কলম্বো
মার্কিন যুক্তৰাষ্ট্ৰ-ইজৰাইলেৰে যুদ্ধৰ সূচনা হোৱাৰ পাচত বুধবাৰে এক বৃহৎ সামৰিক লোকচানৰ সন্মুখীন হ'ল ইৰাণ। বিশাখাপট্টনমৰ পৰা ওভতাৰ পাচত ভাৰতৰ নিচেই কাষত শ্রীলংকাৰ জলসীমাৰ নিচেই কাষত অর্থাৎ দেশখনৰ দক্ষিণ উপকূলত ইৰাণৰ যুদ্ধ জাহাজ অর্থাৎ ফ্রিগেট ইৰিছ ডেনাক ধ্বংস হয় মার্কিন নৌসেনাৰ ছাবমেৰিনৰ টর্পেড' আক্ৰমণত।
ভাৰত মহাসাগৰত ডুব যোৱা যুদ্ধ জাহাজখনত থকা ১৮০ নৌসেনা-নাৱিকৰ ১৪৮ জনেই নিহত হোৱা বুলি একপ্ৰকাৰ নিশ্চিত কৰা হৈছে। শ্রীলংকাৰ নৌসেনাই মাত্র ৩২ জনকহে জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আহতসকলক দেশখনৰ দক্ষিণাংশৰ উপকূলৱৰ্তী চহৰ গালেৰ চৰকাৰী চিকিৎসালয়ত ভর্তি কৰোৱা হয়।
মেডিছ শ্ৰেণীৰ যুদ্ধ জাহাজখনে ১৮ ফেব্ৰুৱাৰীৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ বিশাখাপট্টনমত নৌ অনুশীলনত অংশগ্রহণ কৰিছিল। বংগোপসাগৰত সফলভাৱে নৌ অনুশীলনত অংশগ্ৰহণ কৰি ইৰানলৈ যাত্ৰা কৰাৰ সময়তে মার্কিন নৌসেনাৰ আক্ৰমণৰ বলি হয় ইৰাণৰ যুদ্ধ জাহাজখন।
যুদ্ধ জাহাজখন সন্দর্ভত শ্রীলংকাৰ সংসদত বিবৃতি দি শ্রীলংকাৰ বিদেশ মন্ত্রী ভিজিথা হেৰাথে জনায় যে, যুদ্ধ জাহাজখনত শ্রীলংকাৰ জলসীমাৰ বাহিৰত অৰ্থাৎ আন্তর্জাতিক জলৰাশিত ডুব গ'লেও শ্রীলংকাৰ নৌসেনাই তৎপৰতাৰে উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰি কমেও ৩২ নৌসেনাক উদ্ধাৰ কৰিবলৈ সমর্থ হয়।
শ্রীলংকাৰ নৌসেনাৰ বিবৃতিমতে যুদ্ধ জাহাজখন ধ্বংস হোৱা স্থানত কোনো বিমানৰ উপস্থিতি দেখা পোৱা নাছিল। ইৰাণৰ যুদ্ধ জাহাজখন যে, মার্কিন ছাবমেৰিনে ধ্বংস কৰিছে তাক স্বীকাৰ কৰিছে মার্কিন প্ৰতিৰক্ষা সচিব পেটে হেগছেথে।
টর্পেড'ৰে শ্রীলংকাৰ জলসীমাৰ কাষত ভাৰত মহাসাগৰৰ আন্তর্জাতিক জলভাগত ইৰাণৰ যুদ্ধ জাহাজখন টর্পেড'ৰে ধ্বংস কৰা হয় বুলি মার্কিন প্ৰতিৰক্ষা সচিবগৰাকীয়ে পেন্টাগনত অনুষ্ঠিত এক সংবাদমেলত দাবী কৰে। শ্রীলংকাৰ প্ৰতিৰক্ষা সচিবে বি বি চিক জনায় যে ৮০ টা মৃতদেহ ওপঙি থকা প্রত্যক্ষ কৰে শ্ৰীলংকাৰ উদ্ধাৰকাৰী দলে।