নতুন দিল্লী
ছৌদি চৰকাৰৰ সূত্রৰ উদ্ধৃতি দি প্রকাশিত এক বাতৰি মতে, বিগত কিছু বছৰৰ পৰা হজযাত্রীসকলৰ একাংশৰ মাজত ম’বাইল ফোনেৰে ছবি আৰু ভিডিঅ’ সংগ্ৰহ কৰাৰ প্রৱণতা বৃদ্ধি পাইছে৷ ফলত ধর্মীয় ৰীতি–নীতি পালন আৰু ভিৰ নিয়ন্ত্রণত সমস্যা আহি পৰিছে৷ সেইবাবেই ২০২৬ চনৰ হজযাত্রীসকলৰ বাবে নতুন চৰকাৰী নির্দেশাৱলী প্রকাশ কৰিছে ছৌদি আৰবে৷
হজৰ পৱিত্রতা ৰক্ষা আৰু ভিৰ নিয়ন্ত্রণৰ উদ্দেশ্যে একাধিক নতুন বিধি–নিষেধ জাৰি কৰা হৈছে এই নির্দেশাৱলীত৷ ছৌদি আৰবৰ চৰকাৰী হাজী আৰু উমৰা মন্ত্রালয়ে জানিবলৈ দিয়া মতে, মক্কাৰ মছজিদ আল–হাৰাম আৰু মদিনাৰ মছজিদ অল–নববিৰ পৰিসৰৰ ভিতৰত কোনেও ফটো বা ভিডিঅ’ তুলিব নোৱাৰিব৷
ছৌদি চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা এই নির্দেশাৱলীত কোৱা হৈছে যে ২০২৬ চনৰ হজযাত্রাত অংশগ্রহণ কৰাৰ বাবে যিসকলে লটাৰীৰ জৰিয়তে সুযোগ লাভ কৰিব তেওঁলোকৰ বাবে এই নিয়ম মানি চলাটো বাধ্যতামূলক হ’ব৷
ম’বাইল ফোন বা কেমেৰা ব্যৱহাৰ কৰি দুয়োটা পৱিত্র মছজিদৰ চৌহদত ছবি তোলা সম্পূর্ণভাৱে নিষিদ্ধ কৰা হৈছে বুলি উল্লেখ কৰি চৰকাৰী নির্দেশাৱলীত কোৱা হৈছে– পৱিত্র স্থানৰ মর্যাদা ৰক্ষা আৰু হাজীসকলৰ অনুভূতিৰ প্রতি সন্মান জনাই যিকোনো পদ্ধতিতে ছবি তোলাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷
উল্লেখযোগ্য যে, ছৌদি চৰকাৰৰ এটা সূত্রৰ উদ্ধৃতি দি প্রকাশিত বাতৰিত কোৱা হৈছে যে যোৱা কেইটামান বছৰৰ পৰা হজযাত্রীসকলৰ একাংশই ম’বাইল ফোনেৰে ছবি বা ভিডিঅ’ তোলাৰ ফলত ধর্মীয় ৰীতি–নীতি পালন আৰু ভিৰ নিয়ন্ত্রণত সমস্যা হৈছে ৷