ভাৰতৰ সমন্বয়মূলক পৰম্পৰা আৰু ইছলাম

Story by   Atir Khan | Posted by  Munni Begum • 5 h ago
দিল্লীৰ জামা মছজিদৰ প্ৰাংগণত কণ কণ শিশু
দিল্লীৰ জামা মছজিদৰ প্ৰাংগণত কণ কণ শিশু
 
  আতিৰ খান
 
ভাৰতৰ ভূমিত কৰা সহাৱস্থান, মৰম আৰু সমন্বয় কোনো দৰ্শন বা শাস্ত্ৰৰ পৃষ্ঠাত সীমাবদ্ধ নহয়, বৰং ই ভাৰতীয় জনমানসৰ নিঃশ্বাসত, প্ৰকৃত জীৱনত, প্ৰতিদিনৰ অভ্যাসত জীয়াই আছে। যিদৰে মন্দিৰৰ ঘণ্টাৰ সুৰে আজানৰ ধ্বনিৰ সৈতে মিলি একেবাৰে নিঃশব্দে সমন্বয় সেতু গঢ়ি তোলে। এই দেশখনৰ বৈচিত্ৰ্য ইমান সুন্দৰ আৰু ইমান গভীৰ যে, ইয়াৰ মাজত ইছলামেও এদিন নিজৰ পৃথক সংগীত, পৃথক সুবাস লৈ এক অনন্য সমন্বয়ৰ অধ্যায় গঢ়ি তুলিছে। এই বিষয়টো ইমানেই বিশাল যে, আজীৱন ইয়াৰ গৱেষণা কৰিলেও ইয়াৰ সম্পূৰ্ণ পৰিসৰ, গভীৰতা উপলব্ধি কৰাটো কঠিন হ’ব। সেয়ে আঁহক আজি আমি অন্তিমগৰাকী মোগল সম্ৰাট বাহাদুৰ শ্বাহ জাফৰৰ কাহিনীৰে আৰম্ভ কৰোঁ, যিগৰাকীক সেই সময়ৰ ব্ৰিটিছ শাসকে ৰংগুনলৈ নিৰ্বাসন কৰিছিল। তেওঁৱে তাত এই বিখ্যাত শ্বায়েৰীটো লিখিছিল যে, "কিতনা হ্যে বদনচিব জাফৰ দাফন কে লিয়ে, দো গজ জমিন ভি না মিলি কু-এ-য়্যাৰ ম্যে..." 
 
এগৰাকী মুছলমানৰ বাবে অন্তিম বিশ্ৰামস্থল বাছনি কৰাটো বৰ আৱেগিক বিষয়। তেওঁৰ প্ৰিয় দিল্লীত তেওঁক কবৰস্থ কৰিব নোৱাৰা কথাটোত জাফৰে আক্ষেপ কৰিছে। এই শ্বায়েৰীটোৱে ভাৰতৰ সমন্বয়মূলক মনোভাৱৰ আৱেগিক আৰু সাংস্কৃতিক শক্তিকে প্ৰকাশ কৰিছে। প্ৰত্যকজন ভাৰতীয় মুছলমানে জন্মৰে পৰা তেওঁক এই ভাৰতত কবৰস্থ কৰাটো বিচাৰে। 
 
 
The Awaz Commentary
 
 
এই দেশখনে সদায় বস্তুবাদী চিন্তাতকৈ মানৱীয় মৰ্যাদাক গুৰুত্ব দি আহিছে। যুগ যুগ ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ অগণন লোকে শান্তি, আধ্যাত্মিক গভীৰতা আৰু মানৱতাৰ বাবে ভাৰতক নিজৰ ঘৰ হিচাপে নিৰ্বাচন কৰি আহিছে৷ যেতিয়া বেলি ডুবিবলৈ লয় আৰু উত্তৰ ভাৰতৰ গাঁওবোৰৰ জলাশয়সমূহ শীতৰ কুঁৱলীৱে ঢাকি পেলায়, আৰু ৰন্ধা-বঢ়াৰ সময় হয়, তেতিয়া মিঠাতেল গৰম হৈ ওলোৱা সুগন্ধি সকলো পাকঘৰৰ একেই হয়, সেয়া হিন্দুৰে হওঁক বা মুছলমানৰে হওঁক৷ 
 
