ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ্যোগত মোহনবাৰী বায়ুসেনা ঘাটিত বায়ুসেনা বিজয় দিৱস উদযাপন
গুৱাহাটী
ভাৰতক নিৰাপত্তাৰ ক্ষেত্ৰত শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ভাৰতীয় বায়ুসেনাই। আকাশমাৰ্গেৰে ভাৰতবৰ্ষক সুৰক্ষিত কৰিবৰ বাবে ১৯৩২ চনৰ ৮ অক্টোবৰত গঠন কৰা ভাৰতীয় বায়ুসেনাই বুধবাৰে বিজয় দিৱস পালন কৰে৷ ডিব্ৰুগড়ৰ মোহনবাৰীত থকা বায়ুসেনা চাউনিত অনুষ্ঠিত কৰে বিজয় দিৱস৷ এই বিজয় দিৱসত ভাৰতীয় বায়ুসেনাই কাৰ্গিল, ঢাকা যুদ্ধৰ স্মৃতিত এক এয়াৰ শ্ব' প্ৰদৰ্শনৰ আয়োজন কৰে।
ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু বাযু সেনাৰ মুখ্য কাৰ্যালয় ইষ্টাৰ্ণ এয়াৰ কামাণ্ডৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত বায়ুসেনা বাহিনীৰ যুদ্ধ বিমানৰ আকৰ্ষণীয় উৰণ প্ৰদৰ্শন, ভাৰতীয় বায়ুসেনাৰ কাৰিকৰী দক্ষতা, যুদ্ধ কৌশল প্ৰদৰ্শন কৰা হয় ৷ বিজয় দিৱস উপলক্ষে বায়ু সেনাৰ চুখয়, ছু-৩০, এণ্টন’ভ এন-৩২ পৰিবহণ বিমান, চিনুক হেভি-লিফ্ট হেলিকপ্টাৰ আৰু মিগ-১৭ হেলিকপ্টাৰকে ধৰি যুঁজাৰু বিমানৰ কৌশল প্ৰদৰ্শন কৰা হয়৷
এই বিজয় দিৱস উদযাপনত সামৰিক আৰু অসামৰিক বিভাগৰ বিশিষ্ট ব্যক্তি , প্ৰাক্তন বায়ু সেনাৰ সৈনিক, শ্বহীদ সৈনিক পৰিয়ালৰ সদস্য আৰু বহুত কেইখন বিদ্যালয় ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ ছাত্ৰ- ছাত্ৰী সকলৰ লগতে শ্বহীদ পৰিয়ালে উপলব্ধি কৰিব পৰাকৈ বায়ুসেনাৰ যুদ্ধৰ স্মৃতিৰ বহু প্ৰতিচ্ছবি তথ্য প্ৰদৰ্শন কৰা হয়৷
উল্লেখযোগ্য যে, ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত এই বিজয় দিৱসত মুখ্য অতিথি ৰূপে উপস্থিত থাকে ভাৰতীয় বায়ুসেনা সেনাৰ মুখ্য এয়াৰ চীফ মাৰ্শ্বেল অমৰপ্ৰীত সিং ৷ ভাৰতীয় বায়ুসেনাৰ মুখ্য এয়াৰ চীফ মাৰ্শ্বেল অমৰপ্ৰীত সিঙে সংবাদ মাধ্যমৰ আগত কয়, "আজি বিজয় দিৱস অনুষ্ঠিত কৰি বীৰ জোৱানসকলক শ্ৰদ্ধা জনাইছোঁ ৷ ১৯৭১ চনত বাংলাদেশৰ সৈতে হোৱা যুদ্ধৰ সফলতাৰ বিষয়েও উল্লেখ কৰে৷"
তেওঁ লগতে কয়, "অপাৰেশ্যন সেন্দূৰ অব্যাহত আছে,যিকোনো বহিঃ শত্ৰুৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ভাৰতীয় বায়ুসেনা প্ৰস্তুত ৷ আমি যুদ্ধ নিবিচাৰো কিন্তু কোনোবাই যদি আমাৰ সীমা অতিক্ৰম কৰি শত্ৰুৰ কাম কৰে আমি তাৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু ৷"