Through his music, Bhupen Da made India's culture resonate worldwide. Addressing a programme on his birth centenary in Guwahati. https://t.co/VAX8tjU0k8
— Narendra Modi (@narendramodi) September 13, 2025
প্ৰায় আধা ঘণ্টাৰ ভাষণত সংগীত সূৰ্য ড০ ভূপেন হাজৰিকাক 'ভূপেন দা' বুলি সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সুধাকণ্ঠই ভাৰতৰ আৱেগক কণ্ঠ দিছিল আৰু তেওঁৰ সংগীতে সমাজলৈ পৰিৱৰ্তন কঢ়িয়াই আনে। ভূপেন হাজৰিকাৰ কালজয়ী গীত আৰু জীৱন যাত্ৰাক দেশ-বিদেশলৈ লৈ যোৱাৰ ক্ষেত্ৰত তেওঁৰ চৰকাৰে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভূপেন দাৰ জীৱনত ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱ প্ৰতিফলিত হৈছিল আৰু তেওঁৰ সংগীতে ভাৰতক একত্ৰিত কৰি প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰিছিল।
"ভূপেন দাই ভাৰতৰ ঐক্যৰ বাবে সদায় মাত মাতিছিল। ভাৰতক একতা আৰু সংহতিৰ ডোলেৰে বান্ধি ৰাখিবলৈ তেওঁ অজস্ৰ দেশপ্ৰেমমূলক গীত সৃষ্টি কৰিছে। সাংস্কৃতিক সংযোগেৰে তেওঁ জাতিক একত্ৰিত কৰিছিল। ভূপেন দাক ভাৰত ৰত্ন প্ৰদানে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি আমাৰ চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।"-গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে কয়।Bhupen Da always gave voice to India's unity. pic.twitter.com/wlyV97gbuR
— PMO India (@PMOIndia) September 13, 2025
“নানা জাতি, উপজাতি ৰহণীয়া কৃষ্টি আঁকোৱালি হৈছিল সৃষ্টি এই মোৰ অসম দেশ”--অসমৰ বাৰেৰহনীয়া সংস্কৃতিৰ বিষয়ে সংগীতসূৰ্য, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাই গাই থৈ যোৱা এই কালজয়ী গীতটোৰ গভীৰতাৰ কথাও প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে। ভূপেন হাজৰিকাৰ আন এক চিৰস্মৰণীয় সৃষ্টি "মানুহে মানুহৰ বাবে"ৰ প্ৰসংগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে গীতৰ মাজেৰে ভূপেন দাই মানুহৰ মাজত মানৱতা, সদ্ভাৱ, সম্প্ৰীতি আৰু সৌহাৰ্দ্দ্যৰ শক্তিশালী বাৰ্তা বিয়পাইছিল।Ek Bharat, Shreshtha Bharat finds a powerful expression in the life of Dr Bhupen Hazarika. His music connects souls, transcending linguistic boundaries.
— Himanta Biswa Sarma (@himantabiswa) September 13, 2025
Today 1000+ artists relived some of his classics in Bharat’s multiple languages.
Such a delight !#BhupenDaAt100 pic.twitter.com/JSFE8xMPiD