অনিকা মহেশ্বৰী
দেশৰ ৰাজধানী নতুন দিল্লীৰ লালকিল্লাৰ সমীপত ভয়ংকৰ বিস্ফোৰণৰ ঘটনাই সমগ্ৰ দেশ কঁপাই গৈছিল। ১০ নৱেম্বৰত সংঘটিত এই ভয়ংকৰ বিস্ফোৰণৰ ফলত প্ৰায় ১৮ জন লোক নিহত হোৱাৰ উপৰিও ২৫ জন আহত হয়। দিল্লীৰ হৃদয়ত সংঘটিত এটা ভয়ংকৰ বিস্ফোৰণে যেতিয়া আতংকৰ সাম্ৰাজ্য গঢ়ি তুলিছিল, চাৰিওফালে নিস্তব্ধতাৰ পৰিৱেশে বিৰাজ কৰিছিল, মোক এগৰাকী সাংবাদিক হিচাপে সেই ভয় আৰু আতংকৰ পৰিৱেশত বাতৰি কৰিবলৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু সেইদিনা মই এক এনে অভিজ্ঞতাৰ সন্মুখীন হৈছিলো যিয়ে মোৰ চিন্তাধাৰা আৰু দৃষ্টিভংগী চিৰদিনৰ বাবে সলনি কৰি দিয়ে। তাহিৰা নামৰ এগৰাকী মুছলমান মহিলাৰ সহায়ত মই বুজি উঠিলো যে আমাৰ মানৱতা, ধৰ্ম, জাতি আৰু পৰিচয়ৰ ঊৰ্ধত আৰু সেয়াই আমাক একত্ৰিত কৰে। সেই মহিলাগৰাকীক লগ পোৱাৰ পিছত মহিলাগৰাকীৰ কথাবোৰে মোক শিকায় যে প্ৰকৃত শক্তি ঘৃণাত নহয়, প্ৰকৃত শক্তি প্ৰেম, বুজাবুজি আৰু শান্তিতহে থাকে।
দিল্লীৰ হৃদয়ত যেতিয়া চৌদিশে নিস্তব্ধতাই আৱৰি ধৰিছিল, সেই দিনা এনে এটা ঘটনাৰ সন্মুখীন হৈছিলো যিটো মই কেতিয়াও পাহৰিব নোৱাৰো। সেইদিনা লালকিল্লাৰ ওচৰত এটা ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছিল, আৰু মোক এগৰাকী সাংবাদিক হিচাপে সেই ভয়ংকৰ ঘটনাৰ বাতৰি প্ৰেৰণ কৰিবলৈ পঠোৱা হৈছিল। সঁচা কথা ক'বলৈ হ'লে, সেই মুহূৰ্তত মোৰ হৃদয় এক ভয় আৰু দুশ্চিন্তাৰে ভৰি পৰিছিল। চাৰিওফালে এক আতংকৰ পৰিৱেশে বিৰাজ কৰিছিল, চাৰিওফালে কেৱল আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ গাড়ীহে দেখিবলৈ পোৱা গৈছিল। ৰাস্তা-ঘাট বন্ধ, পথসমূহ বন্ধ আৰু কোনো শব্দ নাছিল, কেৱল সেনা জোৱানসকলে পিয়াপি দি আছিল। এনে লাগিছিল যেন মোক ভিতৰৰ পৰা কিবা এটাই আন্দোলিত কৰি ৰাখিছিল।
এইটো এটা মুছলমান অধ্যুষিত অঞ্চল, য’ত মই আগতে কেতিয়াও ভ্ৰমণ কৰি পোৱা নাই। মোৰ নীৰৱতাৰ মাজত এক অস্বস্তি আছিল, কাৰণ মই ভয় কৰিছিলো- এই ভয় কেৱল বিস্ফোৰণটোৰ বাবেই নহয়, মোক তাৰ মানুহবোৰে কেনেদৰে ল’ব, তাক লৈহে- কাৰণ মই তেওঁলোকৰ অচিনাকি আছিলো। প্ৰতিটো খোজতে মই অনুভৱ কৰিছিলো যে মই এগৰাকী অচিনাকি মানুহ আৰু সম্ভৱতঃ এয়া ঘৃণাৰ স্থান, যিটোক মই মোৰ চকুৰ পৰা আঁতৰ কৰিব পৰা নাছিল।
