সমীৰ দি শ্বেখ
কেইদিনমান পূৰ্বে ৰাজধানী দিল্লীত বেদখলৰ বিৰুদ্ধে প্ৰশাসনে চলোৱা অভিযানে বিশেষ চৰ্চা লাভ কৰাৰ লগতে ই এক বিতৰ্কৰ বিষয় হৈ পৰিছিল। বিশেষকৈ মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চলত সংঘটিত এই অভিযানে কিছু সময়ৰ বাবে উত্তেজনাৰো সৃষ্টি কৰিছিল। যিহেতু প্ৰশাসনে ৰাইজক বিশ্বাসত নোলোৱাকৈয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছিল, সেয়েহে মছজিদটোৰ ক্ষতিসাধন হোৱা বুলিও এক উৰাবাতৰি বিয়পি পৰিছিল। যাৰ ফলত শিলগুটি নিক্ষেপ কৰাৰ দৰে হিংসাত্মক ঘটনা সংঘটিত হৈছিল। এই বিষয়টো কেৱল আৰক্ষী আৰু আইন-শৃংখলাৰ দৃষ্টিকোণৰ পৰা চোৱাটোৱে যথেষ্ট নহয়। এই বিষয়ত মুছলমান সমাজে গভীৰভাৱে চিন্তা কৰাৰ সময় আহি পৰিছে।
যোগাযোগৰ অভাৱ আৰু ক্ৰমাৎ ভয়
প্ৰশাসনে এনে ব্যৱস্থা গ্ৰহণ কৰাৰ সময়ত স্থানীয় ৰাইজৰ সৈতে যোগাযোগৰ অভাৱ এক চিন্তাৰ বিষয়। এই কাৰণেই আনকি আইনী ব্যৱস্থাকো "ধৰ্মীয় আক্ৰমণ" হিচাপে গণ্য কৰা হয়, যিয়ে ভুৱা উৰাবাতৰিৰ প্ৰচাৰত ইন্ধন যোগায়। "বুলডজাৰ ন্যায়"ৰ প্ৰচলনে প্ৰশাসনৰ প্ৰতি থকা সম্প্ৰদায়টোৰ আস্থাক আৰু অধিক দুৰ্বল কৰি তুলিছে।
এসময়ত মহাৰাষ্ট্ৰত আৰক্ষী আৰু মুছলমান সমাজৰ মাজত এক বিশ্বাসযোগ্য সম্পৰ্ক গঢ়ি তুলিবলৈ 'মোহল্লা সমিতি' বা আলোচনা অভিযান আৰম্ভ কৰা হৈছিল। এনে প্ৰচেষ্টা এতিয়া হোৱা দেখা নাযায়। ইয়াৰ ফলত প্ৰশাসন আৰু সম্প্ৰদায়টোৰ মাজত যোগাযোগৰ ব্যৱধান বৃদ্ধি পায় আৰু উৰাবাতৰি বিয়পি পৰে।
যদিও এই অভিযানৰ ফলত কোনো ধৰ্মীয় অট্টালিকা ক্ষতিগ্ৰস্ত হোৱা নাছিল, তথাপিও মুছলমান বুদ্ধিজীৱীসকলে এটা মৌলিক প্ৰশ্নৰ ওপৰত গুৰুত্ব দিয়া উচিত। সেই প্ৰশ্নটো হ'ল অবৈধ ভূমিৰ ওপৰত নিৰ্মাণ কৰা ধৰ্মীয় স্থানসমূহৰ প্ৰতি ইছলামৰ দৃষ্টিভংগী প্ৰকৃততে কি?
