নতুন দিল্লী
২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আজি নতুন দিল্লীত উপস্থিত হ'ব। দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত আজি ভাৰতলৈ আহিব ৰাষ্ট্ৰপতিগৰাকী।
ভ্ৰমণৰ সময়ছোৱাত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হ'ব। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০২১ চনত পুটিন ভাৰতলৈ আহিছিল ।
৫ ডিচেম্বৰলৈ ভাৰতত থাকি ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাখনো দ্বিপাক্ষিক বৈঠকত অংশ ল’ব। ৰাষ্ট্ৰপতি পুটিনৰ ভাৰত ভ্ৰমণৰ সময়ছোৱাত দুয়োখন দেশৰ মাজত বিভিন্ন বিষয়ত আলোচনা হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য, প্ৰতিৰক্ষা অন্যতম। ৰাছিয়া ভাৰতৰ দীৰ্ঘদিনীয়া আৰু বিশ্বাসযোগ্য প্ৰতিৰক্ষা সহযোগী। পুটিনৰ এই ভ্ৰমণৰ সময়ত ভাৰতে ৰাছিয়াৰ সৈতে বহু যুদ্ধ সা-সৰঞ্জাম ক্ৰয় কৰাৰ বাবে চুক্তি কৰিব পাৰে। বিশেষকৈ ছুখয়-৫৭ যুঁজাৰু বিমান আৰু এছ-৫০০ এয়াৰ ডিফেন্স চিষ্টেম ৰাছিয়াৰ পৰা ক্ৰয় কৰিব পাৰে ভাৰতে। এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেম ক্ৰয় কৰাৰো সম্ভাৱনা আছে।
উল্লেখ্য যে, এতিয়ালৈকে ভাৰত আৰু ৰাছিয়াৰ মাজত প্ৰায় ২১খন দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ হৈছে। বিশেষকৈ সৈন্য বাহিনীৰ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণক লৈ দুয়োখন দেশে একেলগে বহু কাম কৰিছে। যোৱা বছৰতো ভাৰতৰ প্ৰধানমন্ত্ৰী মস্কোত উপস্থিত হৈ বহুকেইখন দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিছিল।