৪০ ঘণ্টাৰ পিছতো সন্ধান পোৱা নাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ যোৱা ৫ ভক্তৰ

Story by  atv | Posted by  [email protected] • 12 h ago
৪০ ঘণ্টাৰ পিছতো সন্ধান পোৱা নাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ যোৱা ৫ ভক্তৰ
৪০ ঘণ্টাৰ পিছতো সন্ধান পোৱা নাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ যোৱা ৫ ভক্তৰ
 
গুৱাহাটী
 
গুৱাহাটীৰ খাৰঘুলি-জয়পুৰৰ সমীপৰ ব্ৰহ্মপুত্ৰত বুধবাৰে ৫ জনকৈ লোক সন্ধানহীন হৈছিল। ঘটনাই তৃতীয় দিনত ভৰি দিলে। কিন্তু এতিয়ালৈ কোনো সন্ধান নাই লোককেইজনৰ। এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ যুটীয়া অভিযান চলি আছে।
 
উল্লেখযোগ্য যে, লোককেইজনৰ সন্ধানৰ বাবে গুৱাহাটীৰ জয়পুৰ ঘাটৰ পৰা শুৱালকুছিলৈ এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু নদী আৰক্ষীৰ বৃহৎ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈ থকা লোককেইজন হ'ল ক্ৰমে বিশ্বনাথৰ বাঘমাৰীৰ উপেশ কুমাৰ, দিল্লীৰ গুৰগাঁৱৰ সাগৰ গৌতম, বঙাইগাঁৱৰ ৰৌণক সাদাক, তেজপুৰ ইটাখোলাৰ প্রতাপ ৰায় আৰু গুৱাহাটী উজানবজাৰৰ অভিজিৎ চৌধুৰী।
 
অভিযান চলি থকাৰ সময়তে জয়পুৰ ঘাটত উপস্থিত থকা নিৰুদ্দিষ্ট অভিজিৎ চৌধুৰীৰ জ্যেষ্ঠ ভগ্নীয়ে কয়, "ঘটনাৰ বিষয়ে সিমান গম নাপাওঁ। সেই সময়ত মই চাকৰিত আছিলোঁ। ইস্কন মন্দিৰত দুপৰীয়া আহিছিল। তাৰ পিছত পানীত ডুব যোৱা বুলি শুনা পালোঁ। আগতে আমি একো গম নাপাওঁ কি হৈছিল। লগত ৯ জন লোক আছিল। গা ধুবলৈ যাওঁতে ডুবিল। মোৰ ভাইটিৰ নাম অভিজিৎ চৌধুৰী। উজানবজাৰ মাছঘাটত থাকে। এতিয়া সোনকালে উদ্ধাৰ হোৱাটো বিচাৰিছোঁ। এতিয়া ডুবিছে নে কি হৈছে আমি একো গম নাপাওঁ। বেগ, ছেণ্ডেল, মোবাইল একো পোৱা নাই। অলপ সন্দেহ হৈছে। আমাক ভক্তি কুটীৰ মন্দিৰৰ পৰা একো কোৱা নাই । কিয় কথাবোৰ লুকাই থ'ব লাগে সেইবাবে অলপ সন্দেহো হৈছে।"
 
ইফালে এছ ডি আৰ এফৰ এজন ডুবাৰুৱে কয়, "পুৱা ৭.৩০ মান বজাৰ পৰা অভিযান আৰম্ভ হৈছে। আমি একেলগে অভিযান চলাই আছোঁ। কিন্তু ইয়াত একো শুংসূত্ৰ পোৱা নাই বাবে দলটো আগলৈ শুৱালকুছিলৈ গৈছে। যেতিয়ালৈ পোহৰ থাকিব তেতিয়ালৈ অভিযান চলি থাকিব। পানীৰ তলত বহুত সোঁত আছে। বালি মাটি আছে। অলপ দূৰত যাব পাৰে । আৰু এটা উদ্ধাৰকাৰী দল আহি আছে অভিযান চলাবলৈ।"
 
জানিব পৰা মতে বুধবাৰে গুৱাহাটীৰ ইস্কন মন্দিৰ কৰ্তৃপক্ষই স্থাপন কৰা ভক্তি কুটীৰ ৰাধা-গোবিন্দ মন্দিৰ দর্শন কৰিবলৈ আহিছিল ৯ জনীয়া দলটোৱ। তাৰ পিছত মন্দিৰ দৰ্শন কৰি ব্ৰহ্মপুত্ৰৰ বালিৰে খোজকাঢ়ি গৈ তেওঁলোকে স্নান কৰে। কিন্তু দুৰ্ভাগ্যবশতঃ ইয়াৰে ৫ গৰাকী কৃষ্ণভক্ত পানীত ডুব যায়।
 
আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে গুৱাহাটীকে ধৰি বহিঃৰাজ্য আৰু বহিঃৰাষ্ট্ৰৰ ৯ জনকৈ ভক্তই বুধবাৰে দিনৰ ভাগত খাৰঘুলিৰ ভক্তি কুটীৰ দৰ্শন কৰিবলৈ গৈছিল। তাৰ পিছত আটাইকেইজনে ব্ৰহ্মপুত্ৰত গা ধুবলৈ নামে আৰু আটাইকেইজনে সাঁতুৰি আছিল। তেনে সময়তে সংঘটিত হয় এই শোকাবহ ঘটনাটো।
 
হঠাৎ নিৰুদ্দেশ হৈ পৰে ৫ গৰাকীকৈ লোক। ৪ জন লোকে সাঁতুৰি কোনোমতে ৰক্ষা পৰে। তেওঁলোক হৈছে প্ৰণৱ নায়াৰ (অষ্ট্ৰেলিয়া), জেকব কান্ত সেন, কেশৱ বাৰ্মা আৰু গুৱাহাটীৰ এগৰাকী স্থানীয় লোক।