অসমৰ উচ্ছেদ অভিযানৰ দৃশ্য
আনৰ সম্পত্তি দখল কৰাটো কোৰাণ বিৰোধী
ইছলামে কোনো অবৈধ বা অনৈতিক কাৰ্যক সমৰ্থন নকৰে। যদি কোনো পূজাস্থলী বা মছজিদ কোনো লোকৰ ভূমি দখল কৰি বা ৰাজহুৱা স্থান দখল কৰি নিৰ্মাণ কৰা হয়, তেন্তে ইছলামৰ দৃষ্টিত সেয়া সম্পূৰ্ণ বে-আইনী। ইছলামৰ ভেটিটোৱেই ন্যায়ৰ ওপৰত নিৰ্ভৰশীল। অন্যায়ৰ সৈতে কৰা কোনো নামাজ বা ইবাদত আল্লাহে গ্ৰহণ নকৰে।
কোৰাণে এই বিষয়ত স্পষ্ট নিৰ্দেশনা প্ৰদান কৰিছে। "অন্যায়ভাৱে (অবৈধভাৱে) ইজনে সিজনৰ সম্পত্তি দখল নকৰিব।" (চুৰা আল-বাকাৰাহ ২:১৮৮)। তদুপৰি আল্লাহে এইটোও জোৰ দি কৈছে যে, "সঁচাকৈয়ে, অন্যায় কৰাসকলক আল্লাহে ভাল নাপায়।" (চুৰা আলা-ই-ইমৰাণ ৩:৫৭)। এই আয়াতবোৰে স্পষ্টকৈ প্ৰমাণ কৰিছে যে, যদি কোনো মছজিদৰ ভেটি অনৈতিক বা চুৰি কৰা মাটিত নিৰ্মান কৰা হয়, তেন্তে সেই মছজিদটোৰ নৈতিক আৰু আধ্যাত্মিক মূল্য হেৰাই যায়।
বেদখলৰ বিৰুদ্ধে নবী (ছাঃ) ৰ কঠোৰ সতৰ্কবাণী
হজৰত মহম্মদ (ছঃ)ৰ সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত অতি ন্যায়সংগত আৰু কঠোৰ দৃষ্টিভংগী আছিল। বুখাৰী আৰু মুছলিম শ্বৰীফসকলৰ পৰা পোৱা এটা বিখ্যাত হাদীছত নবীয়ে কৈছে: "যিয়ে অন্যায়ভাৱে সৰু এটুকুৰা মাটিও দখল কৰি ল'ব, তেওঁক কিয়ামতৰ দিনত সাতখন মাটিৰ তলত সমাধিস্থ কৰা হ’ব।" (ছহীহ বুখাৰী ২৪৫২)। এইটো এনে এক শিক্ষা যিয়ে যিকোনো পৰিস্থিতিত আনৰ অধিকাৰ দখল কৰাটো নিষিদ্ধ কৰি আহিছে।
আন এটা গুৰুত্বপূৰ্ণ হাদীছত উল্লেখ কৰা হৈছে, "আল্লাহ পবিত্ৰ আৰু তেওঁ কেৱল পবিত্ৰ বস্তুকেই গ্ৰহণ কৰে।" (ছহীহ মুছলিম ১০১৫) বহু ইছলামিক পণ্ডিতে কৈছে যে, যদি মছজিদ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা মাটি বা ধন 'হৰাম' (নাজাইজ) হয়, তেনেহ'লে আল্লাহৰ ওচৰত এনে উপাসনা গ্ৰহণযোগ্য নহয়।
ইতিহাসৰ পৃষ্ঠাসমূহ: খলিফাসকলৰ আদৰ্শ ন্যায়