বোমা বিস্ফোৰণত আত্মীয়ক হেৰুওৱাৰ পিছত এগৰাকী মহিলাৰ হিয়াভৰা কান্দোন
কিন্তু ইয়াৰ পিছত চান্দনী চ'কৰ হুলস্থূলৰ মাজৰ পৰা ওলাই এগৰাকী মহিলা মোৰ ওচৰলৈ আহিছিল। তেওঁৰ চকুত আছিল এক গভীৰ শান্তি, যেন তেওঁ সমগ্ৰ পৃথিৱী আৰু মোক বুজি পাইছিল। তেওঁৰ হাঁহিত এক অদ্ভুত বুজাবুজি আছিল, যেন তেওঁ গম পাইছিল মই কিমান অস্বস্তিত আৰু চিন্তিত আছিলো। তাহিৰা নামৰ এই মহিলাগৰাকীয়ে মোক এক মুহূৰ্তৰ বাবে যেন অনুভৱ কৰিবলৈ দিলে যে এই ভয়াৱহতাৰ মাজতো জীয়াই আছে মানৱতা।
তেওঁ মোক সুধিলে যে মই ক'লৈ গৈ আছোঁ আৰু কোনো সংকোচ নকৰাকৈ ক'লে, "তুমি মোৰ লগত আহা, মই তোমাক সেই পথ দেখুৱাম, তুমি যিটো পথ বিচাৰি আহিছা"৷ তেওঁৰ কথাত মোৰ ভয়টো অলপ কম হোৱা যেন অনুভৱ হ’ল। তেওঁ মোৰ সৈতে নিতাল-নিস্তব্ধ আলিবাটটোৰে খোজ দিলে, য'ত সকলো লোকে নিজৰ নিজৰ দোকানসমূহৰ সন্মুখত সামগ্ৰী আদান-প্ৰদান কৰি আছিল৷ কাৰণ বজাৰ বন্ধ ঘোষণা কৰা হৈছিল, সকলো বন্ধ আছিল৷ সকলোৱে আমাৰ প্ৰতি সন্ধিগ্ধ দৃষ্টি নিক্ষেপ কৰিছিল, যেন সেই দৃষ্টিত বিভিন্ন প্ৰশ্ন আছিল।
মানুহবোৰে আমাক অদ্ভুত দৃষ্টিৰে চাই আছিল আৰু মাজে মাজে আমি কিছুমান কণ্ঠস্বৰ শুনিবলৈ পাইছিলো, "এই বোমা বিস্ফোৰণৰ বাবে মুছলমানসকল দায়ী।’’ এই কথাবোৰে মোৰ অন্তৰত এক গভীৰ আতংক সৃষ্টি কৰিছিল, কিন্তু তাহিৰাই বাধাহীনভাৱে মোক লগত লৈ আগবাঢ়িছিল।
তাহিৰাই মোক দুশ্চিন্তাত থকা দেখি ক'লে, "মোৰ পুত্ৰৰ সৈতে মই চান্দনী চ'কত এখন জোতাৰ দোকান চলাই আছো। এইবোৰ কথালৈ মন নিদিবা। সংবাদ মাধ্যম আৰু সমাজে কেতিয়াবা ধৰ্মৰ নামত ঘৃণা বিয়পায়, কিন্তু তুমি জানা, আমি সকলো মানুহ।’’ তেওঁৰ কথাত সত্যতা আছিল যিয়ে মোৰ হৃদয় স্পৰ্শ কৰিছিল। তেওঁৰ কথাবোৰে মোক বুজাই দিলে যে এই ধৰ্মান্ধ শব্দবোৰৰ কোনো অৰ্থ নাই। আমি সকলোৱে একেখন পৃথিৱীত, একেই মানৱতাৰ সৈতে বাস কৰি আছো, যদিও আমাৰ পৰিচয় ভিন্ন, আমাৰ ধৰ্ম ভিন্ন।
