হাৰিয়ানাৰ পিছপৰা গাঁৱৰ পাৰভেজ খানে কেনেকৈ আমেৰিকাত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিলে

Story by  atv | Posted by  Munni Begum • 2 h ago
পাৰভেজ খান
পাৰভেজ খান
 
ডাঃ ফিৰদৌছ খান
 
হাৰিয়ানাৰ মেৱাট অঞ্চলৰ পাৰভেজ খানে দেখুৱাইছে যে, প্ৰকৃত প্ৰতিভাইহে সফলতাৰ দুৱাৰ মুকলি কৰে। ৰাজ্যখনৰ আটাইতকৈ পিছপৰা অঞ্চলৰ এখন সৰু গাঁৱৰ পৰা তেওঁ আমেৰিকাত নিজৰ বাবে এক সুকীয়া আসন গঢ়ি তুলিবলৈ সক্ষম হৈছে। তেওঁৰ এই সাফল্যই কেৱল তেওঁৰ পৰিয়াল আৰু গৃহ জিলাকেই নহয়, সমগ্ৰ দেশকে গৌৰৱান্বিত কৰিছে।
 
২০০৪ চনৰ ২৬ ডিচেম্বৰত নুহ জিলাৰ চাহলকা গাঁৱৰ এটা সাধাৰণ পৰিয়ালত পাৰভেজৰ জন্ম হয়। তেওঁৰ পিতৃ নাফিজ আহমেদ এজন কৃষক আৰু মাতৃ হামছিৰা এগৰাকী গৃহিনী। অশিক্ষিত পিতৃ-মাতৃৰ বাবে সীমিত কৃষিভূমিত কৰা খেতিৰে পৰিয়ালটোক পোহপাল দিয়াটো কঠিন হৈ পৰিছিল। তথাপি কষ্ট আৰু শিক্ষা আহৰণৰ অভাৱৰ মাজতো পাৰভেজে ক্ৰীড়াৰ জৰিয়তে নিজৰ পৰিচয় আৰু উদ্দেশ্য বিচাৰি পাইছিল। অতি কম বয়সতে তেওঁ এথলেটিকছৰ জগতখনত নিজৰ নাম জিলিকাই তুলিবলৈ সক্ষম হৈছিল আৰু মেৱাটৰ যুৱক-যুৱতীসকলৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছিল। বহু অভিভাৱকে এতিয়া তেওঁলোকৰ সন্তানে পাৰভেজৰ পথ অনুসৰণ কৰিব বুলি আশা কৰে।
 
আমেৰিকাত ট্ৰেকত পাৰভেজ
 
২০২৩ চনৰ আগষ্ট মাহত পাৰভেজে আমেৰিকাৰ ফ্ল'ৰিডা বিশ্ববিদ্যালয়ৰ পৰা ক্ৰীড়া বৃত্তি লাভ কৰে। বিশ্ববিদ্যালয়খনৰ জ্যেষ্ঠ সহযোগীয়ে জাৰি কৰা আমন্ত্ৰণ পত্ৰত উল্লেখ কৰা অনুসৰি ব্যতিক্ৰমী ক্ৰীড়া প্ৰদৰ্শনৰ ভিত্তিত তেওঁক নিৰ্বাচিত কৰা হৈছিল। এই বৃত্তিটোৱে আমেৰিকাত তেওঁৰ চাৰি বছৰীয়া শিক্ষাৰ সকলো খৰচ বহন কৰে। তেওঁৰ পৰিয়াল এই খবৰ লাভ কৰি আনন্দিত হয় আৰু পাৰভেজে শীঘ্ৰে তেওঁৰ নতুন যাত্ৰা আৰম্ভ কৰিবলৈ ফ্ল'ৰিডালৈ ৰাওনা হয়। নুহৰ ইয়াছিন মেউ স্কুলৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পঢ়াশুনা সম্পূৰ্ণ কৰি তেওঁ বৰ্তমান কলাৰ ডিগ্ৰী গ্ৰহণ কৰি থকাৰ লগতে এথলেটিকছত কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। পাৰভেজে কয় যে তেওঁ লাভ কৰা এই বৃত্তিটোৱে তেওঁক আনন্দিত কৰাৰ লগতে গৌৰৱ অনুভৱ কৰাইছে৷ তেওঁৰ ক্ৰীড়া দক্ষতা আৰু অধিক প্ৰখৰ হ'ব বুলি তেওঁ আশা কৰে।
 
