কাঠমাণ্ডু
যোৱা বছৰ কে পি শৰ্মা অলিৰ নেতৃত্বাধীন চৰকাৰক উৎখাত কৰা জেন জি(Gen Z)ৰ নেতৃত্বাধীন হিংসাত্মক প্ৰতিবাদৰ পিছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ সাধাৰণ নিৰ্বাচনত ভোটদান কৰিবলৈ নেপালীসকলে ৫ মাৰ্চ বৃহস্পতিবাৰে পুৱা ভোটদান কেন্দ্ৰত উপস্থিত হয়।
১৮.৯ মিলিয়নতকৈও অধিক যোগ্য নেপালী লোকে প্ৰত্যক্ষ ভোটদানৰ জৰিয়তে ১৬৫ খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা ৩,৪০৬ জন প্ৰাৰ্থীৰ মাজৰ পৰা আৰু আনুপাতিক ভোটদানৰ জৰিয়তে ১১০ খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা ৩,১৩৫ জন প্ৰাৰ্থীৰ মাজৰ পৰা ২৭৫ জনীয়া প্ৰতিনিধি সভাৰ সদস্য নিৰ্বাচন কৰিবলৈ তেওঁলোকৰ ভোটাধিকাৰ ব্যৱহাৰ কৰিব।
ভোটদান পুৱা ৭ বজাত আৰম্ভ হয় আৰু সন্ধিয়া ৫ বজাত সমাপ্ত হব। ভোটদান বাকচসমূহ সংগ্ৰহ কৰাৰ লগে লগে ভোটগণনা আৰম্ভ হ'ব।
নিৰ্বাচনৰ প্ৰাকক্ষণত এক সংবাদমেল সম্বোধন কৰি ভাৰপ্ৰাপ্ত নিৰ্বাচন আয়ুক্ত ৰাম প্ৰসাদ ভাণ্ডাৰীয়ে বুধবাৰে কয় যে, নিৰ্বাচনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু ভোটাৰসকলক গণতান্ত্ৰিক কাৰ্যসূচীত সক্ৰিয় আৰু উৎসাহেৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।