ঐতিহাসিক উদাহৰণসমূহেও এই বিষয়ত বহু কথা কয়। ইছলামৰ দ্বিতীয় খলিফা উমাৰ ইবনে আল-খত্তাবৰ ৰাজত্বকালত এটা মছজিদৰ কিছু অংশ ভাঙি পেলোৱাৰ নিৰ্দেশ দিয়া হৈছিল, কাৰণ সেই মছজিদটো এজন ইহুদী ব্যক্তিৰ ভূমিত অনুমতি অবিহনে নিৰ্মাণ কৰা হৈছিল। কিয়নো খলিফাই যিহুদী মানুহজনক ন্যায় দিয়াটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিছিল।
অসমৰ শেহতীয়াকৈ চলোৱা উচ্ছেদ অভিযান
আন এক অনুৰূপ উদাহৰণ হ'ল খলিফা উমাৰ ইবনে আব্দুল আজিজ। তেওঁৰ ৰাজত্বকালত দামাস্কাছৰ বিখ্যাত উমাইয়াদ মছজিদৰ কিছু অংশ ভাঙি সেই মাটি খ্ৰীষ্টান সম্প্ৰদায়ক ঘূৰাই দিয়াৰ নিৰ্দেশ দিছিল, কিয়নো সেই মাটি বলপূৰ্বকভাৱে কাঢ়ি লোৱা হৈছিল। এই উদাহৰণ দুটাই ইয়াকে দেখুৱাইছে যে, ইছলামত 'হকুক-উল-ইবাদ' (মানৱ অধিকাৰ) আৰু ন্যায়ক ধৰ্মীয় অট্টালিকাতকৈ ওপৰত বুলি বিবেচনা কৰা হয়।
আধুনিক পণ্ডিত আৰু শ্বৰীয়তৰ উদ্দেশ্য
আজিৰ আধুনিক যুগতো ডঃ মহম্মদ হামিদুল্লাহ আৰু ইউছুফ আল-কাৰদাৱীৰ দৰে বিশিষ্ট পণ্ডিতসকলে কৈছে যে মছজিদসমূহ কেৱল আইনগত আৰু নৈতিকভাৱে লাভ কৰা ভূমিত নিৰ্মাণ কৰিব লাগে। সাধাৰণ জনতাৰ স্বাৰ্থত বাধাৰ সৃষ্টি কৰা বা অবৈধভাৱে কৰা নিৰ্মাণ 'মকাছিদ-আল-শ্বৰীয়ত' অৰ্থাৎ শ্বৰীয়াৰ প্ৰকৃত উদ্দেশ্যৰ বিপৰীত হয়।
আত্মবিশ্লেষণ আৰু নতুন দৃষ্টিভংগীৰ প্ৰয়োজন
গতিকে মুছলমান সমাজে এতিয়া আৱেগেৰে ইন্ধন যোগোৱা হিংসাত্মক প্ৰতিবাদৰ আশ্ৰয় লোৱাতকৈ নবীৰ আলোচনাৰ নীতি গ্ৰহণ কৰি তেওঁৰ আজ্ঞা পালন কৰাটো প্ৰয়োজন। প্ৰশাসনৰ বিৰুদ্ধে আইনী যুঁজ কৰাটো নিশ্চিতভাৱে গণতান্ত্ৰিক অধিকাৰ, কিন্তু সমাজে বুজিব লাগিব যে, অবৈধ নিৰ্মাণক "ধৰ্ম" বুলি গণ্য কৰি ৰক্ষা কৰাটো নিজৰ ধৰ্মৰ নীতিৰ উলংঘা কৰাহে। গতিকে আমি চিন্তা নকৰাকৈ প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা, বিশেষকৈ হিংসাত্মক প্ৰতিক্ৰিয়াৰ পৰা বিৰত থকাটো উচিত।
সমাজে এনে এটা চৰিত্ৰ গঢ়ি তুলিব লাগিব যে, ইয়াৰ কোনো কামেই আনৰ অধিকাৰ খৰ্ব কৰিব নোৱাৰে। অন্যায় কাম পৰিত্যাগ কৰি সত্যৰ পথ, সংবিধান, আইনৰ পথ আঁকোৱালি লৈহে আমি নিজকে এখন সন্মানীয় আৰু শান্তিপ্ৰেমী সমাজ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিম।
(লেখক 'আৱাজ-দ্য ভইচ - মাৰাঠী'ৰ সম্পাদক।)