ধৰ্মনিৰপেক্ষতা জীৱনৰ এক পদ্ধতি হোৱা উচিতঃ গীতিকাৰ-সাহিত্যিক জাভেদ আখতাৰ
Story by atv | Posted by Munni Begum • 1 Months ago
জাভেদ আখতাৰ
আৱাজ-দ্য ভইচ ব্যুৰো
ধর্মনিৰপেক্ষতাক হ্ৰস্বকালীন পাঠ বা শিক্ষাৰ জৰিয়তে শিকাব পৰা বিষয় নহয়; বৰং ই দৈনন্দিন নিজৰ জীৱনত পালন কৰিবলগীয়া এক অনুশীলন বা অভ্যাস।- এই মন্তব্য গীতিকাৰ-সাহিত্যিক জাভেদ আখতাৰৰ। বৃহস্পতিবাৰে ১৯ সংখ্যক জয়পুৰ সাহিত্য উৎসৱ(JLF)ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ এইদৰে মন্তব্য কৰে।
সাহিত্য উৎসৱৰ 'জাভেদ আখতাৰঃ পইণ্ট অৱ ভিউ’ শীৰ্ষক অনুষ্ঠানত উপস্থিত জনতাক সম্বোধন কৰি আখতাৰে কয় যে সাম্প্ৰতিক সময়ত ধৰ্মনিৰপেক্ষতাক এটা নেতিবাচক শব্দলৈ পৰিণত কৰা হৈছে, কিন্তু ধৰ্মনিৰপেক্ষ মূল্যবোধ আনুষ্ঠানিক বক্তৃতা বা তাত্ত্বিক পাঠৰ জৰিয়তে গঢ় লৈ নুঠে।
“ধৰ্মনিৰপেক্ষতা জীৱনৰ এক পদ্ধতি হোৱা উচিত, কাৰণ আপোনাৰ চাৰিওফালে সকলোৱে এইদৰে জীয়াই আছে আৰু সেই ধাৰণা আপোনা আপুনি আপোনাৰ মনলৈ আহে। যদি এদিন আপোনাৰ আগত এটা ভাষণ দাঙি ধৰা হয় আৰু সেয়া শুনাৰ পিছত আপুনি A, B আৰু C পইণ্টবোৰ মনত ৰাখে, তেন্তে সেয়া ভুৱা, সেয়া কৃত্ৰিম। ই দীৰ্ঘস্থায়ী হ'ব নোৱাৰে।’’- তেওঁ কয়।