বাৰাণসীত আৰতি-আজানৰ সংমিশ্ৰিত ধ্বনি বা চান্দনী চ'কত মন্দিৰ, মছজিদ, গীৰ্জা আৰু গুৰুদ্বাৰৰ শান্তিপূৰ্ণ সহাৱস্থান- এই সকলোবোৰ কৃত্ৰিম বুদ্ধিমত্তাৰ কল্পনাৰে নিৰ্মিত চিত্ৰ নহয়, বৰঞ্চ সভ্যতাৰ সম্প্ৰীতিৰ জীৱন্ত প্ৰতীক; যিবোৰে শতিকাজুৰি পৰ্যটকসকলক মোহিত কৰি আহিছে। ভাৰতীয় দৰ্শকে শ্বাহৰুখ খানক 'স্বদেশ'ত মোহন ভাৰ্গৱৰ ৰূপত আৰু অজয় দেৱগনক 'মৈদান'ত ফুটবল প্ৰশিক্ষক ছায়েদ আব্দুল ৰহিমৰ ৰূপত আঁকোৱালি লৈছে। আৰু মহম্মদ ৰফীৰ ভজন "মন তড়পত হৰি দৰ্শন কো আজ" কিয় ভাৰতীয়সকলে ইমান বেছি ভাল পায়, যিটো ভজন তেওঁ ১৯৫২ চনৰ ‘বৈজু বাৱৰা’ নামৰ চলচ্চিত্ৰখনত ৰাগ মালকচত পৰিৱেশন কৰিছিল৷ 
 
মোগল সম্ৰাট বাহাদুৰ শ্বাহ জাফৰ
 
ভাৰতৰ সমন্বয় কেৱল ইতিহাসৰ পৃষ্ঠাতেই সীমাবদ্ধ নহয়, বৰঞ্চ ই আজিও দৈনন্দিন কাম-কাজত জীৱন্ত হৈ আছে। উদাহৰণস্বৰূপে--
 
১। উত্তৰাখণ্ডৰ কাশীপুৰত হিন্দু ভগ্নী সৰোজ আৰু অনিতাই ঈদগাহৰ বাবে ভূমি দান কৰিছে।

২। অযোধ্যাত হিন্দুসকলে মুছলমানসকলৰ কবৰস্থানৰ বাবে ভূমি দান কৰিছে। 

৩। জম্মুত যেতিয়া এজন মুছলমান সাংবাদিকৰ ঘৰ ভাঙি দিয়া হৈছিল, তেতিয়া তেওঁৰ হিন্দু চুবুৰীয়াসকলে উদাৰভাৱে তেওঁক তেওঁৰ ঘৰটো পুনৰ নিৰ্মাণত সহায় কৰিবলৈ ভূমি আগবঢ়াইছিল। 

৪। অসমৰ বঙাইগাঁৱত ৰতিকান্ত চৌধুৰীয়ে স্থানীয় মছজিদৰ পথ নিৰ্মাণৰ বাবে ভূমি দান কৰিছে। 

৫। কেৰালাত এগৰাকী মুছলমান সম্প্ৰদায়ৰ লোকে গণেশ মন্দিৰৰ বাবে ভূমি দান কৰিছিল আৰু দুয়োটা সম্প্ৰদায়ৰ শিশুসকলে প্ৰাণ প্ৰতিষ্ঠাৰ উৎসৱত অংশগ্ৰহণ কৰিছিল।  

৬। ডেৰাডুনত সুষমা উনিয়াল আৰু ছুলতানা আলীয়ে নিজৰ নিজৰ স্বামীৰ জীৱন ৰক্ষা কৰিবলৈ কিডনী বিনিময় কৰিছিল।

৭। ফৈজলে পানীত ডুবিবলৈ ধৰা শুভমক বচাবলৈ নিজৰ জীৱনক বিপদাপন্ন কৰি নদীত জাঁপ দিছিল। 
 
আগ্ৰাত ৰাখী বন্ধন
 
এই উদাহৰণবোৰে স্পষ্টকৈ প্ৰমাণ কৰিছে যে, ভাৰতীয়সকলে আজিও নিজৰ জীৱন বিপদাপন্ন কৰি ইজনে সিজনৰ বাবে আত্মবলিদান দিবলৈও কুণ্ঠাবোধ নকৰে। এম মুজিবে তেওঁৰ 'দ্য ইণ্ডিয়ান মুছলিমছ' নামৰ গ্ৰন্থখনত ব্যাখ্যা কৰিছে যে, উনৈশ শতিকাৰ আগলৈকে হিন্দু আৰু মুছলমান সংস্কৃতি কিমান গভীৰভাৱে সংপৃক্ত হৈ আছিলঃ 
 