তেওঁৰ এই সাফল্যত গাঁৱৰ ৰাইজে তেওঁৰ সপোন বাস্তৱায়িত হোৱা যেন অনুভৱ কৰিছে। কিয়নো ধন-সম্পত্তি বা প্ৰভাৱ নথকা আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ এজন ল’ৰাই আমেৰিকাৰ এখন প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়ত স্থান নিশ্চিত কৰা বিষয়টো তেওঁলোকৰ কল্পনাতীত আছিল। কিন্তু কঠোৰ পৰিশ্ৰম আৰু প্ৰকৃত প্ৰতিভাৰ বলত পাৰভেজে অসম্ভৱক সম্ভৱ কৰি তুলিছে। তেওঁৰ এই সফলতাক কেৱল তেওঁৰ গাঁৱতে নহয় সমগ্ৰ অঞ্চলটোত উদযাপন কৰা হয়, যিয়ে আন অগণন লোকক অনুপ্ৰাণিত কৰে।
 
২০২৪ চনৰ মে' মাহত তেওঁ আমেৰিকাৰ লুইচিয়ানাত অনুষ্ঠিত হোৱা এছ ই চি আউটড'ৰ ট্ৰেক এণ্ড ফিল্ড চেম্পিয়নশ্বিপ (SEC Outdoor Track and Field Championship)ত এক আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়ায়৷ এই প্ৰতিযোগিতাত তেওঁ ৩ মিনিট ৪২.৭৩ ছেকেণ্ডত ১৫০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰি স্বৰ্ণ পদক লাভ কৰিছিল। অৱশ্যে এইটো তেওঁৰ ব্যক্তিগত সৰ্বোত্তম নাছিল - এমাহ পূৰ্বে তেওঁ কেলিফৰ্নিয়াত মাত্ৰ ৩ মিনিট ৩৮.৭৬ ছেকেণ্ডহে সময় লৈছিল। একেখন প্ৰতিযোগিতাতে তেওঁ ৮০০ মিটাৰ দৌৰতো তৃতীয় স্থান দখল কৰে। ১৫০০ মিটাৰ দৌৰত তেওঁৰ ফিনিছিং স্প্ৰিণ্টৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল৷ ভিডিঅ’টোত তেওঁ প্ৰতিদ্বন্দ্বীসকলক অতিক্ৰম কৰাৰ সময়ত দৰ্শকসকলক আচৰিত হোৱা দেখিবলৈ পোৱা গৈছিল। উদ্যোগপতি আনন্দ মহিন্দ্ৰাই এক্স(X)ত ভিডিঅ'টো শ্বেয়াৰ কৰি খেলুৱৈগৰাকীৰ আৱেগ আৰু সম্ভাৱনীয়তাৰ প্ৰশংসা কৰাৰ লগতে তেওঁ ভাৰতীয় এথলেটিকছৰ ভৱিষ্যত তাৰকা হিচাপে উজলি উঠিব বুলি আশা প্ৰকাশ কৰে।
 
