ধৰ্মনিৰপেক্ষতা জীৱনৰ এক পদ্ধতি হোৱা উচিতঃ গীতিকাৰ-সাহিত্যিক জাভেদ আখতাৰ

Story by  atv | Posted by  Munni Begum • 5 h ago
জাভেদ আখতাৰ
জাভেদ আখতাৰ
 
আৱাজ-দ্য ভইচ ব্যুৰো
 
ধর্মনিৰপেক্ষতাক হ্ৰস্বকালীন পাঠ বা শিক্ষাৰ জৰিয়তে শিকাব পৰা বিষয় নহয়; বৰং ই দৈনন্দিন নিজৰ জীৱনত পালন কৰিবলগীয়া এক  অনুশীলন বা অভ্যাস।- এই মন্তব্য গীতিকাৰ-সাহিত্যিক জাভেদ আখতাৰৰ। বৃহস্পতিবাৰে ১৯ সংখ্যক জয়পুৰ সাহিত্য উৎসৱ(JLF)ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ এইদৰে মন্তব্য কৰে।
 
সাহিত্য উৎসৱৰ 'জাভেদ আখতাৰঃ পইণ্ট অৱ ভিউ’ শীৰ্ষক অনুষ্ঠানত উপস্থিত জনতাক সম্বোধন কৰি আখতাৰে কয় যে সাম্প্ৰতিক সময়ত ধৰ্মনিৰপেক্ষতাক এটা নেতিবাচক শব্দলৈ পৰিণত কৰা হৈছে, কিন্তু ধৰ্মনিৰপেক্ষ মূল্যবোধ আনুষ্ঠানিক বক্তৃতা বা তাত্ত্বিক পাঠৰ জৰিয়তে গঢ় লৈ নুঠে। 
 
 
“ধৰ্মনিৰপেক্ষতা জীৱনৰ এক পদ্ধতি হোৱা উচিত, কাৰণ আপোনাৰ চাৰিওফালে সকলোৱে এইদৰে জীয়াই আছে আৰু সেই ধাৰণা আপোনা আপুনি আপোনাৰ মনলৈ আহে। যদি এদিন আপোনাৰ আগত এটা ভাষণ দাঙি ধৰা হয় আৰু সেয়া শুনাৰ পিছত আপুনি A, B আৰু C পইণ্টবোৰ মনত ৰাখে, তেন্তে সেয়া ভুৱা, সেয়া কৃত্ৰিম। ই দীৰ্ঘস্থায়ী হ'ব নোৱাৰে।’’- তেওঁ কয়।
 
“কিন্তু যদি সেয়া আপোনাৰ জীৱনৰ পদ্ধতি হয়— আপুনি যাক সন্মান কৰে, যাক আদৰ্শ বুলি ভাবে, সেইসকল বয়োজ্যেষ্ঠ মানুহক জীৱন যাপন কৰা দেখিছে— তেন্তে সেয়া আপোনাৰ ভিতৰতো গঢ় লৈ উঠে,” তেওঁ পুনৰ কয়।
 
নিজৰ শৈশৱৰ কথা স্মৰণ কৰি নিজকে নাস্তিক বুলি পৰিচয় দিয়া আখতাৰে কয় যে তেওঁ এক অজ্ঞানবাদী আৰু নাস্তিক পৰিয়ালত ডাঙৰ-দীঘল হৈছে, য’ত দৈনন্দিন জীৱনত ধৰ্মৰ বিশেষ ভূমিকা নাছিল। তেওঁ কয় যে পৰিয়ালত তেওঁ কেৱল মাতৃৰ ফালৰ ককা-আইতাকহে প্ৰাৰ্থনা কৰা দেখিছিল।
 
আখতাৰে নিজৰ আইতাকৰ এটা ব্যক্তিগত ঘটনাৰ কথা উল্লেখ কৰে, যাক তেওঁ অশিক্ষিত যদিও গভীৰ নীতিবোধসম্পন্ন এগৰাকী দৃঢ় মহিলা হিচাপে অভিহিত কৰে। শৈশৱকালৰ এটা ঘটনা মনত পেলাই তেওঁ কয় যে তেওঁৰ ককাই এবাৰ তেওঁক ৫০ পইচা দিয়াৰ প্ৰলোভন দি ধৰ্মীয় শ্লোক মুখস্থ কৰাবলৈ চেষ্টা কৰিছিল— যি সময়ত সেয়া “শকত ধন” আছিল। কিন্তু তেওঁৰ আইতাই কঠোৰভাৱে হস্তক্ষেপ কৰি কৈছিল যে কাৰো ওপৰত ধৰ্ম জোৰ কৰি জাপি দিয়াৰ কাৰো অধিকাৰ নাই।
 
''তাতেই মোৰ ধৰ্মীয় শিক্ষাৰ সমাপ্তি ঘটিছিল। হয়, সেই সময়ত মই তাত সুখী নাছিলো, কাৰণ মই ৫০ পইচা উপাৰ্জনৰ সুযোগ হেৰুৱাইছিলো। কিন্তু আজি পিছলৈ চাই মই ভাবোঁ— তেওঁ এনে এগৰাকী মহিলা আছিল, যিয়ে নিজৰ নামটোও লিখিব নাজানিছিল, কিন্তু তেওঁৰ মাজত এই  সংবেদনশীলতা আছিল। আমাৰ নেতাসকলৰ যদি এই সংবেদনশীলতাৰ এক-দশমাংশো থাকিলেহেঁতেন।”- তেওঁ কয়।
 