১। কৰ্নালত মুছলমান কৃষকসকলে কালিমা পাঠ কৰি গাঁৱৰ দেৱতাসকলক পূজা কৰিছিল।

২। আলৱাৰ আৰু ভৰতপুৰৰ মেৱ আৰু মীনাসকলে দীপাৱলী, দছেৰা আৰু জন্মাষ্টমী পালন কৰিছিল।

৩। বিহাৰৰ পূৰ্ণিয়াত মুছলমানৰ ঘৰত মন্দিৰ আছিল য'ত আল্লাহ আৰু মা কালীক একলগে পূজা কৰা হৈছিল।

৪। কিষাণগঞ্জত মছজিদৰ কাষতে আছিল বিষহৰি তথা বিষাক্ত সৰ্প দেৱীৰ মন্দিৰ। 

৫। হুছেইনী ব্ৰাহ্মণসকলে ইমাম হুছেইনৰ ভক্ত হৈও ৰমজান পালন কৰিছিল।

৬। আহমেদাবাদত শ্বেখসকলে তিলক লগাইছিল, কিন্তু ইছলামিক ৰীতি-নীতি অনুসৰি তেওঁলোকে তেওঁলোকৰ মৃতদেহ সৎকাৰ কৰিছিল।

৭। বুৰহানপুৰৰ পীৰজাদা পন্থ ইছলামী শিক্ষাসমূহ পালন কৰিও বিষ্ণুৰ আগন্তুক অৱতাৰ নিষ্কলংকীক সন্মান কৰিছিল।

এই উদাহৰণসমূহে প্ৰমাণ কৰে যে, ভাৰতীয় সংস্কৃতি কিমান সংমিশ্ৰিত আছিল৷ আনহাতে, ভাৰতীয় ইছলাম কেতিয়াও বিচ্ছিন্নতাৰ ওপৰত নহয়, বৰঞ্চ সহ-অস্তিত্ব, সংলাপ আৰু অনুকৰণৰ জৰিয়তে ইছলামৰ বিকাশ হৈছে। 
 
অসীম ৰায়ে তেওঁৰ 'Islamic Syncretic Tradition in Bengal' নামৰ গ্ৰন্থখনত যুক্তি দিছে যে, বাঙালী মুছলমানসকল আৰৱীয় মুছলমানৰ দুৰ্বল সংস্কৰণ নহয়৷ কিছুমান পুনৰুত্থানবাদীয়ে বাঙালী মুছলমানক আৰৱীয় মুছলমানৰ দুৰ্বল সংস্কৰণ দাবী কৰিছিল, কিন্তু এক বিশেষ সাংস্কৃতিক পৰিৱেশত ইছলামৰ এয়া বৈধ আৰু স্বাভাৱিক ঐতিহাসিক বিকাশ।  
 
জাতীয় পতাকা চিলাই থকা কাশ্মীৰৰ মুছলমান মহিলা
 
আন এজন পণ্ডিত ৰফিউদ্দিন আহমেদে উত্তৰ ভাৰতৰ উৰ্দুভাষী মুছলমানসকলৰ পৰিচয়ৰ পৰা সম্পূৰ্ণ পৃথক বুলি স্বীকাৰ কৰিছে৷ ভাৰতীয় মুছলমানসকল কেতিয়াও একেধৰণৰ নাছিল। ভাৰতত ইছলাম ধৰ্মৰ বিকাশৰ তিনিটা ধাৰা হৈছে- বিজয়, প্ৰব্ৰজন আৰু ধৰ্মান্তকৰণ। দিল্লী চুলতান আৰু মোগলসকলৰ আগমনৰ বহু পূৰ্বে আৰৱৰ ব্যৱসায়ীসকলে শান্তিপূৰ্ণভাৱে মালাবাৰ উপকূলত ইছলাম ধৰ্ম প্ৰৱৰ্তন কৰিছিল। চেৰামান জুমা মছজিদ এই প্ৰাৰম্ভিক সহৱস্থানৰ প্ৰতীক হিচাপে আজিও থিয় হৈ আছে।  
 