এই মহিলাগৰাকীৰ নাম তাহিৰা, তেওঁ মুছলমান আছিল আৰু যেতিয়া মই তেওঁৰ নামটো সুধিছিলো, তেওঁ হাঁহি হাঁহি উত্তৰ দিছিল, "তাহিৰা"। আৰু সেই এটা নামতে মই উপলব্ধি কৰিছিলো যে ধৰ্ম, জাতি, পৰিচয়ৰ দেৱাল কেৱল সমাজৰ সৃষ্টি। বাস্তৱত আমাক একত্ৰিত কৰাটোৱেই হৈছে আমাৰ মানৱতা। আমাৰ ঐক্য।
সেইদিনা যেতিয়া মই তাহিৰাৰ সৈতে সেই পথেৰে যাত্ৰা কৰিছিলো, মই বুজি উঠিলো যে আমি এজনে আনজনক ভয় কৰাৰ পৰিৱৰ্তে, এজনে আনজনক বুজা উচিত। তাহিৰাই মোক সেই পথ দেখুৱালে- যি পথ কেৱল শাৰীৰিক নাছিল, মানসিকো আছিল- এটা পথ যিটো আছিল বোধগম্যতা, প্ৰেম আৰু মানৱতাৰ পথ।
সেই দিনটো মোৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব। তাহিৰাৰ সহায়ত মই উপলব্ধি কৰিছিলো যে আমি সকলো মানুহ- একতা, প্ৰেম আৰু শান্তি আমাৰ সৰ্বশ্ৰেষ্ঠ শক্তি। এই মহিলাগৰাকী, যিয়ে তেওঁৰ সৰু জোতাৰ দোকানত দিন ৰাতি পৰিশ্ৰম কৰিছিল, তেওঁ মোক শিকায় যে আমাৰ সকলোৰে হৃদস্পন্দন একেই, আমি যি ধৰ্মৰে নহও কিয়, আমাৰ সকলোৰে ভিতৰত এটাই সত্য- সেয়া হ’ল মানৱতা।
মই এতিয়া উপলব্ধি কৰিছো যে সমাজে সৃষ্টি কৰা সীমাবদ্ধতাৰ উপৰি আমাৰ মানৱতা আছে, যি আমাক এজনে আনজনৰ সৈতে সংযুক্ত কৰে। হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান, আমি সকলো একেই। এইটোৱেই আমাৰ প্ৰকৃত শক্তি আৰু এইটোৱেই আমাক যিকোনো সংকটৰ পৰা ৰক্ষা কৰিব পাৰে।
যেতিয়া আমি ইজনে সিজনৰ হাতত ধৰো, যেতিয়া আমি ইজনে সিজনক সহায় কৰো, তেতিয়াই আমি প্ৰকৃত মানৱীয়তাৰ উদাহৰণ দাঙি ধৰো। তাহিৰাই মোক শিকায় যে আটাইতকৈ শক্তিশালী শক্তিটো ঘৃণাত নহয়- শক্তিশালী শক্তিটো আছে প্ৰেম, বুজাবুজি আৰু শান্তিত। আৰু এয়াই আমাক এই পৃথিৱীখনক এখন ভাল ঠাই হিচাপে গঢ়ি তোলাত শক্তি প্ৰদান কৰে।
আজিও যেতিয়া মই সেই দিনটোলৈ মনত পেলাও, মোৰ মনলৈ কেৱল এটা চিন্তা আহে- "আমি হিন্দু-মুছলমান, আমি সকলো এক"।
(আপোনালোকৰ যদি এনে সাম্প্ৰদায়িক সম্প্ৰীতি বা হিন্দু-মুছলমানৰ বন্ধুত্বৰ কাহিনী আছে, তেন্তে [email protected] ত মেইল কৰক। "আৱাজ - দ্যা ভইচ"ত সেয়া প্ৰকাশ কৰা হ'ব।)