ৰাছিয়াৰ ছেণ্ট পিটাৰ্ছবাৰ্গত বিধ্বংসী অগ্নিকাণ্ড, এজনৰ মৃত্যু

Story by  atv | Posted by  [email protected] • 1 d ago
ৰাছিয়াৰ ছেণ্ট পিটাৰ্ছবাৰ্গত বিধ্বংসী অগ্নিকাণ্ড, এজনৰ মৃত্যু
ৰাছিয়াৰ ছেণ্ট পিটাৰ্ছবাৰ্গত বিধ্বংসী অগ্নিকাণ্ড, এজনৰ মৃত্যু
 
ৰাছিয়া

ৰাছিয়াৰ চেণ্ট পিটাৰ্ছবাৰ্গৰ আটাইতকৈ বৃহৎ এখন বজাৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত এজন লোকৰ মৃত্যু হোৱাৰ লগতে দুজন লোক গুৰুতৰভাৱে আহত হয়। ৰাছিয়াৰ জৰুৰীকালীন পৰিস্থিতি মন্ত্ৰ্যালয়ৰ মতে, অগ্নিনিৰ্বাপক বাহিনীয়ে অগ্নিনিৰ্বাপণৰ চেষ্টা চলাই থকাৰ লগতে ছেণ্ট পিটাৰ্ছবাৰ্গৰ বজাৰখনৰ পৰা প্ৰায় ১০০ জন লোকক সুকলমে উলিয়াই অনা হৈছে।
 
ৰাছিয়াৰ স্থানীয় সময় অনুসৰি বুধবাৰে সন্ধিয়া প্ৰায় ৫ বজাত ১৬ Ulitsa Dybenkoত অৱস্থিত দুই মহলীয়া বজাৰ ভৱনত এই অগ্নিকাণ্ড সংঘটিত হয়। বৰদিনৰ সময়ত ব্যস্ততাপূৰ্ণ বজাৰ ভৱন সংঘটিত অগ্নিকাণ্ড উচ্চ শক্তিযুক্ত বৌদ্যুতিক সামগ্ৰীৰ বাবে দ্ৰুতগতিত বিয়পি পৰে।
 
ৰাছিয়াৰ জৰুৰীকালীন পৰিস্থিতি মন্ত্ৰ্যালয় ইগ’ৰ উলুবিকোভে কয় যে জুই বিয়পি পৰাৰ তীব্ৰতা আৰু দহনযোগ্য সামগ্ৰীৰ মুক্তিৰ প্ৰতি লক্ষ্য ৰাখি অগ্নিকাণ্ডস্থলীত এটা ম'বাইল কেমিকেল লেবৰেটৰী স্থাপনকে ধৰি অতিৰিক্ত বাহিনী মোতায়েন কৰাৰ লগতে উদ্ধাৰ কাৰ্যৰ বাবে বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল।
 
উল্লেখ্য যে জৰুৰীকালীন সাহায্য প্ৰদানকাৰীসকলে সন্ধিয়া প্ৰায় ৭.২২ বজা পৰ্যন্ত জুই নিৰ্বাপনৰ প্ৰচেষ্টা অব্যাহত ৰাখি অৱশেষত জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়।
 
ছোভিয়েট এৰা চৌহদত সংঘটিত অগ্নিকাণ্ডটো ইমানেই বিধ্বংসী আছিল যে জুইৰ লেলিহান শিখা সন্ধিয়াৰ আকাশত বহু দূৰৰ পৰা দেখিবলৈ পোৱা গৈছিল।