উত্তৰ ভাৰতত দিল্লী চুলতানৰ আগমনৰ লগে লগে এটা বিশিষ্ট পাৰ্চী-ইছলামী সংস্কৃতিৰ উত্থান হয়। তথাপি, ১২৮৫ চনত যেতিয়া উলেমাসকলে ইলতুতমিশক কঠোৰ শ্বৰিয়া আইন বলৱৎ কৰিবলৈ দিছিল, তেতিয়া ভাৰতৰ বৈচিত্ৰপূৰ্ণ সামাজিক গাঁথনি আৰু ভাৰতীয়সকলৰ প্ৰৱল বিৰোধিতাৰ ভয়ত তেওঁ তাক প্ৰত্যাখ্যান কৰিছিল। হয়, তেতিয়া অতিমাত্ৰা ৰাজনীতি আছিল। কিন্তু ভাৰতীয় ইছলামক কেৱল দিল্লী চুলতান বা মোগলসকলৰ মাজতে সীমাবদ্ধ কৰি ৰখাটো নিশ্চিতভাৱে এক ডাঙৰ অন্যায়। 
 
ইছলামৰ প্ৰকৃত প্ৰসাৰ হয় ছুফী সন্তসকলৰ দ্বাৰা, যিসকল ব্যক্তিয়ে কোনো প্ৰতিষ্ঠানৰ প্ৰতিনিধিত্ব কৰা নাছিল, বিশেষকৈ ছিষ্টিসকল- যিসকলে 'ৱাহাদত-উল-ৱজুদ' অৰ্থাৎ 'সকলো প্ৰাণীৰ একতা'ৰ দৰ্শন গ্ৰহণ কৰিছিল। তেওঁলোক ৰাজনৈতিক ক্ষমতাৰ পৰা আঁতৰি থাকি গ্ৰাম্য দৰিদ্ৰসকলৰ মাজত বাস কৰিবলৈ লৈছিল। তেওঁলোকে প্ৰেম, কৰুণা, সংগীত আৰু কবিতাৰ ভাষা কৈছিল। তেওঁলোকৰ খানকা (আশ্ৰম) আছিল আৰোগ্য আৰু সম্প্ৰীতিৰ কেন্দ্ৰ। য'ত মূল নিবাসীসকলে সংগীতৰ আনন্দ লৈছিল আৰু লংগৰ (বিনামূলীয়া আহাৰ) গ্ৰহণ কৰিছিল। এইবোৰেই আছিল সেই ঠাই য’ত তেওঁলোকে দুখৰ পৰা পৰিত্ৰাণ লাভ কৰিছিল।  
 
পি হাৰ্ডীয়ে তেওঁৰ গ্ৰন্থ 'দ্য মুছলিমছ অৱ ব্ৰিটিছ ইণ্ডিয়া'ত ছুফীসকল ভাৰতীয় যোগ পৰম্পৰাৰ দ্বাৰা কেনেদৰে প্ৰভাৱিত হৈছিল আৰু তেওঁলোকৰ উপস্থিতিয়ে কেনেদৰে মানুহক সান্ত্বনা দিছিল সেই কথা উল্লেখ কৰিছে। ইয়াৰ পিছতে দাৰ্শনিক বিতৰ্কৰ সূত্ৰপাত হয়ঃ ৱাহাদত-উল-ৱজুদক নক্সবন্দীসকলে প্ৰত্যাহ্বান জনাইছিল, যিয়ে ৱাহাদত-উল-ৱজুদৰ মাধ্যমেৰে ইছলামৰ শুদ্ধিকৰণৰ পোষকতা কৰিছিল। 
 
এম মুজিবৰ গ্ৰন্থ 'ভাৰতীয় মুছলমান'
 
আহমেদ সৰহিন্দী আৰু পিছত শ্বাহ ৱালিউল্লাহৰ দৰে নেতৃত্বৰ আন্দোলনে জাতীয়তাবাদী দেৱবন্দি আৰু অহল-এ-হাদীছ ধাৰণাক আকাৰ প্ৰদান কৰিছিল, যদিও এই ধাৰণাসমূহো ভাৰতৰ শক্তিশালী সমন্বিত প্ৰত্যাহ্বানৰ পৰা ৰক্ষা পোৱা নাছিল। ভাৰতবৰ্ষই এনে মহান চিন্তাবিদ আৰু কবিও সৃষ্টি কৰিছে, যিসকলে ইয়াৰ সামাজিক গাঁথনি শক্তিশালী কৰিছে-- 
 