প্ৰশিক্ষণৰ সময়ত পাৰভেজ খান
 
ইয়াৰ পূৰ্বে ২০২৪ চনৰ জুনত এথলেটিকছ ফেডাৰেচন অৱ ইণ্ডিয়া আৰু হাৰিয়ানা এথলেটিকছ ফেডাৰেচনৰ যুটীয়াভাৱে পঞ্চকুলাত আয়োজিত ১৫০০ মিটাৰ দৌৰত পাৰভেজে ৩ মিনিট ৪২.৯৫ ছেকেণ্ডত আন এক স্বৰ্ণ পদক অৰ্জন কৰে। ২০২২ চনৰ জানুৱাৰী মাহত তেওঁ ১ মিনিট ৫২.৪২ ছেকেণ্ডত ৮০০ মিটাৰ দৌৰত স্বৰ্ণ আৰু কৰ্ণাটকৰ মাংগালুৰুত ৮১ সংখ্যক সৰ্বভাৰতীয় আন্তঃ বিশ্ববিদ্যালয় এথলেটিকছ চেম্পিয়নশ্বিপত ১৫০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। আনহাতে, ২০২১ চনত তেওঁ ৱাৰংগলত অনুষ্ঠিত মুকলি ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ ১৫০০ মিটাৰ দৌৰত স্বৰ্ণ জয় কৰিছিল।
 
ভাৰতীয় নৌসেনাত নিযুক্তিৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত পাৰভেজৰ এথলেটিকছৰ যাত্ৰা আৰম্ভ হৈছিল। শাৰীৰিক প্ৰশিক্ষণে তেওঁক দৌৰৰ প্ৰতি আকৰ্ষিত কৰি তোলে আৰু অতি সোনকালে তেওঁ নিজকে এই খেলৰ প্ৰতি নিষ্ঠাৰে সমৰ্পিত কৰে। তেওঁৰ অনুশাসন আৰু দৃঢ় সংকল্পই তেওঁক এজন বিশিষ্ট ক্ৰীড়াবিদলৈ ৰূপান্তৰিত কৰিছে আৰু আজি তেওঁ প্ৰতিযোগিতাত উৎকৃষ্টতা প্ৰদৰ্শন কৰি ভাৰতীয় নৌসেনাত সেৱা আগবঢ়াই আছে।
 
তেওঁৰ খুৰাক খালিদে কয়, "পাৰভেজে তেওঁৰ প্ৰশিক্ষণত কেতিয়াও আপোচ নকৰে। কঠোৰ পৰিশ্ৰম আৰু ইতিবাচক চিন্তাই তেওঁৰ শক্তি। তেওঁ কেতিয়াও পিছলৈ ঘূৰি নাচায়— তেওঁ সদায় আগবাঢ়ি যায়। ভাৰতৰ বাবে তেওঁ অলিম্পিক পদক জয় কৰাটোৱে আমাৰ আটাইতকৈ ডাঙৰ সপোন।"
 
নেচনেল গেমছৰ স্বৰ্ণ পদক প্ৰদৰ্শন কৰি থকা পাৰভেজ খান
 
পাৰভেজৰ কনিষ্ঠ ভাতৃ ৰোহিত খানেও ক্ৰীড়াত তেওঁৰ পথ অনুসৰণ কৰিছে। ২৪ ছেপ্টেম্বৰত তেওঁ গুৰুগ্ৰামত হাৰিয়ানাৰ ক্ৰীড়া মহাকুম্ভত ৬৫ কেজি ওজনৰ ভাৰোত্তোলন শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে। মেৱাটৰ এখন দৰিদ্ৰ গাঁৱৰ পৰা আন্তৰ্জাতিক এথলেটিকছ ট্ৰেকলৈ পাৰভেজ খানৰ জীৱন অধ্যাৱসায় আৰু উচ্চাকাংক্ষাৰ এক অসাধাৰণ যাত্ৰা। নিজৰ পৰিস্থিতিৰ বাহিৰত সপোন দেখাৰ সাহস কৰা প্ৰান্তীয় সম্প্ৰদায়ৰ অগণন যুৱক-যুৱতীৰ বাবে তেওঁ আশাৰ প্ৰতীক হিচাপে থিয় দিছে। পাৰভেজ কেৱল এজন অসীম সম্ভাৱনা থকা এথলীটেই নহয়, দৃঢ় সংকল্পৰ এক উজ্জ্বল উদাহৰণো।

(লেখক এজন কবি, গল্পকাৰ আৰু সাংবাদিক)