নতুন দিল্লী
ইৰানে সম্পূৰ্ণৰূপে মুকলি কৰিছে হৰমুজ জলপথ। যাৰবাবে অঞ্চলটোত স্থায়ী শান্তি স্থাপনৰ পথ প্ৰশস্ত হোৱাৰ আশা কৰা হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে লেবানন আৰু ইজৰাইলৰ মাজত ১০ দিনীয়া যুদ্ধবিৰতি ঘোষণা কৰাৰ এদিন পিছতে আৰাঘচিৰ এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে।
ইৰানৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে শুকুৰবাৰে এক্সত এক পোষ্টত কয়, "লেবাননত যুদ্ধবিৰতিৰ সৈতে সংগতি ৰাখি ইৰান ইছলামিক ৰিপাব্লিকানৰ বন্দৰ আৰু সামুদ্ৰিক সংস্থাই ইতিমধ্যে ঘোষণা কৰা সমন্বিত পথত, যুদ্ধবিৰতিৰ বাকী সময়ছোৱাৰ বাবে হৰমুজ জলপথৰ মাজেৰে সকলো বাণিজ্যিক জাহাজৰ পথ সম্পূৰ্ণৰূপে মুকলি ঘোষণা কৰা হৈছে।"
ইফালে ইৰানৰ বৈদেশিক মন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ট্ৰুথ ছ'চিয়েল প্লেটফৰ্মত এটা পোষ্ট শ্বেয়াৰ কৰি ইৰানৰ ঘোষণাক আদৰণি জনায় যে, যুদ্ধবিৰতিৰ সময়ছোৱাত হৰমুজ জলপথ জাহাজ চলাচলৰ বাবে মুকলি থাকিব।
ট্ৰাম্পে কয়, "ইৰাণে এইমাত্ৰ ঘোষণা কৰিছে যে, ইৰান হৰমুজ জলপথ সম্পূৰ্ণৰূপে মুকলি কৰিছে আৰু ইয়াৰ মাজেৰে সম্পূৰ্ণভাৱে যাতায়াতৰ বাবে সাজু। ধন্যবাদ।"
উল্লেখ্য যে, পাকিস্তানৰ মধ্যস্থতাত আমেৰিকা আৰু ইৰানৰ মাজত শান্তি আলোচনা আৰম্ভ হৈছে। আমেৰিকাই যুদ্ধ বিৰতি ঘোষণা কৰাৰ পিছতে পাকিস্তানী মধ্যস্থতাকাৰীৰ উপস্থিতিত ইছলামাবাদত অনুষ্ঠিত হয় প্ৰথম পৰ্যায়ৰ বৈঠক। কিন্তু এই বৈঠকত কোনো সমাধানসূত্ৰ ওলোৱা নাছিল। ইৰানে বাৰে বাৰে উল্লেখ কৰি আহিছে যে, লেবাননত ইজৰাইলৰ আক্ৰমণ চলি থকা পৰ্যন্ত এই আলোচনা সম্ভৱ নহয়।
ইয়াৰ মাজতে বৃহস্পতিবাৰে আমেৰিকাই লেবাননত যুদ্ধবিৰতি ঘোষণা কৰে। তাৰ এদিন পিছতে ইৰানে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। এতিয়া ইৰানৰ এই ঘোষণাৰ পিছত আমেৰিকা আৰু ইৰানৰ মাজত দ্বিতীয় পৰ্যায়ৰ শান্তি আলোচনাৰ পথ প্ৰশস্ত হোৱা বুলি একাংশই অনুভৱ। অৱশ্যে পৰৱৰ্তী সময়ত ই কোন পৰ্যায়লৈ আগবাঢ়ে সেয়া লক্ষণীয় হ'ব।