আমাক আমাৰ দেশ ঘূৰাই দিয়কঃ লণ্ডনৰ ৰাজপথত অনুপ্ৰৱেশ বিৰোধী বিশাল প্ৰতিবাদ

Story by  atv | Posted by  [email protected] • 2 h ago
লণ্ডনৰ ৰাজপথত অনুপ্ৰৱেশ বিৰোধী বিশাল প্ৰতিবাদ
লণ্ডনৰ ৰাজপথত অনুপ্ৰৱেশ বিৰোধী বিশাল প্ৰতিবাদ
 
লণ্ডন

যিবোৰ দেশ এসময়ত ইংৰাজৰ অধীনত আছিল, এতিয়া সেই দেশৰ মানুহে লণ্ডনৰ ৰাজপথত মুক্তভাৱে ঘূৰি ফুৰিছে! ব্ৰিটেইনত তেওঁলোকে বাস কৰিছে, কাম কৰিছে আৰু আইনী যুদ্ধত অৱতীৰ্ণ হৈছে। কেতিয়াবা ব্ৰিটিছ নাগৰিকতকৈও ‘বাহিৰৰ মানুহ’ অধিক শক্তিশালী হৈ পৰিছে। বহুতে এই ব্যৱস্থা মানি ল’ব পৰা নাই। সেইবাবে শনিবাৰে লণ্ডনৰ ৰাজপথত অভূতপূৰ্ব প্ৰতিবাদ দেখিবলৈ পোৱা যায়। 
 
ব্ৰিটিছ ৰাজধানীত লাখ লাখ মানুহৰ সমাগমে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে গৰ্জি উঠে। আৰক্ষীৰ সৈতে তেওঁলোকে কাজিয়াত লিপ্ত হয়। বহু প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰতিবাদকাৰীৰ দাবী আছিল এটাই--অবৈধ অনুপ্ৰৱেশ তাৎক্ষণিকভাৱে বন্ধ হোৱা উচিত। প্ৰতিবাদকাৰীসকলে শ্লোগান দিয়ে যে ব্ৰিটিছে "আমাক আমাৰ দেশ ঘূৰাই দিয়ক"।
শনিবাৰে লণ্ডনৰ প্ৰতিবাদৰ অন্যতম আহ্বায়ক আছিল উগ্ৰ সোঁপন্থী নেতা টমী ৰবিনছন। তেওঁৰ আহ্বানত হাজাৰ হাজাৰ লোকে ৰাজপথলৈ ওলাই আহি চৰকাৰৰ অনুপ্ৰৱেশ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। অনুষ্ঠানটোৰ নাম আছিল ‘দেশক একত্ৰিত কৰো আহক’। সংবাদ সংস্থা এ পিয়ে প্ৰকাশ কৰা অনুসৰি ১ লাখ ১০ হাজাৰৰ পৰা ১ লাখ ৫০ হাজাৰ লোক ৰাজপথলৈ ওলাই আহিছে। প্ৰথমতে এই পদযাত্ৰা শান্তিপূৰ্ণ আছিল। কিন্তু দুপৰীয়া পাৰ হৈ যোৱাৰ লগে লগে অশান্তি বিয়পি পৰে। অভিযোগ অনুসৰি অনুপ্ৰৱেশৰ পক্ষত থকাসকলেও প্ৰতিবাদ সাব্যস্ত কৰি ৰাজপথলৈ ওলাই আহে। এই কাৰ্যসূচীৰ নাম আছিল ‘মাৰ্চ এগেইনষ্ট ফেচিজম’ (ফেচিবাদৰ বিৰুদ্ধে সমদল)।
 
তাৰ পৰাই বৰ্ণবাদৰ বিৰুদ্ধে আৰু সোঁপন্থীৰ বিৰুদ্ধে শ্লোগান উত্থাপন হৈছিল। ইয়াৰ ফলত সোঁপন্থী প্ৰতিবাদকাৰীসকল ক্ষুব্ধ হৈ পৰে। তেওঁলোকৰ পদযাত্ৰাৰ পৰাই বিপক্ষৰ ওপৰত শিল আৰু বটল নিক্ষেপ কৰা হয়। এই ঘটনাত বহুত লোক আহত হয়, আৰু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে। আৰক্ষীৰ সৈতেও প্ৰতিবাদকাৰীৰ সংঘৰ্ষ সৃষ্টি হয়। আৰক্ষী বিষয়াক ৰাজপথত পেলাই দি প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে। এই ঘটনাত বহুকেইজনক গ্ৰেপ্তাৰ কৰা হয়।