১। ডাৰা শ্বিকোহে উপনিষদৰ অনুবাদ কৰিছিল আৰু 'মজম-উল-বাহৰেইন', 'দো সাগৰ কা মিলন' লিখিছিল। 

২। আমিৰ খুছৰুৱে আমাক খড়ী বোলী, হিন্দী সাহিত্য, তবলা আৰু কাৱালী দিছিল।

৩। ইকবালে ভগৱান ৰামৰ ওপৰত এটা স্তৱক লিখি তেওঁক 'ইমাম-ও-হিন্দ' বুলি অভিহিত কৰিছিল। আৰু বিখ্যাত মিশ্ৰাই লিখিছে, "কুছ বাত হ্যে কি হস্তী মিট্টী নেহী হমাৰী, ছদিয়ো ৰহা হ্যে দুশমন দৌৰ-এ-জমান হামাৰা" 

৪। গালিবে বাৰাণসীৰ প্ৰশংসাত ‘চিৰাগ-এ-দৈৰ’ লিখিছিল। 

৫। হাফিজ জলন্ধৰী আৰু হাছৰত মোহানীয়ে ভগৱান কৃষ্ণক লৈ কবিতা লিখিছিল।
 
আলিগড়ত ছাৰ ছাইদ আহমেদ খানে শিক্ষাৰ ক্ষেত্ৰত বিপ্লৱ আনিছিল আৰু আধুনিক মুছলিম শিক্ষাৰ সূচনা কৰিছিল। দাৰুল উলুম, নদৱাহ আদিৰ দৰে মহান প্ৰতিষ্ঠানসমূহে ইয়াত বিকাশ লাভ কৰিছিল, কাৰণ ভাৰতে বৌদ্ধিক স্বাধীনতা আৰু আধ্যাত্মিক বিকাশক সদায়েই প্ৰধান্য দি আহিছে।
 
মুছাৰুল হাছানে তেওঁৰ কিতাপ 'ইছলাম এণ্ড ইণ্ডিয়ান নেচনেলিজম'ত এজন ব্ৰিটিছ ইতিহাসবিদৰ উদ্ধৃতি দি লিখিছে যে, ভাৰতীয় মুছলমানসকলে তেওঁলোকৰ নায়কসকলক সন্মান নকৰে... দিল্লীৰ জামা মছজিদৰ সন্মুখত মৌলানা আজাদৰ সমাধি অথবা ডাঃ জাকিৰ হুছেইন আৰু এম এ আনছাৰীৰ সমাধিস্থল, প্ৰায় কোনেও চাবলৈ নাযায়। 
 
আনকি আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলেও ছাৰ ছাইদৰ শিক্ষাৰ আন্দোলনৰ আদৰ্শগত প্ৰেক্ষাপটক গুৰুত্ব দিয়া নাই৷ যদিও এই আন্দোলন মূলতঃ আশ্ৰফ সমাজৰ নেতৃত্বত হৈছিল, তথাপি ই ভাৰতীয় মুছলিম শিক্ষাত বিপ্লৱ আনিছিল।
 
তথাপি ঔপনিৱেশিক শাসনে, বিশেষকৈ শেষৰ ফালে, ভাৰতৰ সমন্বয়মূলক নীতিৰ ওপৰত গভীৰ আঘাত হানিছিল। ব্ৰিটিছে হিন্দু-মুছলমানৰ মাজত কঠোৰ পৰিচয়ৰ নীতি প্ৰৱৰ্তন কৰিছিল, যিয়ে বহু শতিকা পুৰণি সহৱস্থানৰ মূল্যবোধ দুৰ্বল কৰি পেলাইছিল। আজিও বিশ্বব্যাপী আৰু দেশীয় পৰ্যায়ত এই মেৰুকৰণ বৃদ্ধি পাইছে। ৯/১১-ৰ পিছত বৈশ্বিক ইছলামোফ’বিয়া আৰু বিদেশী কঠোৰ মতাদৰ্শৰ কাৰণে ভাৰতীয় মুছলমানসকল তেওঁলোকৰ নিজস্ব ছুফী-প্ৰভাৱিত পৰম্পৰাৰ পৰা আঁতৰি আছে।
 
