ভাৰতৰ আত্মাক কণ্ঠ দিয়া সাংবাদিকতাৰ পাচঁ বছৰ

Story by   Atir Khan | Posted by  Munni Begum • 6 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
  ধন্যবাদ পাঠকসকল,
 
ভাৰতৰ সৰ্বশ্ৰেষ্ঠ শক্তি ইয়াৰ প্ৰকৃত মহাশক্তি, ইয়াৰ বিশ্বাস পৰম্পৰা আৰু ইয়াৰ জনসাধাৰণৰ মাজত প্ৰৱাহিত মূল্যবোধৰ মাজত অন্তৰ্নিহিত হৈ আছে।
 
ভাৰতত ধৰ্ম কেৱল বিশ্বাসৰ বিষয় হৈ থকা নাই, বৰঞ্চ ই এক নৈতিক কম্পাসো হৈ আহিছে, যিয়ে সামাজিক আচৰণ, সাংস্কৃতিক সহাৱস্থান আৰু মানৱতাৰ এক অংশীদাৰিত্বৰ ভাৱবোধক গঢ়ি তুলিছে।
 
 
বিশ্বব্যাপী আৰু ঘৰুৱা সাম্প্ৰদায়িক মেৰুকৰণৰ কিছুমান আটাইতকৈ অস্থিৰ সময়তো সংবাদ মাধ্যমৰ মঞ্চ হিচাপে আৱাজ-দ্য ভইচে এই বৈচিত্ৰ্যতা আৰু ভাৰতৰ গভীৰতাত শিপাই থকা অন্তৰ্ভুক্তিৰ কথা ধাৰাবাহিকভাৱে উদযাপন কৰি আহিছে। 
 
আৱাজে আলোচনা, ভাৰসাম্য আৰু পাৰস্পৰিক সন্মানৰ আখ্যান গঢ়ি তোলাৰ বাবেও প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। এনে কাৰ্যৰ জৰিয়তে ভাৰতে বিভাজনৰ পৰিৱৰ্তে ভাৰতৰ মনোভাৱৰ পৰিচয় দাঙি ধৰিবলৈ চেষ্টা কৰি আহিছে। 
 
আমাৰ দলসমূহে সদায়েই বিষয়বস্তু সৃষ্টিৰ প্ৰতি তেওঁলোকৰ দৃষ্টিভংগীত অনন্য হৈ আহিছে। সাংবাদিকতাৰ নিয়ম হ'ল বিভাজন আৰু নেতিবাচকতা উন্মোচন কৰা, কিন্তু আমাৰ কাম অধিক কঠিন, আমাৰ দিনটোৰ আৰম্ভণি এনে ধাৰণাৰে কৰা যি সমাজত বিভাজন সৃষ্টি কৰাৰ পৰিৱৰ্তে মানুহক একত্ৰিত কৰিব পাৰে। 
 
আমি মনত ৰখা উচিত যে, অতীজৰে পৰা ভাৰতবর্ষত এক সংমিশ্রিত সংস্কৃতি গঢ় লৈ উঠিছে, যি ধীৰে ধীৰে এক অনবদ্য ভাৰতীয় পৰিচয়ত পৰিণত হৈছে, যি প্রাণৱন্ত আৰু সজীৱ। হিন্দু, ইছলাম, শিখ, বৌদ্ধ, জৈন আৰু অন্যান্য ধৰ্মীয় পৰম্পৰাসমূহ পৃথকে পৃথকে অস্তিত্ব লাভ কৰা নাই, বৰঞ্চ ই ভাৰতীয়তাৰ বৃহত্তৰ গাঁথনিৰ সৈতে জড়িত হৈ আছে। দৃষ্টিভংগীৰ পাৰ্থক্য অনিবাৰ্যভাৱে থাকিলেও ভাৰতীয়সকলক একত্ৰিত কৰি ৰখা সৰ্বোচ্চ মূল্যবোধটো সদাই মানৱতায়ে আছিল।   
 
এনে এক পৰিপ্ৰেক্ষিতত, বৰ্তমানৰ ধৰ্মীয় মতভেদ থকা সত্ত্বেও, হিন্দু, মুছলমান আৰু অন্যান্য সম্প্ৰদায়ৰ মাজত গঠনমূলক আলোচনাৰ পৰিৱেশ লাহে লাহে গঢ়ি উঠিছে।
 
সমন্বয়ৰ বৰ্ণনাক শক্তিশালী কৰাৰ বাবে এতিয়াৰ তুলনাত ইয়াতকৈ গুৰুত্বপূৰ্ণ মুহূৰ্ত আন একোৱে হ'ব নোৱাৰে। আজি, বিভিন্ন সম্প্ৰদায়ৰ সদস্যসকলে ক্ৰমান্বয়ে অন্তৰ্দৃষ্টিৰে তেওঁলোকৰ পক্ষপাত আৰু কু-অভিলাষক স্বীকৃতি দি আছে আৰু পৰস্পৰে পৰস্পৰক ভালদৰে বুজিবলৈ প্ৰকৃত প্ৰচেষ্টা চলাই আছে। 
 
ভাৰতীয় ইতিহাসৰ প্ৰায় হাজাৰ বছৰ ধৰি সকলো ধৰ্মীয় সম্প্ৰদায়ৰ সংবেদনশীলতা সম্পূৰ্ণৰূপে অন্তৰ্ভুক্ত কৰাৰ বাবে কেইটামান অবিৰত আৰু আন্তৰিক প্ৰচেষ্টা আছিল, যদিও সাম্প্ৰতিক কালত সাম্প্ৰদায়িক মেৰুকৰণৰ ঢৌৱেহে শিখৰত উপনীত হৈছে আৰু ই লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে। বিগত দশকত যিদৰে ভাৰতীয় সমাজে তেওঁলোকৰ মতভেদসমূহৰ বিষয়ে মুকলিভাৱে আলোচনা কৰিছে, আগতে কেতিয়াও এনে হোৱা নাছিল। 
 