আখতাৰৰ আলোচনা পৰ্বটো আছিল হাস্যৰসেৰে ভৰা, তেওঁৰ কথাবোৰ শুনি দৰ্শকসকলে খুব হাঁহিছিল। যেতিয়া সঞ্চালক ৱাৰিশা ফাৰাছাতে শৈলেন্দ্ৰ, ছাকিল বদায়ুনি আৰু তেওঁৰ পিতৃ জন নিছাৰ আখতাৰৰ দৰে মহান ব্যক্তিসকলৰ উৎকৃষ্ট গুণ বহন কৰা এজন লেখক বুলি তেওঁক পৰিচয় কৰাই দিয়ে, তেতিয়া তেওঁ ৰসিকতাৰে উত্তৰ দিয়ে, “মোৰ নিজৰ একো নাই।”
 
পিছত এক চমু বিৰতিৰ সময়ত যেতিয়া ফাৰাছতে তেওঁক এটা কবিতা আবৃত্তি কৰিবলৈ কয়, তেতিয়া আখতাৰে ওলোটাই প্ৰশ্ন কৰে, "আপুনি পৰৱৰ্তী প্ৰশ্নটো ভাবিব নোৱাৰে নেকি?’’ তেওঁৰ কথা শুনি উপস্থিত জনতা হাঁহিত ফাটি পৰে আৰু হাত চাপৰিৰে চৌদিশ ৰজনজনাই যায়।
 
১৯ সংখ্যক জয়পুৰ সাহিত্য উৎসৱ
 
তেওঁ আজিৰ যুৱপ্ৰজন্মক বিশেষকৈ দুৰ্বল বুলি কোৱা ধাৰণাটোৰ বিৰোধিতা কৰে আৰু যে যুৱপ্ৰজন্মক লৈ অভিযোগ যুগ যুগ ধৰি চলি আহিছে বুলি কয়। তেওঁ কয়, “সোণালী যুগ কেতিয়াও বৰ্তমান যুগ নহয়”। প্ৰাচীন কালতো দাৰ্শনিকসকলে একেই অভিযোগ কৰিছিল বুলি তেওঁ কয়।
 
“আপুনি ইয়াক গুগলত চাব পাৰে। আনকি এৰিষ্টটলো যুৱপ্ৰজন্মক লৈ খুব অসন্তুষ্ট আছিল। খ্ৰীষ্টপূৰ্ব প্ৰায় ৩৬০ বা ৩৫০ বছৰৰ পূৰ্বে লিখা হৈছিল যে যুৱপ্ৰজন্মৰ কোনো মনোযোগ নাছিল, কোনো শিষ্টাচাৰ নাছিল, তেওঁলোক সম্পূৰ্ণভাৱে নষ্ট হৈ গৈছিল। এই অভিযোগ সকলো সময়তে আছিল।”- তেওঁ কয়।

আখতাৰৰ মতে, প্ৰতিটো যুগতেই উন্নতি আৰু অৱনতিৰ মিশ্ৰণ থাকে। নিজৰ বক্তব্য স্পষ্ট কৰিবলৈ তেওঁ চলচ্চিত্ৰ উদ্যোগৰ উদাহৰণ দাঙি ধৰে, প্ৰায়েই পূৰ্বৰ মান হেৰুওৱা বুলি যাক সমালোচনা কৰা হয়।
 
তেওঁ কয়, ''বৰ্তমান সময়ত চলচ্চিত্ৰ উদ্যোগটো পূৰ্বৰ তুলনাত বহুখিনি সুশৃংখলিত... মোৰ মনত আছে, মই যেতিয়া সহকাৰী পৰিচালক হিচাপে প্ৰথম চলচ্চিত্ৰ উদ্যোগত প্ৰৱেশ কৰিছিলো, তেতিয়া এই পদটো খুবেই অসন্মানজনক আছিল।" সেই সময়ত সহকাৰীসকলে তাৰকাসকলৰ ব্যক্তিগত কাম-কাজ কৰিবলৈও বাধ্য হৈ পৰিছিল বুলি তেওঁ উল্লেখ কৰে। “কিন্তু আজিৰ সহকাৰীসকল তাৰকাসকলক সৰলভাৱে নাম ধৰিয়েই মাতে। মই তেওঁলোকক দেখি ভয়েই খাওঁ,” তেওঁ কয়।
 
উল্লেখ্য যে, পাঁচদিনীয়া জয়পুৰ সাহিত্য মহোৎসৱত ৩৫০ৰো অধিক লেখক আৰু পণ্ডিতে অংশগ্ৰহণ কৰিব, য’ত বুকাৰ পুৰস্কাৰ বিজয়ী বানু মুষ্টাক, ছেছৰ কিংবদন্তি বিশ্বনাথন আনন্দ, ব্ৰিটিছ অভিনেতা-লেখক ষ্টিফেন ফ্ৰাই, প্ৰাক্তন কূটনীতিবিদ-লেখক গোপাল কৃষ্ণ গান্ধী, সাহিত্য একাডেমী পুৰস্কাৰ বিজয়ী অনুৰাধা ৰয়, জ্যেষ্ঠ চলচ্চিত্ৰ সমালোচক ভাৱনা সোমায়া, আৰু লেখক মনু জোছেফ, ৰুচিৰ যোশী আৰু কে আৰ মীৰা আদি থাকিব। ১৯ জানুৱাৰীত এই উৎসৱৰ সামৰণি পৰিব।