 
সৰ্ব ধৰ্ম সম্ভৱৰ মনোভাৱেৰে ধৰ্মগুৰুসকল
 
প্ৰখ্যাত সমাজবিজ্ঞানী ডেভিদ লেলিভেল্ডে তেওঁৰ 'Aligarh’s First Generation' নামৰ গ্ৰন্থখনত উল্লেখ কৰিছে যে, ব্ৰিটিছ ঔপনিৱেশিক শাসকৰ উদ্দেশ্য আছিল ভাৰতীয় সংস্কৃতিৰ অস্পষ্টতা দূৰ কৰা আৰু পৰিচয়ক সুস্থিৰ কৰি তোলা, যিয়ে ভাৰতীয় হিন্দু-মুছলমান পৰিচয়ক এটা কঠিন বাকচত বন্দী কৰি ৰাখে। দুখৰ বিষয় যে ভাৰত বিভাজনৰ পিছত হোৱা ৰাজনৈতিক ভুল, হিন্দুসকলৰ আৱেগ-অনুভূতিক উপেক্ষা কৰা আৰু ৰাজনৈতিক লাভালাভৰ বাবে মুছলমানক সন্তুষ্ট কৰাৰ ব্যৰ্থ প্ৰচেষ্টাই এই মহান দেশখনৰ কোনো উপকাৰ কৰা নাই।
 
১৯৯২ চনত অযোধ্যাৰ বিতৰ্কিত আন্তঃগাঁথনি ভাঙি পেলোৱাৰ পিছত ভাৰতীয় মুছলমান মৌলৱীৰ প্ৰভাৱ বহু পৰিমাণে হ্ৰাস পায় আৰু মুছলমানসকল আঞ্চলিক ৰাজনৈতিক আকাংক্ষাৰ ফালে ধাবিত হয়। কিন্তু তাতো একো লাভ নহয়।
 
আমি এই কথা অস্বীকাৰ কৰিব নোৱাৰো যে, আমাৰ সমন্বয়ৰ পৰম্পৰাক আঘাত কৰা হৈছে। তথাপি এই দেশত এ পি জে আব্দুল কালাম বা বুন্দেলখণ্ডৰ ১০০ টা মন্দিৰ পুনৰুদ্ধাৰকাৰী প্ৰসিদ্ধ পুৰাতত্ত্ববিদ কে কে মুহাম্মদৰ দৰে মহান ভাৰতীয় মুছলমানৰ উজ্জ্বল উদাহৰণ আছে৷ আজমল চুলতানপুৰীয়ে তেওঁৰ বিখ্যাত কবিতা 'কাহা হ্যে মেৰা হিন্দুস্থান'ত সুন্দৰভাৱে কৈছে -
 
"মে ধুন্দ ৰহা হু
জহা থে তুলসী ঔৰ কবীৰ
জেইছে জেইছে পীৰ, ফকীৰ
জাহা থে মোমিন, গালিব, মীৰ
মে উছকো ধুন্দ ৰহা হু..."
 
আজি আমাৰ প্ৰত্যাহ্বান হ'ল সেই পৰম্পৰাক পুনৰুদ্ধাৰ কৰা, ন্যায়, কৰুণা আৰু ছুফী ধাৰণাক ওভতাই পোৱা, যিয়ে ভাৰতীয় ইছলামক গঢ়ি তুলিছে৷ ভাৰতীয় ছুফীবাদেও নিজৰ ভিতৰৰ দুৰ্নীতিৰ পৰা মুক্ত হ'ব লাগিব। ভাৰতীয় মুছলমানসকলে তেওঁলোকৰ ভাৰতীয় সংস্কৃতিক লালন-পালন কৰা প্ৰয়োজন, বিদেশী আগ্ৰাসী মতাদৰ্শ, বিশেষভাৱে সামাজিক মাধ্যমৰ যোগেদি অহা মতাদৰ্শৰে অনুপ্ৰাণিত হ'ব নালাগিব। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
সৌভাগ্যক্ৰমে ভাৰতে অনুপ্ৰেৰণাদায়ক ব্যক্তি সৃষ্টি কৰিছে, উৰ্দু কবি চন্দ্ৰভান খয়াল, যাৰ গ্ৰন্থ 'লোলাক'ত পয়গম্বৰ মহম্মদৰ প্ৰশস্তিমূলক নাট অন্তৰ্ভুক্ত কৰা হৈছে; বিশ্বৰ মুছলমান পণ্ডিতসকলে যাৰ কৰ্মৰ ওপৰত গৱেষণা কৰি আহিছে। ৰাজস্থানী লোকগীত শিল্পী বেতুল বেগমে ইমান উৎসাহেৰে গীত পৰিৱেশন কৰিছে যে তেওঁৰ প্ৰশংসা নকৰি নোৱাৰি। এই বৌদ্ধিক আৰু আধ্যাত্মিক পৰম্পৰাসমূহ জীয়াই ৰখা আৰু বিকাশ কৰাটো জৰুৰী।
 
