলে নহয় মালয়েছিয়া। যোৱা বছৰ অষ্ট্ৰেলিয়াই বিভিন্ন প্লেটফৰ্মক ১৬ বছৰৰ তলৰ লোকৰ একাউণ্ট বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল।ইণ্ডোনেছিয়াইও ইয়াক অনুসৰণ কৰিছে। মাৰ্চ মাহৰ পৰা ১৬ বছৰ অনুৰ্ধৰ বাবে কেইবাটাও জনপ্ৰিয় প্লেটফৰ্ম নিষিদ্ধ কৰা হৈছে। ইউৰোপৰ কেইবাখনো দেশেও এনেধৰণৰ আইন ঘোষণা কৰিছে।