নতুন দিল্লী
মাত্ৰ আধা ঘণ্টাৰ ভিতৰতে সাগৰৰ মাজত নোহোৱা হৈ গ’ল পৃথিৱীৰ আটাইতকৈ শক্তিশালী যুদ্ধজাহাজখন। ২৬ অক্টোবৰত ইউ এছ এছ নিমিটজ বিমানবাহী জাহাজত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। ইয়াৰ পিছত সমগ্ৰ বিশ্বতে ইয়াৰ চৰ্চা চলি আছে।দক্ষিণ চীন সাগৰত দুটা পৃথক ঘটনাৰ সন্মুখীন হ’বলগীয়া হয় আমেৰিকাৰ নৌসেনা।
নৌসেনাৰ পেচিফিক ফ্লীটে জনোৱা মতে, বিমানবাহক জাহাজ ইউ এছ এছ নিমিটজৰ ওপৰত ভিত্তি কৰি নিৰ্মিত এখন যুদ্ধ বিমান আৰু এখন হেলিকপ্টাৰ দুয়োখন দেওবাৰে বিয়লি দক্ষিণ চীন সাগৰত মাত্ৰ ৩০ মিনিটৰ ভিতৰত দুৰ্ঘটনাগ্ৰস্ত হয়।
দেওবাৰে ইউ এছ এছ নিমিটজ বিমানবাহী জাহাজৰ পৰা নিয়মীয়া উৰণ অভিযানৰ সময়ত এখন এম এইচ-৬০আৰ ছি হক হেলিকপ্টাৰ আৰু এফ/এ-১৮এফ ছুপাৰ হৰ্নেট যুঁজাৰু জেট দুৰ্ঘটনাগ্ৰস্ত হয়। সকাহ পোৱা যায় যে দুয়োখন বিমানৰ পাঁচোজন ক্ৰু সদস্যক নিৰাপদে উদ্ধাৰ কৰা হয়।
আমেৰিকাৰ পেচিফিক ফ্লীটৰ এক বিবৃতি অনুসৰি স্থানীয় সময় অনুসৰি নিশা ২:৪৫ বজাত প্ৰথমটো দুৰ্ঘটনা সংঘটিত হয়।দক্ষিণ চীন সাগৰত দুৰ্ঘটনাগ্ৰস্ত হৈছে আমেৰিকাৰ নৌসেনাৰ MH-60R Sea Hawk হেলিকপ্টাৰ।
হেলিকপ্টাৰখনে ইউ এছ এছ নিমিট্জ (চিভিএন-৬৮)ৰ পৰা নিয়মীয়া অভিযান চলাইছিল।কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপ ১১ৰ অনুসন্ধান আৰু উদ্ধাৰকাৰী দলে তৎক্ষণাত সঁহাৰি জনাই তিনিওজন হেলিকপ্টাৰ ক্ৰুৰ সদস্যক নিৰাপদে উদ্ধাৰ কৰে। আটাইকেইজনকে বিমানবাহী জাহাজলৈ আনি চিকিৎসা পৰীক্ষা কৰা হয় আৰু তেওঁলোকৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।
ইয়াৰ পিছত প্ৰায় ৩০ মিনিট পিছত বিয়লি ৩:১৫ বজাত সংঘটিত হয় দ্বিতীয়টো দুৰ্ঘটনা। এখন F/A-18F Super Hornet যুদ্ধ বিমানো দক্ষিণ চীন সাগৰত দুৰ্ঘটনাগ্ৰস্ত হয়। এই জেটখনো ইউ এছ এছ নিমিটজৰ পৰা নিয়মিতভাৱে উৰা মাৰিছিল।জৰুৰীকালীন পৰিস্থিতিত জেট বিমানখনৰ দুয়োজন পাইলটে বাহিৰ কৰি দিয়ে আৰু লগতে অনুসন্ধান আৰু উদ্ধাৰকাৰী দলে নিৰাপদে পানীৰ পৰা উলিয়াই আনে।