নতুন দিল্লী
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বুধবাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মাদুৰাই বিচাৰপীঠৰ ন্যায়াধীশ জি আৰ স্বামীনাথনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ বাবে বিৰোধীয়ে লোৱা পদক্ষেপক তীব্ৰ সমালোচনা কৰে। তেওঁ অভিযোগ কৰে যে INDIA মিত্ৰজোঁটে কেৱল “তুষ্টিকৰণৰ ৰাজনীতি”ৰ বাবেই এই কাম কৰিছে।
নিৰ্বাচনী সংশোধন সন্দৰ্ভত হোৱা বিতৰ্কৰ সময়ত লোকসভাত ভাষণ দি অমিত শ্বাহে কয় যে স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে আদালতৰ ৰায়ৰ বাবে ন্যায়াধীশে অভিযোগনামাৰ সন্মুখীন হ’বলগীয়া হৈছে। তেওঁ কয়, ‘এয়া আগতে কেতিয়াও হোৱা নাছিল। কেৱল ৰায়দান দিয়াৰ বাবেই তেওঁলোকে এজন ন্যায়াধীশৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিব বিচাৰিছে। তেওঁলোকে এই অভিযোগনামাৰ প্ৰস্তাৱ আনিছে কেৱল নিজৰ ভোট বেংকক সন্তুষ্ট কৰিবলৈ।’
ইপিনে, শিৱসেনা(UBT)ই অভিযোগনামাত স্বাক্ষৰ কৰাৰ লৈও অমিত শ্বাহে আশ্চৰ্য প্ৰকাশ কৰিছে। গৃহমন্ত্ৰীয়ে কয় যে এই পাহাৰত প্ৰদীপ জ্বলোৱাৰ এটা প্ৰথা আছে।
উল্লেখ্য যে, INDIA মিত্ৰজোঁটৰ ১০০ৰো অধিক সাংসদে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক পত্ৰ দাখিল কৰি ন্যায়াধীশ স্বামীনাথনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিবলৈ অনুৰোধ জনায়। তামিলনাডুৰ এটা পাহাৰৰ শিখৰত অৱস্থিত দৰগাহৰ সমীপৰ শিলৰ স্তম্ভত পৰম্পৰাগত ছাকি জ্বলোৱাৰ বাবে সুব্ৰমনিয়া স্বামী মন্দিৰ কৰ্তৃপক্ষক ন্যায়াধীশে নিৰ্দেশ দিয়াৰ পৰাই এই বিতৰ্ক আৰম্ভ হয়। এই নিৰ্দেশৰ ফলত ন্যায়াধীশগৰাকী ডি এম কে নেতৃত্বাধীন তামিলনাডু চৰকাৰৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হয় আৰু তেওঁৰ সিদ্ধান্ত “পক্ষপাতমূলক” বুলি অভিযোগ কৰে।
ইয়াৰ পূৰ্বে, DMKৰ সাংসদ কনোমোঝিয়ে "ধৰ্মৰ ভিত্তিত পক্ষপাতমূলক বিচাৰ" আৰু "নিৰ্দিষ্ট অধিবক্তাৰ প্ৰতি পক্ষপাতিত্ব"ৰ অভিযোগ উত্থাপন কৰি মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক দোষী সাব্যস্ত কৰাৰ বাবে INDIA মিত্ৰজোঁটৰ পদক্ষেপক ন্যায্যতা প্ৰদান কৰে।
তেওঁ কয় “ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ। যিয়েই যি ধৰ্ম পালন নকৰক কিয় সংবিধানে সকলোকে সমান ব্যৱহাৰ কৰে। ন্যায়পালিকাও কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ ন্যায় সুনিশ্চিত কৰিব লাগিব।”
বিগত সপ্তাহত হিন্দুসকলৰ উৎসৱ কাৰ্তিগাই দীপমৰ সময়ত এই সমস্যা গুৰুতৰ হৈ পৰে, যেতিয়া সোঁপন্থী গোট আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। ইয়াৰ পূৰ্বে মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ মাদুৰাই বিচাৰপীঠে পাহাৰৰ ওপৰৰ মন্দিৰত ছাকি জ্বলোৱাৰ নিৰ্দেশ দিছিল।
এজন সোঁপন্থী কৰ্মীয়ে আবেদন দাখিল কৰাৰ পিছতে ন্যায়াধীশ স্বামীনাথনে ৰাজ্যৰ কৰ্তৃপক্ষক এই নিৰ্দেশ দিছিল। তেওঁ ৰাজ্য চৰকাৰক পাহাৰৰ শিখৰত পৱিত্ৰ ছাকি জ্বলোৱাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু চৰকাৰী বিষয়াসকলে এই নিৰ্দেশ বহু বছৰ ধৰি চলি থকা দীপ মণ্ডপত ছাকি জ্বলোৱাৰ প্ৰথাৰ বিপৰীতে যোৱা বুলি জানিবলৈ দিয়ে।