ৰাজনৈতিক ভুল পদক্ষেপে চাপ সৃষ্টি কৰিছে আৰু প্ৰবল হিন্দু প্ৰতিক্ৰিয়াশীল সোঁতৰ সৃষ্টি কৰিছে, যিয়ে ওলোটাই ভাৰতীয় মুছলমানৰ পৰিচয়ক আৰু অধিক সংকুচিত কৰিছে, আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে আঞ্চলিক মুছলমান সংস্কৃতি। যুগ যুগ ধৰি শাৰী পিন্ধা বংগ আৰু বিহাৰৰ মুছলমান মহিলাসকলে এতিয়া বোৰ্খা পিন্ধিবলৈ লৈছে; বিহাৰৰ মুছলমান পুৰুষসকলৰ ধুতি প্ৰায় বিলুপ্ত হৈ পৰিছে। মুছলমানৰ সাংস্কৃতিক বৈচিত্ৰ্য হ্ৰাস পাইছে। বিখ্যাত শিল্পী বিবান সুন্দৰমক এবাৰ সোধা হৈছিল যে, সকলো ঔপনিৱেশক একেলগ কৰিলে দিল্লীৰ বিশৃংখলতা হ্ৰাস পাবনে? তেওঁ কৈছিল, “যদি সকলো ঘৰ একে হ’লহেঁতেন, তেন্তে একঘেয়ামী আৰু আমনিদায়ক হ’লহেঁতেন। বৈচিত্ৰ্যতাত সৌন্দৰ্য্য নিহিত হৈ থাকে"
 
আজিৰ সমস্যাৰ বাবে কেৱল হিন্দু বা মুছলমানক দোষাৰোপ কৰিব নোৱাৰি৷ ভাৰতৰ শক্তি কোনো এটা ধৰ্মীয় মতাদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত নহয়, বৰং বৈচিত্ৰ্যক মৰ্যাদা দিয়া হয়। অতীতত যিসকলে শাসন কৰিছিল, তেওঁলোকে এই কথা বুজি পাইছিল। আজি আমিও বুজিব লাগিব।
 
ভাৰত নামৰ দেশখন বৈচিত্ৰ্যৰ সুক্ষ্ম ভাৰসাম্যৰ ওপৰত প্ৰতিষ্ঠিত হৈ আছে, কোনো এটা ধাৰণাৰ ওপৰত নহয়। ভাৰতৰ সমন্বয়মূলক পৰম্পৰা আৰু ইছলামৰ সৈতে ইয়াৰ অনন্য সম্পৰ্ক কেৱল ইতিহাস নহয়; এইবোৰেই হৈছে সেই ভেটি যাৰ ওপৰত অধিক শক্তিশালী, আত্মবিশ্বাসী আৰু অধিক সুষম ভাৰত গঢ় লৈ উঠিব পাৰে। সকলো অস্থিৰতাৰ মাজতো আমি আশাবাদী হৈ থকা উচিত আৰু এনে ভৱিষ্যতৰ সপোন দেখা উচিত, য’ত আমি ভাৰতীয়সকলে স্পষ্টভাৱে চিন্তা কৰিব পাৰো, নিৰ্ভীকভাৱে জীয়াই থাকিব পাৰোঁ, উন্নতি কৰিব পাৰোঁ আৰু একেলগে সমন্বয়ৰ পথেৰে আগুৱাই যাব পাৰোঁ।
 
(লেখক আৱাজ-দ্য ভইচ'ৰ মুখ্য সম্পাদক)