নেপালৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে শপত ল'লে সুশীলা কাৰ্কীয়ে

Story by  atv | Posted by  [email protected] • 6 h ago
সুশীলা কাৰ্কী
সুশীলা কাৰ্কী
 
নতুন দিল্লী
 
নেপালৰ ক্ষমতাক লৈ চলি থকা ছাচপেন্স ইতিমধ্যে শেষ হৈছে।নেপালৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে সুশীলা কাৰ্কীয়ে।কাৰ্কীৰ পূৰ্বে কে পি শৰ্মা অলি প্ৰধানমন্ত্ৰী আছিল যিয়ে হঠাতে পদত্যাগ কৰিছিল, তাৰ পিছত এতিয়া সুশীলা কাৰ্কীক প্ৰধানমন্ত্ৰীৰ পদ দিয়া হৈছিল।
 
ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে সুশীলাক শপত গ্ৰহণ কৰোৱাৰ লগতে ৬ মাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব। শুকুৰবাৰে নিশা প্ৰাক্তন মুখ্য ন্যায়াধীশ কাৰ্কীক ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে ৰাষ্ট্ৰপতি ভৱন শীতল নিৱাসত শপত গ্ৰহণ কৰোৱাই।বৰ্তমান সময়ত আন কাকো মন্ত্ৰী ঘোষণা কৰা হোৱা নাই।
 
আগন্তুক ছমাহৰ ভিতৰত সংসদৰ নতুন নিৰ্বাচন অনুষ্ঠিত হ’ব বুলিও ঘোষণা কৰিছে ৰাষ্ট্ৰপতিগৰাকীয়ে।একে সময়তে Gen-Z ৰ নেতাসকলেও এই চৰকাৰত যোগদান কৰিবলৈ অস্বীকাৰ কৰিছিল।তেওঁ কয় যে তেওঁ চৰকাৰত যোগদান নকৰে, বৰঞ্চ চৰকাৰৰ কাম-কাজ নিৰীক্ষণ কৰিব।
 
কাৰ্কীয়ে ১৯৫২ চনৰ ৭ জুনত বিৰাটনগৰত জন্মগ্ৰহণ কৰিছিল।তেওঁ ভাৰতৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয় (BHU)ৰ পৰা ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰিছিল। ১৯৭৫ চনত বি এইচ ইউৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত ডিগ্ৰী লাভ কৰে।ইয়াৰ পূৰ্বে  নেপালৰ এখন কলেজৰ পৰা ডিগ্ৰী লাভ কৰিছিল।
 
উল্লেখযোগ্য যে, ২০১৬ চনৰ ১১ জুলাইৰ পৰা ২০১৭ চনৰ ৬ জুনলৈকে নেপালৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কৰ্মৰত আছিল সুশীলা কাৰ্কীয়ে।