এই পৰিৱৰ্তনত সামাজিক মাধ্যমে এক জটিল ভূমিকা পালন কৰিছে। এফালে, ই সাম্প্ৰদায়িক সম্প্ৰীতিৰ ৰাজ্য-চালিত  আখ্যানক বিঘ্নিত কৰিছিল, যিটো প্ৰায়ে কৃত্ৰিম যেন অনুভৱ হৈছিল আৰু ইয়াত গভীৰতাৰ অভাৱ আছিল। আনহাতে, ই তীব্ৰ মেৰুকৰণত অৰিহণা যোগাইছিল। তথাপি এই বিভাজন প্ৰভাৱো এতিয়া হ্ৰাস পোৱা দেখা গৈছে, আৰু অধিক কথোপকথনৰ বাবে স্থান সৃষ্টি কৰিছে।
 
 
ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান লোকে কৃত্ৰিম বুদ্ধিমত্তাক এক পৰিৱৰ্তনশীল শক্তি হিচাপে চাবলৈ আৰম্ভ কৰিছে, যাক কালকী বা মেহেন্দিৰ সৈতে তুলনা কৰা হৈছে, যিয়ে মূলধাৰাৰ কুসংস্কাৰক প্ৰত্যাহ্বান জনোৱাৰ লগতে বৃহত্তৰ সমন্বয় আৰু সমতাৰ সূচনা কৰিব পাৰে। ভাৰতত যি ডিজিটেল বিপ্লৱৰ সূচনা হৈছে, ই ইতিমধ্যে এই সম্ভাৱনাৰ কিছু আভাস প্ৰদান কৰিছে।
 
ভাৰতীয় হিন্দু সম্প্ৰদায়ৰ লোকসকলে পূৰ্বৰ স্থিতি আৰু আগ্ৰহৰ মাজত থকা ব্যৱধান বহু পৰিমাণে দূৰ কৰিছে যদিও, ভাৰতীয় মুছলমান আৰু অন্যান্য সম্প্ৰদায়ৰ লোকসকলেও শিক্ষা, দক্ষতা বিকাশ আৰু উচ্চাকাংক্ষাৰদ্বাৰা পৰিচালিত হৈ যথেষ্ট প্ৰগতি লাভ কৰিছে।
 
বিগত দশকত মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰত সজাগতা আৰু পদক্ষেপৰ অভাৱনীয় উত্থান দেখা গৈছে। সামাজিক আৰু অৰ্থনৈতিক সবলীকৰণৰ জৰিয়তে ভাৰতৰ সম্প্ৰদায়সমূহে অনাগত বছৰসমূহত আৰু অধিক সমৃদ্ধি লাভ কৰিবলৈ সাজু হৈছে।
 
আমি আমাৰ পঞ্চম বৰ্ষপূৰ্তি উদযাপন কৰাৰ সময়ত ইংৰাজী, হিন্দী, উৰ্দু, অসমীয়া, মাৰাঠী, বাংলা আৰু আৰবী ভাষাৰ আৱাজঅ-দ্য ভইচ'ৰ দলসমূহে ভাৰতীয়সকলক একত্ৰিত কৰাৰ অভিযানৰ প্ৰতি দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। 
 
ফাউণ্ডেশ্যন ফৰ পলুৰেলিষ্টিক ৰিচাৰ্ছ এণ্ড এম্পাৱাৰমেণ্টৰ অটল সমৰ্থন আৰু আমাৰ ওপৰত আস্থা ৰখাৰ বাবে আমি তেওঁলোকৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।
 
২০২৫ চনত আমাৰ মুছলিম চেঞ্জমেকাৰছ শৃংখলাটোৱে সাধাৰণ ভাৰতীয় নাগৰিকৰ মাজত প্ৰচুৰ সঁহাৰি লাভ কৰিছে আৰু আমি নিশ্চিত যে, আমাৰ পৰৱৰ্তী শৃংখলা 'পৰৱাজ'এও একেধৰণৰ প্ৰশংসা লাভ কৰিব। এই শৃংখলাটোত ভাৰতীয় মুছলমান মহিলা সফলতাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। আমাৰ দলসমূহো এই প্ৰকল্পটোক লৈও অতি উৎসাহিত হৈ আছে।
 
আৱাজ–দ্য ভইচ'ৰ ৱেবছাইটৰ পাঠক আৰু ভিডিঅ’ দৰ্শকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি বৃদ্ধি পাইছে, আৰু আমি আমাৰ দৰ্শকসকলক তেওঁলোকৰ অটল সমৰ্থন আৰু মৰমৰ বাবে আন্তৰিক ধন্যবাদ জনাইছো।
 
আমি আমাৰ পঞ্চম বৰ্ষপূৰ্তি উদযাপন কৰাৰ লগে লগে আমি প্ৰথম শ্ৰেণীৰ সাংবাদিকতাৰ অনুশীলনৰ প্ৰতিশ্ৰুতি নবীকৰণ কৰিছো। যিটোত সৰ্বাংগীনতা, সততা, আৰু ভাৰতৰ চিৰস্থায়ী ধাৰণাত শিপাই আছে।
 
আতিৰ খান
মুখ্য সম্পাদক