ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বোলছনাৰোক ২৭ বছৰৰ কাৰাদণ্ড

Story by  atv | Posted by  [email protected] • 8 h ago
ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বোলছনাৰোক ২৭ বছৰৰ কাৰাদণ্ড
ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বোলছনাৰোক ২৭ বছৰৰ কাৰাদণ্ড
 
নতুন দিল্লী
 
ব্ৰাজিলৰ উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে জেইৰ বোলছনাৰোৱে ২০২২ চনৰ নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছত ক্ষমতাত থাকিবলৈ অভ্যুত্থানৰ চেষ্টা কৰাৰ বাবে দোষী সাব্যস্ত হয়।
 
আদালতৰ পাঁচজন ন্যায়াধীশৰ ভিতৰত চাৰিজনে তেওঁক ৫ টা অপৰাধত দোষী সাব্যস্ত কৰে আৰু ২৭ বছৰ ৩ মাহৰ কাৰাদণ্ডৰ শাস্তি বিহে।
 
ব্ৰাজিলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনেকুৱা হৈছে যেতিয়া এজন প্ৰাক্তন ৰাষ্ট্ৰপতিক অভ্যুত্থান চলোৱাৰ দোষী সাব্যস্ত কৰা হৈছে। বোলছোনাৰো বৰ্তমান ব্ৰাজিলিয়াত গৃহবন্দী হৈ আছে, তেওঁ এই অভিযোগসমূহ সদায় অস্বীকাৰ কৰি আহিছে।
 
আদালতৰ সিদ্ধান্ত প্ৰকাশ কৰিবলৈ ৬০ দিনৰ সময় আছে, ইয়াৰ পিছত বোলছোনাৰোৰ অধিবক্তাই ৫ দিনৰ ভিতৰত স্পষ্টীকৰণৰ বাবে আবেদন দাখিল কৰিব পাৰিব।
 
বোলছনাৰোক শাস্তি প্ৰদান কৰি ন্যায়াধীশ কাৰ্মেন লুচিয়াই কয়,’প্ৰমাণৰ সৈতে স্পষ্ট যে বোলছনাৰোৱে ক্ষমতা দখল বা ধৰি ৰাখিবলৈ সকলো সম্ভৱ কৰিছিল।তেওঁ আছিল এটা সংগঠিত গেঙৰ নেতা।’